Sarath Babu Passed Away: দক্ষিণৰ অভিনেতা সাৰথ বাবু আৰু নাই

author img

By

Published : May 22, 2023, 8:13 PM IST

Actor Sarath Babu passes away at 71 in Hyderabad

দক্ষিণ চলচ্চিত্ৰ উদ্যোগৰ প্ৰবীণ অভিনেতা সাৰথ বাবুৰ দেহাৱসান ৷ ৭১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীণ অভিনেতাগৰাকীয়ে । অভিনেতাগৰাকীৰ মৃত্যুৰ খবৰত শোকৰ ছাঁ পৰিছে চলচ্চিত্ৰ উদ্যোগটোত (Tamil actor Sarath Babu passes away)।

চিটাৰা ডেস্ক, 22 মে’: দক্ষিণ চলচ্চিত্ৰ উদ্যোগৰ পৰা আহিছে এটা দুখৰ খবৰ ৷ ইহলীলা সম্বৰণ কৰিলে টলিউডৰ প্ৰবীণ অভিনেতা সাৰথ বাবুৱে । মৃত্যুৰ সময়ত অভিনেতাগৰাকীৰ বয়স আছিল ৭১ বছৰ । এক সূত্ৰ অনুসৰি জানিব পৰা মতে, কিছুদিন ধৰি তেওঁ অসুস্থ হৈ আছিল আৰু হায়দৰাবাদত চিকিৎসাধীন হৈ আছিল ।

কিন্তু দুৰ্ভাগ্যবশতঃ চিকিৎসাৰ সময়তেই সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰে অভিনেত্ৰীগৰাকীয়ে । চিকিৎসকে প্ৰকাশ কৰে যে, তেওঁৰ সমগ্ৰ শৰীৰত চেপ্চিছ পোৱা গৈছে, যাৰ ফলত মৃত্যুক আঁকোৱালি লয় অভিনেতাগৰাকীয়ে ৷ বৃক্ক, হাওঁফাওঁ, যকৃত আৰু অন্যান্য অংগ বিকল হৈ পৰিছিল অভিনেতাগৰাকীৰ (Actor Sarath Babu passes away at 71)।

অভিনেতাগৰাকীৰ মৃত্যুৰ খবৰত শোকৰ ছাঁ পৰিছে চলচ্চিত্ৰ উদ্যোগটোত । ছ’চিয়েল মিডিয়াত পোষ্ট শ্বেয়াৰ কৰি সাৰথ বাবুৰ মৃত্যুত চলচ্চিত্ৰ আৰু ৰাজনৈতিক ব্যক্তিসকলে শোক প্ৰকাশ কৰিছে । সাৰথ বাবুৰ মৃতদেহ চেন্নাইলৈ নিয়াৰ ব্যৱস্থা কৰিছে পৰিয়ালৰ লোকে (Sarath Babu Passed Away)।

প্ৰয়াত অভিনেতাজন শ্ৰীকাকুলাম জিলাৰ আমাদলাভালাছৰ বিজয়শংকৰ দিক্ষিতুলু সুশিলাদেৱীৰ পুত্ৰ । সৰুৰে পৰাই আই পি এছ হোৱাৰ সপোন দেখি হঠাৎ নাটকৰ ক্ষেত্ৰখনলৈ ভৰি দিছিল । কলেজৰ দিনত তেওঁ বহু নাটকত অভিনয় কৰিছিল । ১৯৭৩ চনত মুক্তি পোৱা ‘ৰামৰাজ্যম’ ছবিখনেৰে নায়ক হিচাপে প্ৰথম খোজ দিছিল ছবিজগতত (Tamil actor Sarath Babu passes away) ৷

উল্লেখ্য যে, দ্বিতীয়খন ছবিত তেওঁ খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছিল (Veteran Tamil actor Sarath Babu passes away) । নায়কৰ পৰিৱৰ্তে খলনায়ক আৰু সহযোগী অভিনেতা হিচাপে ২৫০ খনতকৈও অধিক ছবিত অভিনয় কৰিছিল প্ৰবীণ অভিনেতাগৰাকীয়ে । 'এক অৰ ইতিহাস', 'গুপেদু মনসু', 'শ্ৰীংগৰা ৰাম', 'দিজ ইজ নট এ ষ্ট’ৰী', '৪৭ দিন', 'বাটাৰফ্লাই', 'সীতাৰা', 'অন্বেষণ', 'স্বতীমুথ্যাম', 'সাগৰসংগম', ' ‘সমসাৰাম’ এ ‘চাদৰংগম’, ‘ক্ৰিমিনেল’, ‘অন্নইয়া’ আদি বহু ছবিয়ে তেওঁক অভিনেতা হিচাপে ভাল স্বীকৃতি দিছিল ।

কেৱল ছবিতে নহয়, ধাৰাবাহিকতো সাৰথ বাবুৱে পাৰদৰ্শিতা দেখুৱাইছিল । ইটিভিত প্ৰচাৰিত ‘অন্তৰংগালু’ ধাৰাবাহিকখনে তেওঁক টেলিভিছনৰ দৰ্শকৰ ওচৰলৈ লৈ গৈছিল । অভিনেত্ৰী ৰামপ্ৰভাৰ সৈতে তেওঁৰ বিবাহ হৈছিল । কিন্তু ব্যক্তিগত কাৰণত বিয়াৰ কিছু সময়ৰ পাচতে দুয়োৰে বিচ্ছেদ ঘটে ।

লগতে পঢ়ক: Suchandra Dasgupta Death: এক দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে বঙালী টিভি জগতৰ অভিনেত্ৰী সুচন্দ্ৰা দাসগুপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.