ETV Bharat / state

টিকটৰ নামত বিজেপিৰ জিলা পৰ্যায়ৰ নেতাৰ ধন সংগ্ৰহ: শিলাদিত্য দেবৰ প্ৰতিক্ৰিয়া

author img

By

Published : Feb 19, 2022, 3:43 PM IST

হোজাই জিলাৰ লংকা পৌৰসভা নিৰ্বাচনত প্ৰাৰ্থীক টিকট দিয়া নামত বিজেপিৰ জিলা পৰ্যায়ৰ নেতাই ধন সংগ্ৰহ কৰাৰ ওক গুৰুতৰ অভিযোগ উত্থাপন হৈছিল(Raising money by BJP district-level leader) ৷ বিজেপিৰ টিকট বঞ্চিত প্ৰাৰ্থী অভিজিৎ দেৱে উত্থাপন কৰিছিল এই অভিযোগ ৷ ইয়াৰ পাছতেই বিভিন্ন সংংবাদ মাধ্যম আৰু ৱেব পৰ্টেলত প্ৰকাশ পায় এই তথ্য ৷

Shiladitya Dev Gave His Reaction over money laundering
শিলাদিত্য দেবৰ প্ৰতিক্ৰিয়া

হোজাই, 19 ফেব্ৰুৱাৰী : হোজাই জিলাৰ লংকা পৌৰসভা নিৰ্বাচনত 2022(Assam Municipal Election 2022) প্ৰাৰ্থীক টিকট দিয়া নামত বিজেপিৰ জিলা পৰ্যায়ৰ নেতাৰ ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ তাৎপৰ্যপূৰ্ণভাৱে এই অভিযোগ আনিছিল ভাৰতীয় জনতা পাৰ্টিৰ টিকটৰ পৰা বঞ্চিত প্ৰাৰ্থী অভিজিৎ দেৱে । ৰাজ্যৰ কেইবাখনো আগশাৰী বাতৰি কাকতৰ লগতে কেইবাটাও টিভি চেনেল আৰু ৱেব পৰ্টেলত প্ৰকাশ পাইছিল উক্ত বাতৰিটো ।

হোজাইৰ প্ৰাক্তন বিধায়ক তথা ভাষিক সংখ্যালঘু মৰ্চাৰ অধ্যক্ষ শিলাদিত্য দেৱে উক্ত ঘটনা সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে (Shiladitya Dev on raising money) ৷ ভাষিক সংখ্যালঘু মৰ্চাৰ অধ্যক্ষ গৰাকীয়ে যদিহে ধন লোৱা অভিযোগ আহিছে, তেন্তে ই এক চিন্তনীয় বিষয় বুলি উল্লেখ কৰে ৷ তেওঁ পূৰ্বেও এনে অভিযোগ আহিছিল বুলি মন্তব্য কৰি দলে এই ক্ষেত্ৰত বিচাৰ কৰি চাব বুলি জানিবলৈ দিয়ে ।

শিলাদিত্য দেবৰ প্ৰতিক্ৰিয়া

আনহাতে মুখ্যমন্ত্ৰীৰ কথাত কথা মিলাই শিলাদিত্যই কয় যে, পৌৰসভাই হওক বা পঞ্চায়তেই হওক ভাল মানুহ জিকি আহিব লাগে । ভাল মানুহক টিকট দিব লাগে । তেওঁ লগতে কয় যে, এইটোৱে চাগে অন্তিম নিৰ্বাচন যিটো নিৰ্বাচনত দলৰ প্ৰতীক চিহ্নিত খেলা হ’ব । আগন্তুক পাঁচ বছৰৰ পিছত এই পদ্ধতিটো সলনি হ’ব । কাৰণ মুখ্যমন্ত্ৰীয়ে নিজে এই মন্তব্য কৰিছে ।

প্ৰাক্তন বিধায়কগৰাকীয়ে লগতে কয় যে, পৃথিৱীৰ ভিতৰত সকলোতকৈ ডাঙৰ ৰাজনৈতিক দল হ’ল বিজেপি দল (Big political party BJP party) । ডাঙৰ দল হিচাপে আমাৰ কৰ্মকৰ্তাও বহুত । কাৰ্যকৰ্তাসকলে পৌৰসভা আৰু পঞ্চায়ত নিৰ্বাচনতেই খেলিবলৈ সুবিধা পায় ৷ তাতো যদি বাধা দিয়া হয় তেতিয়া হ’লে বহু কৰ্মীয়ে দুখ পায় ।

লগতে পঢ়ক : আমছুৱে বাংলাদেশী মুছলমানৰ হৈ কাম কৰে: শিলাদিত্য দেৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.