ETV Bharat / city

নাৰেংগী হাইস্কুল প্ৰেক্ষাগৃহত 'বৃহত্তৰ নাৰেংগীৰ ইতিহাস' গ্ৰন্থ উন্মোচন

author img

By

Published : Jun 9, 2022, 4:30 PM IST

Updated : Jun 9, 2022, 6:12 PM IST

নাৰেংগী হাইস্কুলৰ প্ৰেক্ষাগৃহত বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক তথা আবৃত্তিকাৰ ড৹ অমৰজ্যোতি চৌধুৰীৰ দ্বাৰা 'বৃহত্তৰ নাৰেংগীৰ ইতিহাস' শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয়(Book on Narengi History released by Amarjyoti Choudhury) ৷

Book on Narengi History released by Dr. Amarjyoti Choudhury
নাৰেংগী হাইস্কুল প্ৰেক্ষাগৃহত 'বৃহত্তৰ নাৰেংগীৰ ইতিহাস' গ্ৰন্থ উন্মোচন

গুৱাহাটী, 9 জুন : বৃহত্তৰ নাৰেংগী অঞ্চলৰ ইতিহাস তথা ঐতিহাসিক সমলবোৰ তুলি ধৰি নতুন প্ৰজন্মৰ আগত চিনাকি কৰি দিয়াৰ উদ্দেশ্যে প্ৰকাশ কৰি উলিওৱা 'বৃহত্তৰ নাৰেংগীৰ ইতিহাস' নামৰ গ্ৰন্থখন বুধবাৰে নাৰেংগীত উন্মোচন কৰা হয় ।

বুধবাৰে বিশিষ্ট কবি ড৹ পূর্ণ ভট্টাচাৰ্যৰ সভাপতিত্বত নাৰেংগী হাইস্কুলৰ প্ৰেক্ষাগৃহত(Auditorium of Narengi High School) অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাত 'বৃহত্তৰ নাৰেংগীৰ ইতিহাস' গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক তথা আবৃত্তিকাৰ ড৹ অমৰজ্যোতি চৌধুৰীয়ে (Book on Narengi History released by Amarjyoti Choudhury)।

নাৰেংগী হাইস্কুল প্ৰেক্ষাগৃহত 'বৃহত্তৰ নাৰেংগীৰ ইতিহাস' গ্ৰন্থ উন্মোচন

লেখক প্ৰদীপ কলিতা আৰু মুকুল চন্দ্ৰ গোস্বামীয়ে সংকলন কৰা গ্ৰন্থখন উন্মোচন কৰি শিক্ষাবিদ ড৹ অমৰজ্যোতি চৌধুৰীয়ে কয় যে, "তাহানিৰ নাৰেংগীৰ কমলাবাগানত এখন কমলাৰ বাগান আছিল । সেই বাগানত মই কমলা খাইছিলোঁ ।" প্ৰাকৃতিক পৰিবেশৰে পৰিবেষ্টিত তাহানিৰ নাৰেংগী অতি প্ৰিয় ঠাই বুলি অভিহিত কৰি সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাই(Dr. Bhupen Hazarika) নাৰেংগীত নিৰ্ভেজাল অম্লজান বিচাৰি পোৱা বুলিও ভাষণ প্ৰসংগত তেওঁ উল্লেখ কৰে । লগতে নাৰেংগীৰ ইতিহাস দাঙি ধৰিবলৈ সক্ষম হোৱা গ্ৰন্থখন নতু প্ৰজম্মৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বাবে গৱেষণাৰ উৎস হ'ব বুলি আশা প্ৰকাশ কৰে ।

আনহাতে, দীপশিখা কলিতাৰ বৰগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটিৰ আঁত ধৰে লেখক মুকুল গোস্বামীয়ে । গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে প্ৰগতি প্ৰকাশনৰ প্ৰকাশক সুজিৎ কুমাৰ বৰুৱা, সমাজকৰ্মী নৱ তালুকদাৰ, ধৰ্মকান্ত ডেকা ।

লগতে পঢ়ক : আয়ুৰসুন্দ্ৰা চুপাৰ স্পেচিয়েলিটি হাস্পতালত পালন বিশ্ব ব্ৰেইন টিউমাৰ দিৱস

Last Updated : Jun 9, 2022, 6:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.