ETV Bharat / state

36th Bodoland Martyrs Day observes : কোকৰাঝাৰত পালন ৩৬ সংখ্যক বড়োলেণ্ড শ্বহীদ দিৱস

author img

By

Published : Jun 12, 2023, 2:11 PM IST

36th Bodoland Martyrs Day observes
বড়োলেণ্ড আন্দোলনৰ প্ৰথম শ্বহীদ সুজিত নাৰ্জাৰীক স্মৰণ

আজি ৩৬ সংখ্যক বড়োলেণ্ড শ্বহীদ দিৱস ৷ বড়োলেণ্ড আন্দোলনৰ প্ৰথম শ্বহীদ সুজিত নাৰ্জাৰীক শ্ৰদ্ধা জনাই নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত কোকৰাঝাৰত পালন কৰা হয় বড়োলেণ্ড শ্বহীদ দিৱসৰ কাৰ্যসূচী ৷

আজি ৩৬ সংখ্যক বড়োলেণ্ড শ্বহীদ দিৱস

কোকৰাঝাৰ, ১২ জুন : আজি ১২ জুন ৷ নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আৰম্ভ হোৱা বড়োলেণ্ড আন্দোলন ইতিহাসৰ এটা অতিকে গুৰুত্বপূৰ্ণ দিন ৷ কিয়নো ১৯৮৭ চনৰ আজিৰ দিনটোত অৰ্থাৎ ১২ জুন তাৰিখে দুস্কৃতিকাৰীৰ আক্ৰমণত মৃত্যু হৈছিল পৃথক বড়োলেণ্ড আন্দোলনৰ প্ৰথম শ্বহীদ সুজিত নাৰ্জাৰীৰ ৷

তথ্য অনুসৰি, গুৱাহাটী মহানগৰীৰ এক গণ সমাৱেশত অংশগ্ৰহণ কৰি ঘৰমুৱা উভতনি যাত্ৰাত দুস্কৃতিকাৰীৰ আক্ৰমণত শ্বহীদ হৈছিল সুজিত নাৰ্জাৰী ৷ সেই দিনৰ পৰাই নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰত্যেক বছৰে আজিৰ দিনটোক বড়োলেণ্ড শ্বহীদ দিৱস উদযাপন কৰি অহা হৈছে ৷

36th Bodoland Martyrs Day observes
৩৬ সংখ্যক বড়োলেণ্ড শ্বহীদ দিৱস

বিগত বৰ্ষসমূহৰ লেখিয়াকৈ এইবাৰো কোকৰাঝাৰ চহৰৰ নিলগৰ ভাটিপাৰাস্থিত শ্বহীদ সুজিত নাৰ্জাৰীৰ সমাধি ক্ষেত্ৰত এবছুৰ উদ্যোগত সোমবাৰে আয়োজিত কৰা হৈছে ৩৬ সংখ্যক বড়োলেণ্ড শ্বহীদ দিৱস ৷ শ্বহীদ দিৱসৰ কাৰ্যসূচী অনুসৰি, এবছুৰ পতাকা অৰ্ধনমিতভাৱে উত্তোলন কৰা হয় ৷ তাৰ পাচতে সংগঠনটোৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি কৃপেশ দৈমাৰীৰ লগতে শ্বহীদ বেদীত পুষ্পাঞ্জলি অৰ্পণ কৰে ইউ এন একাডেমীৰ সঞ্চালক কৃষ্ণ গোপাল বসুমতাৰীয়েও ৷

লগতে পঢ়ক : BJP leader suspicious dead : গোৱালপাৰাত বিজেপি নেত্ৰী জোনালী নাথক হত্যা !

শ্বহীদ দিৱসৰ কাৰ্যসূচীত ইউপিপিএলৰ বিধায়ক ক্ৰমে লৰেন্স ইছলাৰী, বিধায়ক জিৰণ বসুমতাৰী, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹ সুবুংছাৰ বসুমতাৰী, বিপিএফৰ পাৰিষদ দনেশ্বৰ গয়াৰীয়ে উপস্থিত থাকি শ্বহীদ সুজিত নাৰ্জাৰীলৈ শ্ৰদ্বাঞ্জলি জ্ঞাপন কৰে ৷ লগতে এবছুৰ কোকৰাঝাৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক খাম্ফা বসুমতাৰীৰ উপৰিও বড়ো সাহিত্য সভা, বড়ো সমাজ আদি দল-সংগঠনৰ নেতৃবৃন্দইয়ো অংশগ্ৰহণ কৰি অশ্ৰুশিক্ত নয়নেৰে পুষ্পাঞ্জলি অৰ্পণ কৰি শ্বহীদ সুজিত নাৰ্জাৰীলৈ একাজলি শ্ৰদ্বাঞ্জলি জ্ঞাপন কৰে ৷

36TH BODOLAND MARTYRS DAY OBSERVATION
বড়োলেণ্ড আন্দোলনৰ প্ৰথম শ্বহীদ সুজিত নাৰ্জাৰীক স্মৰণ

উল্লেখ্য যে, বড়োলেণ্ড আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদৰ পিতৃ আছিল কোকৰাঝাৰ চহৰৰ ভাটিপাৰা নিৱাসী প্ৰয়াত মংগলসিং নাৰ্জাৰী আৰু মাতৃ লামেশ্বৰী নাৰ্জাৰী ৷

লগতে পঢ়ক : Cyclone Biparjoy updates : ধুমুহা আৰু বৃষ্টিপাতৰ কৱলত গুজৰাটৰ কেইবাখনো জিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.