ETV Bharat / state

ডঃ হিমন্ত বিশ্ব শৰ্মা এতিয়া ফেক্টৰ নহয়: ৰূপজ্যোতি কুৰ্মী

author img

By

Published : Aug 31, 2020, 4:26 PM IST

মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৰহাৰ এইমছ স্থাপনক কেন্দ্ৰ কৰি হোৱা আন্দোলনৰ সময়ত মৃত্যুক সাৱটি লোৱা মিণ্টু দেউৰীৰ পত্নীৰ অৱস্থাৰ বুজ লয় ৷ লগতে বিধায়কগৰাকীয়ে কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতা সন্দৰ্ভত পূৰ্বৰ স্থিতিতে অটল থকা বুলি প্ৰকাশ কৰে ৷

MLA Rupjyoti kurmi oppose Congress AIUDF allience nagaon assam etv bharat news
কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাৰ বিৰোধিতা ৰূপজ্যোতি কুৰ্মীৰ

ৰহা,31 আগষ্ট: কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতা সন্দৰ্ভত স্পষ্টভাৱে বিৰোধিতা কৰিছে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ ৰহাত এইমছ স্থাপনৰ দাবীত ২০১৬ চনত মধ্য অসমৰ ৰাইজে গঢ়ি তুলিছিল তীব্ৰ আন্দোলন ৷ এই আন্দোলনতে আৰক্ষীৰ গুলীত নিহত হৈছিল মিণ্টু দেউৰী নামৰ এগৰাকী ব্যক্তি ৷ দেউৰীৰ মৃত্যুৰ পিছতে অঞ্চলটোৰ পৰিস্থিতিৰ অধিক অৱনতি ঘটে আৰু ৰাজ্য চৰকাৰে বাধ্য হৈ ব্যক্তিগৰাকীৰ পত্নীক চাকৰি প্ৰদানৰ আশ্বাস প্ৰদান কৰিছিল ৷ আশ্বাস অনুসৰি চৰকাৰে ৰিজুমণিক ৰহা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চতুৰ্থ বৰ্গৰ পদত নিযুক্তি প্ৰদান কৰে ৷ কিন্তু সময়ত চৰকাৰৰ এই নিযুক্তি ভুৱা প্ৰমাণিত হয় ৷ বিগত ডেৰ বছৰে ৰিজুমণিয়ে লাভ নকৰিলে এটকাও বেতন ৷ দেওবাৰে কংগ্ৰেছ বিধায়কগৰাকীয়ে ৰহাৰ দৰঙীগাঁৱৰ বাসিন্দা তথা মিণ্টু দেউৰীৰ পত্নী ৰিজুমণি পাটৰক সাক্ষাৎ কৰি অৱস্থাৰ বুজ লোৱাৰ লগতে দহ হাজাৰ টকাৰ আৰ্থিক সাহায্য আগবঢ়ায় ৷ বিধায়ক ৰূপজ্যোতিয়ে চৰকাৰৰ এনে প্ৰতাৰণাক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷

উল্লেখ্য যে, বিধায়কগৰাকীয়ে কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতাৰ সন্দৰ্ভত পূৰ্বৰ স্থিতিতে অটল থকা বুলি প্ৰকাশ কৰে ৷ লগতে ড৹ হিমন্ত বিশ্ব শৰ্মা এতিয়া ৰাজনৈতিক ক্ষেত্ৰখনত কোনোধৰণৰ ফেক্টৰ নহয় বুলি বিতৰ্কিত মন্তব্য প্ৰকাশ কৰে ৷

কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাৰ বিৰোধিতা ৰূপজ্যোতি কুৰ্মীৰ

লগতে চাওকঃ পৰিত্যক্ত গুৱাহাটীৰ অভিলাষী বৈদ্যুতিক শ্মশান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.