ETV Bharat / state

কোনে কোচ ৰাজবংশী সকলক ভোট বেংক হিচাপে ব্যবহাৰ কৰি আহিছে

author img

By

Published : Aug 31, 2020, 10:40 PM IST

'BJP has betrayed Koch Rajbongshis',says All Koch Rajbongshi Students' Union Chife Adviser Pradip Roy
কোচ ৰাজবংশীক চৰকাৰে ভোট বেংক হিচাপে ব্যবহাৰ কৰি আহিছেঃ আক্ৰাছু

বিজেপিয়ে কেৱল নিজৰ ৰাজনীতিৰ স্বাৰ্থত সময়ে সময়ে জনজাতিকৰণ আৰু কমতাপুৰ ইছ্যুক লৈ ৰাজনীতিকৰণ কৰি আহিছে ৷ এই গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা প্ৰদীপ ৰায়ে ৷ গোঁসাইগাঁৱত আয়োজিত এখন সংবাদমেলত বিজেপি নেতৃত্বাধীন চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে উপদেষ্টা প্ৰদীপ ৰায়ে ৷

কোকৰাঝাৰ, 31 আগষ্ট : কোচ ৰাজবংশী জনগোষ্ঠীক কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ৷ এই গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা প্ৰদীপ ৰায়ে ৷ গোঁসাইগাঁৱত আয়োজিত এখন সংবাদমেলত এই মন্তব্য প্ৰদান কৰে উপদেষ্টা প্ৰদীপ ৰায়ে ৷

তেওঁ আৰু কয় যে, বিজেপিয়ে কেৱল নিজৰ ৰাজনীতিৰ স্বাৰ্থত সময়ে সময়ে জনজাতিকৰণ আৰু কমতাপুৰ ইছ্যুক লৈ ৰাজনীতিকৰণ কৰি আহিছে ৷ কিন্তু শাসনৰ গাদী দখল কৰাৰ পিচতো কোচ ৰাজবংশীক জনজাতিকৰণৰ বাবে একো ব্যবস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল ৷ যাৰবাবে আগন্তক 2021 চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত প্ৰত্যুত্তৰ দিবলৈ সাজু বুলিও উপদেষ্টা গৰাকীয়ে সংবাদমেলত উল্লেখ কৰিলে ৷

কোচ ৰাজবংশীক চৰকাৰে ভোট বেংক হিচাপে ব্যবহাৰ কৰি আহিছেঃ আক্ৰাছু

আনহাতে, কোচ ৰাজবংশী স্বায়ত্ব শাসিত পৰিষদ চৰকাৰে নিজ ইচ্ছা অনুসৰি গঠন কৰি ৰাজবংশী জনগোষ্ঠীটোক বিভাজন কৰাৰ এক কৌশল বুলি অভিযোগ প্ৰদান কৰিছে উপদেষ্টা গৰাকীয়ে ৷

লগতে পঢ়ক : ডঃ হিমন্ত বিশ্ব শৰ্মা এতিয়া ফেক্টৰ নহয়: ৰূপজ্যোতি কুৰ্মী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.