ETV Bharat / entertainment

Aditya Singh Rajput : ৰহস্যজনক অৱস্থাত উদ্ধাৰ অভিনেতা আদিত্য সিং ৰাজপুতৰ মৃতদেহ; অতিমাত্ৰা ড্ৰাগছ সেৱনৰ সন্দেহ

author img

By

Published : May 23, 2023, 10:40 AM IST

Splitsvilla 9 ৰ পৰা খ্যাতি লাভ কৰা অভিনেতা আদিত্য সিং ৰাজপুতৰ মৃত্য়ু । ৩২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে ।

Mumbai: Model Actor Aditya Singh Rajput found dead in his apartment
টিভি অভিনেতা আদিত্য সিং ৰাজপুতৰ ৩২ বছৰ বয়সত মৃত্যু হয়

চিটাৰা ডেস্ক, 23 মে’: টিভি অভিনেতা আদিত্য সিং ৰাজপুতৰ সন্দৰ্ভত আহিছে এক চাঞ্চল্যকৰ খবৰ । MTV ৰ শ্ব’ Splitsvilla জৰিয়তে জনপ্ৰিয়তা অৰ্জন কৰা অভিনেতা আদিত্য সিং আৰু নাই (Aditya Singh Rajput Died) । সোমবাৰে মুম্বাইৰ আন্ধেৰীৰ বাসগৃহৰ পৰা বন্ধুবৰ্গই অচেতন অৱস্থাত থকা অভিনেতাগৰাকীক চিকিৎসালয়লৈ লৈ যায়, কিন্তু দুৰ্ভাগ্যবশতঃ চিকিৎসালয়ত চিকিৎসকে মৃত বুলি ঘোষণা কৰে অভিনেতাগৰাকীক ( Splitsvilla 9 fame Aditya Singh Rajput)।

মডেলিং আৰু কাষ্টিং ডাইৰেক্টৰ আছিল আদিত্য সিং

আদিত্য এজন সুপৰিচিত অভিনেতা, মডেল আৰু কাষ্টিং ডাইৰেক্টৰ আছিল (Aditya Singh Rajput Death)। আদিত্য সিং ৰাজপুতৰ মৃত্যুৰ খবৰত স্তম্ভিত হৈ পৰিছে তেওঁৰ অনুৰাগীসকল । খবৰ অনুসৰি সোমবাৰে বিয়লি আদিত্যক নিজৰ আন্ধেৰীৰ বাসৃগহৰ বাথৰুমত মৃত অৱস্থাত উদ্ধাৰ কৰা হয় । আদিত্যৰ বিষয়ে প্ৰথমে এজন বন্ধুৱে জানিব পাৰিছিল ৷ অট্টালিকাৰ ১১ নং মহলাত অভিনেতাজনৰ ঘৰ। অভিনেতাজনৰ মৃত্যুৰ তথ্য লাভ কৰাৰ পিচত বন্ধু তথা অট্টালিকাৰ চকীদাৰৰ সহায়ত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় কিন্তু চিকিৎসকে অভিনেতাজনক মৃত বুলি ঘোষণা কৰে ।

ৰুমমেটে প্ৰথমে আদিত্যক মৃত্যু হোৱা দেখিছিল

পুৱা ৰুমমেটজনে ঘৰ পাওঁতেই বাথৰুমৰ মজিয়াত পৰি থকা দেখা পায় আদিত্যক ৷ ইয়াৰ পিচতে হুৱা-দুৱা লাগে ৷ বন্ধুজনে উপায়বিহীন হৈ এজন চকীদাৰৰ সহায়ত ততাতৈয়াকৈ অভিনেতাজনক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে অভিনেতাজনক ৷ সূত্ৰৰ পৰা জানিব পৰা মতে ড্ৰাগছৰ অতিমাত্ৰা সেৱন অভিনেতাগৰাকীৰ মৃত্যুৰ কাৰণ হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে (Aditya Singh Rajput die due to drug overdose)।

আদিত্যৰ পৰিয়ালবৰ্গ দিল্লীত বসবাস কৰে ৷ ইফালে অভিনেতাগৰাকী মুম্বাইৰ আন্ধেৰী লোখণ্ডৱালাৰ লস্কৰিয়া হাইটছ নামৰ এটা অট্টালিকাত ৰুমমেটৰ সৈতে বাস কৰিছিল । মুম্বাই আৰক্ষীৰ অশিৱাৰা আৰক্ষী থানাই বিষয়টোৰ তদন্তৰ বাবে চিকিৎসালয়লৈ এটা দল প্ৰেৰণ কৰিছে (Aditya Singh Rajput found dead) । আৰক্ষীয়ে জনোৱা মতে, গোচৰটোত সন্দেহজনক কিবা উদ্ধাৰ হ’লে অধিক আইনী ব্যৱস্থা গ্ৰহণ কৰিব ।

আজি অন্ত্যেষ্টিক্ৰিয়া কৰা হ'ব আদিত্যৰ

আজি পুৱা ১১ বজাত আদিত্যৰ মৰণোত্তৰ পৰীক্ষা সিদ্ধাৰ্থ চিকিৎসালয়ত কৰা হ’ব আৰু পৰিয়ালক অৱগত কৰা হ’ব। জানিব পৰা মতে আজিয়েই অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা অভিনেতাজনৰ ।

ছ’চিয়েল মিডিয়াৰ শেষৰটো পোষ্টত এই কথা কৈছিল অভিনেতাগৰাকীয়ে

পাঁচদিন আগলৈকে অভিনেতাজন নিজৰ ইনষ্টাগ্ৰাম একাউন্টত সক্ৰিয় হৈ আছিল (Aditya Singh Rajput Wiki) । অভিনেতাজনে ছ’চিয়েল মিডিয়াত শেষৰটো পোষ্ট শ্বেয়াৰ কৰিছিল য’ত তেওঁ কৈছিল যে তেওঁৰ বাবে সুখৰ অৰ্থ কি । অভিনেতাজনে শ্বেয়াৰ কৰা ৰিলত তেওঁ কৈছিল যে তেওঁৰ বাবে সুখৰ অৰ্থ হ’ল মাকৰ হাতৰ পৰা খাদ্য খোৱা, কুকুৰৰ সৈতে সময় কটোৱা, বন্ধু-বান্ধৱীৰ সৈতে ছবি চোৱা আৰু মদ্যপান কৰা । কিন্তু টকাও গুৰুত্বপূৰ্ণ । কিন্তু আভ্যন্তৰীণ শান্তিও অতি গুৰুত্বপূৰ্ণ ।

উল্লেখ্য যে, উত্তৰাখণ্ডত জন্মগ্ৰহণ কৰা অভিনেতাজনে দিল্লীত বসতি স্থাপন কৰি প্ৰায় ২০ বছৰ পূৰ্বে গ্লেমাৰ উদ্যোগত মডেল তথা অভিনেতা হিচাপে কাম আৰম্ভ কৰিছিল। ৩০০ৰো অধিক বিজ্ঞাপন আৰু স্পটত চিনাকি মুখ হৈ পৰিছিল অভিনেতাজনে ৷

"ক্ৰান্তিবীৰ", "মেনে গান্ধী কো নাহি মাৰা", "প্ৰেম" আদি ছবিত অভিনয় কৰিছিল আদিত্যই । 'কেম্বালা ইনভেষ্টিগেচন এজেন্সী', 'স্প্লিটছভিলা - ৯', 'লাভ', 'আশিকি', 'কোড ৰেড', 'ৰাজপুতনা', 'আৱাজ-৯', 'বেড বয়ছ' আৰু বহুতো টিভি শ্ব’ত দেখা পোৱা গৈছিল অভিনেতাগৰাকীক ।

লগতে পঢ়ক: Sarath Babu Passed Away: দক্ষিণৰ অভিনেতা সাৰথ বাবু আৰু নাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.