ETV Bharat / state

Book release in Kokrajhar: কোকৰাঝাৰত বড়ো লেখিকা সন্থাৰ উদ্যোগত ১১ খনকৈ গ্ৰন্থ উন্মোচন

author img

By

Published : Oct 31, 2022, 10:42 AM IST

Book release at initiative of Bodo Writers Association in Kokrajhar
কোকৰাঝাৰত বড়ো লেখিকা সন্থাৰ উদ্যোগত ১১ খনকৈ গ্ৰন্থ উন্মোচন

কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বড়ো মহিলা লেখিকা সন্থাৰ উদ্যোগত দেওবাৰে অনুষ্ঠিত হয় এক গ্ৰন্থ উন্মোচনী সভা (Book release at initiative of Bodo Writers Association) ৷ এই গ্ৰন্থ উন্মোচনী সভাত ১১ খনকৈ বড়ো ভাষাৰ গ্ৰন্থ উন্মোচন কৰা হয় (Bodo Writers Association) ।

কোকৰাঝাৰ, 31 অক্টোবৰ: কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বড়ো মহিলা লেখিকা সন্থাৰ উদ্যোগত দেওবাৰে অনুষ্ঠিত হয় এক গ্ৰন্থ উন্মোচনী সভা (Book release at initiative of Bodo Writers Association) ৷ এই গ্ৰন্থ উন্মোচনী সভাত ১১ খনকৈ বড়ো ভাষাৰ গ্ৰন্থ উন্মোচন কৰা হয় (Bodo Writers Association) ।

বড়ো মহিলা লেখিকা সন্থাৰ সভানেত্ৰী অঞ্জু বসুমতাৰীয়ে আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ১১ খনকৈ বড়ো ভাষাৰ বিভিন্ন গ্ৰন্থ উন্মোচন কৰাৰ লগতে বড়ো মহিলা লেখিকা সন্থাৰ পষেকীয়া পত্ৰিকা "গাম্বাৰী" উন্মোচন কৰে (Book Unveiling ceremony in Kokrajhar)। উল্লেখ্য যে, গ্ৰন্থ উন্মোচনী অনুষ্ঠানতে ২০২১ বৰ্ষত সাহিত্য অকাডেমি (অনুবাদ) বঁটা প্ৰাপক ইন্দিৰা বড়ো আৰু পৱন বৰগয়াৰী সাহিত্য বঁটা প্ৰাপক উত্তৰা বসুমতাৰীক সন্থাৰ তৰফৰ আৰ’নাই আৰু মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে ।

কোকৰাঝাৰত বড়ো লেখিকা সন্থাৰ উদ্যোগত ১১ খনকৈ গ্ৰন্থ উন্মোচন

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক অনিল বড়ো (Anil Kumar Boro Professor of Gauhati University) আৰু বিশিষ্ট অতিথি হিচাপে শিশু সাহিত্য অকাডেমি বঁটা প্ৰাপক কৌশলা ব্ৰহ্ম (Childrens Literature Academy Award winner)।

লগতে পঢ়ক: নাৰেংগী হাইস্কুল প্ৰেক্ষাগৃহত 'বৃহত্তৰ নাৰেংগীৰ ইতিহাস' গ্ৰন্থ উন্মোচন

অনুষ্ঠানত উপস্থিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক অনিল বড়োৱে এই দিনটো অতিকৈ আনন্দ আৰু গৌৰৱৰ দিন বুলি অভিহিত কৰে । এই অনুষ্ঠানত উন্মোচন কৰা ১১ খন গ্ৰন্থ বি টি চি চৰকাৰৰ আৰ্থিক অনুদানেৰে প্ৰকাশ কৰা বুলি সদৰি কৰে বড়োৱে ।

আনহাতে বড়ো লেখিকা সন্থাৰ সভানেত্ৰী অঞ্জু বসুমতাৰীয়ে (Anju Basumatary President of Bodo Writers Association) ২০১৮ চনৰ ২২ মাৰ্চত বড়ো লেখিকা সন্থাৰ জন্ম হোৱা বুলি সদৰি কৰি উন্মোচন কৰা ১১ খন কিতাপৰ ভিতৰত কবিতা পুথি, ২১ গৰাকী মহিয়সী বড়ো মহিলাৰ আত্মজীৱনী, ছেমিনাৰ পেপাৰ আৰু গল্প পুথি আছে বুলি উল্লেখ কৰে ।

লগতে পঢ়ক: গ্ৰন্থ উন্মোচন সভাত উপস্থিত থাকি সামাজিক মাধ্যম সন্দৰ্ভত কি ক’লে কবি নীলিম কুমাৰে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.