ETV Bharat / state

5 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Feb 19, 2022, 4:58 PM IST

5 বজাৰ শীৰ্ষ দহটা বাতৰি

5 বজাৰ শীৰ্ষ দহটা বাতৰি
5 বজাৰ শীৰ্ষ দহটা বাতৰি

Municipal Election 2022: ৰাজনীতিৰ পথাৰত জীতেন গগৈ তনয়ৰ প্ৰথম খোজ

ৰাজনৈতিক পথাৰত প্ৰথম খোজ দিলে জিতেন গগৈ তনয় মনদ্বীপ গগৈয়ে (Jitin Gogoi's son Mandeep Gogoi's first step in the political field) ৷ ৰাজনীতিৰ সমান্তৰালকৈ অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবেও মনদ্বীপে চলাই আছে প্ৰস্তুতি ৷

টিকটৰ নামত বিজেপিৰ জিলা পৰ্যায়ৰ নেতাৰ ধন সংগ্ৰহ: শিলাদিত্য দেবৰ প্ৰতিক্ৰিয়া

হোজাই জিলাৰ লংকা পৌৰসভা নিৰ্বাচনত প্ৰাৰ্থীক টিকট দিয়া নামত বিজেপিৰ জিলা পৰ্যায়ৰ নেতাই ধন সংগ্ৰহ কৰাৰ ওক গুৰুতৰ অভিযোগ উত্থাপন হৈছিল(Raising money by BJP district-level leader) ৷ বিজেপিৰ টিকট বঞ্চিত প্ৰাৰ্থী অভিজিৎ দেৱে উত্থাপন কৰিছিল এই অভিযোগ ৷ ইয়াৰ পাছতেই বিভিন্ন সংংবাদ মাধ্যম আৰু ৱেব পৰ্টেলত প্ৰকাশ পায় এই তথ্য ৷

বৰপেটাত চলিছে মাদ্ৰাছা শিক্ষা প্ৰচাৰৰ প্ৰয়াস...!

বৰপেটা জিলাৰ বাইছা গাঁৱত কেৰালাৰ দাৰুল হুদা ইছলামিক বিশ্ববিদ্যালয়ৰ অসম কেম্পাছ স্থাপন কৰা হৈছে (DHIU Assam campus at Barpeta)। ৩০০ ৰো অধিক শিক্ষাৰ্থী আছে অসম কেম্পাছত । সাধাৰণ শিক্ষাৰ লগতে ধৰ্মীয় শিক্ষা প্ৰদান কৰা হয় বিশ্ববিদ্যালয়খনত । দুই কোটিৰো অধিক টকা ব্যয় সাপেক্ষে কেম্পাছত নিৰ্মাণ কৰা হৈছে মছজিদ ।

আৰক্ষীৰ চকুত ধূলি দি চিকিৎসাধীন অৱস্থাৰ পৰাই পলাল গুলীবিদ্ধ সুমন

বৰপেটাত অঘটন ৷ আৰক্ষীৰ চকুত ধূলি দি বৰপেটা মেডিকেল কলেজ হাস্পতালৰ পৰা পলায়ন গুলীবিদ্ধ গাঞ্জা ব্যৱসায়ী সুমন নমো (Escape of bullet injured criminals from hospital) ৷ ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তেজনা ৷ এই সন্দৰ্ভত নিমাত বৰপেটা আৰু কোকৰাঝাৰ আৰক্ষী ৷

গৰুখুটিৰ উচ্ছেদিত লোকক ভূমি দি সংস্থাপন কৰাক লৈ ক্ষোভিত হৈছে আছু

দৰং জিলাৰ ছিপাঝাৰৰ ধলপুৰ, গৰুখুটি অঞ্চলত চৰকাৰী ভূমিৰ পৰা উচ্চেদিত লোক সকলক (evicted people of Garukhuti) অসম চৰকাৰে দলগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত শ্যামপুৰত এবিঘাকৈ ভূমি আবন্টত দি সংস্থাপিত কৰাৰ ( (allocation of land for evicted people of Garukhuti ) বিৰুদ্ধে গৰজি উঠিছে সদৌ অসম ছাত্র সন্থা ।

Manipur assembly election 2022: মণিপুৰৰ ভোটাৰক কি কি প্ৰতিশ্ৰুতি দিলে স্মৃতি ইৰাণীয়ে ?

অহা ২৮ ফেব্ৰুৱাৰী আৰু ৫ মাৰ্চত অনুষ্ঠিত হ'ব মণিপুৰৰ বিধানসভা নিৰ্বাচন (Manipur assembly election 2022)। শাসকীয় বিজেপিৰ নিৰ্বাচনী প্ৰচাৰত ভাগ লৈছে তাৰকা প্ৰচাৰকে । বিজেপি প্ৰাৰ্থী ওক্ৰাম হেনৰী সিঙৰ হৈ প্ৰচাৰ চলাইছে স্মৃতি ইৰাণীয়ে । মণিপুৰত পুনৰ বিজেপি শাসনলৈ আহিলে কৃষক, যুৱ সমাজক কি কি সুবিধা দিব চৰকাৰে ? ভোটাৰক আকৰ্ষণ কৰাৰ বাবে কি কি ঘোষণা কৰিলে স্মৃতি ইৰাণীয়ে ?

কামৰূপ এক্সপ্ৰেছৰ পৰা উদ্ধাৰ ১৪ কিলোগ্ৰাম গাঞ্জা

ডিব্ৰুগড়ত ৰেলৱে সুৰক্ষা বাহিনীয়ে শনিবাৰে হাওৰাৰ পৰা ডিব্ৰুগড়মুখী কামৰূপ এক্সপ্ৰেছৰ পৰা প্ৰায় ১৪ কিলোগ্ৰাম নিষিদ্ধ গাঞ্জা জব্দ কৰে(Dibrugarh Railway police seize Ganja) ৷ জব্দকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় এক লাখ টকা হ’ব বুলি ৰেলৱে আৰক্ষীয়ে জানিবলৈ দিয়ে(Huge amount of Ganja recovered at Dibrugarh) ৷ অৱশ্যে ৰেলৱে আৰক্ষীৰ অভিযানৰ সময়ত পলায়ন কৰিবলৈ সক্ষম হয় গাঞ্জা সৰবৰাহকাৰীকেইটা ৷

অইলৰ কাৰিকৰী বনুৱা নিযুক্তি বিসংগতি : দুলীয়াজানত দল-সংগঠনৰ প্ৰতিবাদ

অইলৰ কাৰিকৰী বনুৱা নিযুক্তিৰ(OIL recruitment examination)কম্পিউটাৰ পৰীক্ষাত সংঘটিত হোৱা বিসংগতিৰ বাবে দুলীয়াজানত বিভিন্ন দল সংগঠনৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত ৷

হিমালয়ৰ সাধুক গোপন বিত্তীয় তথ্য প্ৰদান কৰি CBI ৰ ৰোষত NSE ৰ প্ৰাক্তন মুৰব্বী চিত্ৰা ৰামকৃষ্ণ

National Stock Exchange চমুকৈ NSE ৰ প্ৰাক্তন মুৰব্বী চিত্ৰা ৰামকৃষ্ণক শুকুৰবাৰে চিবিআইয়ে সুবিধাৰ অপব্যৱহাৰৰ অভিযোগত ১২ ঘণ্টা ধৰি সোধা-পোছা কৰে ( CBI questioned former NSE CEO Chitra Ramkrishna) । দেশৰ সৰ্ববৃহৎ ষ্টক এক্সচেঞ্জ NSE ৰ প্ৰাক্তন মুৰব্বী গৰাকীৰ বিৰুদ্ধে আছেহিমালয়ৰ এগৰাকী সাধুক গোপনীয় বিত্তীয় তথ্য প্ৰদান কৰাৰ লগতে সুবিধাৰ অপব্যৱহাৰৰ অভিযোগ ৷

বহুদিনীয়া হাবিয়াস পূৰণ হ’ল দক্ষিণৰ তাৰকা প্ৰভাসৰ

চাইন্স ফিক্ছন ছবি 'প্ৰজেক্ট কে'ত দীপিকা পাডুকন আৰু বলীউড মেগাষ্টাৰ অমিতাভ বচ্চনৰে সৈতে অভিনয় কৰিছে দক্ষিণৰ তাৰকা প্ৰভাসে ৷ অলপতে হায়দৰাবাদত দীপিকা পাডুকনৰ সৈতে ছবিখনৰ এটা ভাগৰ শ্বুটিং শেষ কৰা প্ৰভাসে পোন প্ৰথমবাৰৰ বাবে বিগ বিৰ সৈতে অভিনয় কৰি কি ক’লে (Prabhas commenting on Big B) জানো আহকচোন...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.