কোকৰাঝাৰ ২২ মে সোমবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত বিটিআৰৰ চিৰাং জিলাই ৮৮৬৮ শতাংশ উত্তীৰ্ণ হাৰৰে ৰাজ্যখনৰ ভিতৰত প্ৰথম স্থান দখল কৰিছে Pramod Boro react on HSLC result । আনহাতে বাক্সা জিলাই ৮৪১৯ শতাংশ উত্তীৰ্ণৰ হাৰৰে পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হোৱাত সন্তুষ্টি প্ৰকাশ কৰিছে বিটিআৰৰ মুখ্য় কাৰ্যবাহী সদস্য় প্ৰমোদ বড়োই Chirang district top in HSLC exam ৷ সোমবাৰে কোকৰাঝাৰত আয়োজিত এখন সংবাদমেলত বিটিআৰ মুখ্য় কাৰ্যবাহী সদস্য় প্ৰমোদ বড়োই কয় যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰায়ভাগেই সময়েই শেষৰ স্থানত থকা চিৰাং জিলাই এইবাৰ শীৰ্ষ স্থান দখল কৰাটো বিটিআৰ তথা আমাৰ বাবে ভাল খবৰ ৷ এই সাফল্য়ৰ বাবে বিটিআৰ মুখ্য় কাৰ্যবাহী সদস্য়গৰাকীয়ে জিলাখনৰ শিক্ষা বিষয়া শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰী সকলক অভিনন্দন জ্ঞাপন কৰে ৷ সংবাদমলেত প্ৰমোদ বড়োই পুনৰ কয় যে যোৱা বৰ্ষৰ পৰা শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে তিনিবাৰকৈ বিটিআৰ ভ্ৰমণ কৰি বিটিআৰৰ শৈক্ষিক দিশটো আগুৱাই নিবলৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিল । তদুপৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বড়ো সাহিত্য সভাৰ অধিবেশনথলীত উপস্থিত থাকি বিটিআৰৰ বিশেষকৈ চিৰাং জিলাৰ শিক্ষাৰ মান পিচপৰা দিশটোক লক্ষ্য কৰি উদ্বিগ্নহৈ পৰিছিল । চিৰাঙক শিক্ষাৰ দিশত কেনেকৈ উন্নত কৰিব পৰা যায় তাৰ বাবে তেওঁ বিশেষ গুৰুত্ব দিছিল বুলিও কয় বিটিআৰৰ মুখ্য় কাৰ্যবাহী সদস্য়গৰাকীয়ে ৷তেওঁ কয় বিটিআৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সন্তোষজনক ফলাফলকলৈ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আজি ধন্যবাদ জ্ঞাপন কৰিছোঁ ৷ আনহাতে বড়োভূমিত বিগত ৩০৪০ বছৰে বন্দুক বাৰুদ উগ্ৰপন্থী মদ জুৱাৰ দৰে অসামাজিক কাৰ্যকলাপৰে পৰিবেশ ভাল নাছিল বুলি উল্লেখ কৰি প্ৰমোদ বড়োই কয় যে ইয়াৰ ফলত শিক্ষাৰ্থীসকলৰ ওপৰত মানসিক প্ৰভাৱ পৰিছিল ৷ কিন্ত যোৱা দুটা বৰ্ষত বিটিআৰত এক ভাল পৰিৱেশে বিৰাজ কৰা আৰু কষ্ট কৰিলে শিক্ষাৰ্থীসকলে ফল পাবই বুলি কয় প্ৰমোদ বড়োই ৷ বিটিআৰত গুণোৎসৱত চি আৰু ডি গ্ৰেড পোৱা বিদ্যালয় সমূহতো বিটিআৰ চৰকাৰে শিক্ষাৰ মান উন্নত কৰাৰ ওপৰত অচিৰে গুৰুত্ব দিয়া হ ব বুলি সদৰী কৰে প্ৰমোদ বড়োই ৷ লগতে পঢ়কAditya Singh Rajput ৰহস্যজনক অৱস্থাত উদ্ধাৰ অভিনেতা আদিত্য সিং ৰাজপুতৰ মৃতদেহ অতিমাত্ৰা ড্ৰাগছ সেৱনৰ সন্দেহ