ETV Bharat / state

বৰপেটাত চলিছে মাদ্ৰাছা শিক্ষা প্ৰচাৰৰ প্ৰয়াস...!

author img

By

Published : Feb 19, 2022, 3:45 PM IST

বৰপেটা জিলাৰ বাইছা গাঁৱত কেৰালাৰ দাৰুল হুদা ইছলামিক বিশ্ববিদ্যালয়ৰ অসম কেম্পাছ স্থাপন কৰা হৈছে (DHIU Assam campus at Barpeta)। ৩০০ ৰো অধিক শিক্ষাৰ্থী আছে অসম কেম্পাছত । সাধাৰণ শিক্ষাৰ লগতে ধৰ্মীয় শিক্ষা প্ৰদান কৰা হয় বিশ্ববিদ্যালয়খনত । দুই কোটিৰো অধিক টকা ব্যয় সাপেক্ষে কেম্পাছত নিৰ্মাণ কৰা হৈছে মছজিদ ।

DHIU
বৰপেটাত চলিছে মাদ্ৰাছা শিক্ষা প্ৰচাৰৰ প্ৰয়াস

বৰপেটা,১৯ ফেব্ৰুৱাৰী : অসমত মাদ্ৰাছা শিক্ষানুষ্ঠান বন্ধৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সময়ত চেষ্টা চলোৱা দেখা গৈছে । মুখ্যমন্ত্ৰীগৰাকী এই ক্ষেত্ৰত কঠোৰ হোৱাও দেখা গৈছে । কিন্তু ইয়াৰ মাজতো বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ বাইছা নামৰ এখন ভিতৰুৱা গাঁৱৰ পৰা ৰাজ্যত ইছলামিক শিক্ষা বিস্তাৰৰ প্ৰয়াস চলিছে ৷ ইছলামিক শিক্ষা প্ৰসাৰৰ লগতে বিশাল মছজিদ স্থাপনেৰে বাইছা গাঁওখন ইছলামিক শিক্ষাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস ইছলামিক বিশ্ববিদ্যালয়ৰ ৷

বাইছা নামৰ ভিতৰুৱা গাঁওখনত কেৰালাৰ দাৰুল হুদা ইছলামিক বিশ্ববিদ্যালয়ৰ (Darul Huda Islamic University) অসম কেম্পাছ স্থাপন কৰি মাদ্ৰাছা শিক্ষাৰ লগতে সাধাৰণ শিক্ষা বিস্তাৰৰো প্ৰয়াস চলোৱা হৈছে ৷ ২০১৩ চনতে স্থাপন কৰা কেৰালাৰ দাৰুল হুদা ইছলামিক বিশ্ববিদ্যালয়ৰ অসম কেম্পাছত প্ৰায় তিনি শতাধিক শিক্ষাৰ্থীয়ে অধ্যয়ন কৰি আছে ৷ চিবিএছইৰ (CBSE) অধীনত সম্পূৰ্ণ ইংৰাজী মাধ্যমত ষষ্ঠ শ্ৰেণীৰ পৰা স্নাতকোত্তৰ শ্ৰেণীলৈ শিক্ষাদান কৰা হয় ৷

বৰপেটাত চলিছে মাদ্ৰাছা শিক্ষা প্ৰচাৰৰ প্ৰয়াস

ইফালে বিশ্ববিদ্যালয়খনৰ অসম কেম্পাছটোত (DHIU Assam campus at Barpeta) ছাত্ৰীসকলৰ বাবেও সুকীয়াকৈ শিক্ষাদানৰ ব্যৱস্থা আছে ৷ আনহাতে ছাত্ৰৰ দৰেই পৰৱৰ্তী সময়ত ছাত্ৰীসকলৰ বাবেও হোষ্টেল নিৰ্মাণৰ পৰিকল্পনা হাতত লৈছে বিশ্ববিদ্যালয়খনে ৷ শেহতীয়াভাৱে বিশ্ববিদ্যালয় কেম্পাছটোৰ সৈতে নিৰ্মাণ কৰা হৈছে এটা বৃহৎ আকাৰৰ মছজিদ ৷

দুই কোটিৰো অধিক টকা ব্যয়েৰে তিনি বছৰৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি তোলা মছজিদটোৰ মুকলি অনুষ্ঠানত কেৰালাৰ বহু বিশিষ্ট লোকৰ উপৰিও বৰপেটাৰ কংগ্ৰেছ সাংসদ আব্দুল খালেক, চেঙাৰ এআইইউডিএফ (AIUDF) বিধায়ক আশ্ৰাফুল হুছেইন আদিয়েও অংশগ্ৰহণ কৰে ৷ যিসময়ত ৰাজ্য চৰকাৰে ৰাজ্যত চৰকাৰী মাদ্ৰাছা বন্ধৰ প্ৰয়াস চলাইছে তেনে সময়তে সম্পূৰ্ণ বিনামূলীয়াকৈ কেৰালাৰ পৰা ৰাজ্যত চলি থকা ইছলামিক শিক্ষাৰ প্ৰচাৰৰ প্ৰয়াস নিশ্চয়কৈ চৰ্চাৰ বিষয় হৈ পৰিছে ৷


লগতে পঢ়ক :পথৰ নামাকৰণক লৈ লোৱা প্ৰথমটো খোজতেই লাগিল খেলি-মেলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.