ETV Bharat / state

BJP leader suspicious dead : গোৱালপাৰাত বিজেপি নেত্ৰী জোনালী নাথক হত্যা !

author img

By

Published : Jun 12, 2023, 9:01 AM IST

Updated : Jun 12, 2023, 1:05 PM IST

গোৱালপাৰাত বিজেপি নেত্ৰীৰ মৃতদেহ উদ্ধাৰ ! বিজেপি নেত্ৰী জোনালী নাথক হত্যা কৰি কৃষ্ণাইৰ শালপাৰাৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত পেলায় থৈ যোৱাৰ সন্দেহ ৷ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷

BJP leader suspicious dead
গোৱালপাৰাত বিজেপি নেত্ৰী জোনালী নাথক হত্যা !

গোৱালপাৰাত বিজেপি নেত্ৰী জোনালী নাথক হত্যা !

গোৱালপাৰা, 12 জুন : গোৱালপাৰাত নৃশংস হত্যাৰ বলি হ’ল বিজেপি নেত্ৰী ! গোৱালপাৰাৰ কৃষ্ণাইৰ শালপাৰাৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত উদ্ধাৰ বিজেপিৰ সক্ৰিয় কৰ্মী জোনালী নাথৰ মৃতদেহ ৷ দেওবাৰে নিশা উদ্ধাৰ কৰা হয় বিজেপি নেত্ৰীগৰাকীৰ মৃতদেহ । নাথক হত্যা কৰি ৰাষ্ট্ৰীয় ঘাইপথত পেলায় থৈ যোৱাৰ সন্দেহ কৰিছে ৰাইজে ৷

ঘটনাটো পোহৰলৈ অহাৰ পিচতে চাঞ্চল্য বিৰাজ কৰা পৰিলক্ষিত হয় জিলাখনত ৷ জিলাখনৰ বিজেপি নেতা কৰ্মীসকলে সক্ৰিয় বিজেপি কৰ্মীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে ৷ ইয়াৰোপৰি, ৰহস্যজনকভাৱে মৃত্যুক সাৱটি লোৱা জোনালী নাথৰ জিলা কমিটিৰ সৈতে থকা ওতঃপ্ৰোত সম্পৰ্কৰ কথা সোঁৱৰণ কৰে দলীয় কৰ্মীসকলে ৷

গোৱালপাৰা জিলা বিজেপিৰ সভাপতি ভৃগু ৰঞ্জন ৰাভা আৰু জিলা যুৱ মর্চাৰ সভাপতি পবিত্ৰ ৰাভাই সংবাদ মাধ্যমৰ যোগেদি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে আৰক্ষী আয়ুক্ত জি পি সিঙক দোষীক চিনাক্ত কৰি শাস্তি বিহাৰ বাবে দাবী জনায় ৷

ইতিমধ্যে জোনালী নাথৰ হত্যাকাণ্ড সন্দৰ্ভত আৰক্ষীয়ে ৰেজাউল কৰিম নামৰ এজন ব্যক্তিক আটক কৰিছে বুলি জানিবলৈ পৰা গৈছে । উল্লেখ্য যে, দেওবাৰে সন্ধিয়া প্ৰায় 5 বজাত গোৱালপাৰাৰ মাটিয়াৰ এখন হোটেলত শেষবাৰৰ বাবে ৰেজাউল কৰিমৰ সৈতে জোনালীক দেখা গৈছিল বুলি জানিবলৈ পৰা গৈছে । জোনালী নাথৰ পৰিয়ালৰ সদস্যই এয়া পূৰ্ব পৰিকল্পিত ৰাজনৈতিক হত্যাকাণ্ড বুলি দাবী কৰাৰ সময়তে ঘটনাৰ প্ৰাথমিক তথ্যত জোনালী আৰু ৰেজাউলৰ কিছু আৰ্থিক লেনদেন আছিল বুলিও খবৰ পোহৰলৈ আহিছে ।

এজন লোকক আটক কৰা হৈছে যদিও জোনালী নাথ হত্যাকাণ্ড সন্দৰ্ভত আৰক্ষীয়ে কোনো বক্তব্য প্ৰদান কৰা নাই । আৰক্ষীৰ তদন্তৰ পিছতহে সবিশেষ পোহৰলৈ অহাৰ আশা কৰা হৈছে । অৱশ্যে জোনালীক ধৰ্ষণ কৰি হত্যা কৰা বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে ।

উল্লেখ্য যে, জোনালী নাথ বিজেপি দলৰ গোৱালপাৰা জিলাৰ সম্পাদিকা আছিল । বিজেপি কৰ্মীগৰাকীৰ ঘৰ গোৱালপাৰা জিলাৰ মাটিয়াত ।

লগতে পঢ়ক : Wrestler Vinesh Phogat Allegation Government; চৰকাৰে ব্ৰীজ ভূষণ সিঙক সুৰক্ষা দিবলৈ চেষ্টা চলাইছে : বিনেশ ফ’গাট

Last Updated : Jun 12, 2023, 1:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.