ETV Bharat / state

3 কোটি টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ ৰাতাবাৰী আৰক্ষীৰ

author img

By

Published : Nov 17, 2021, 10:45 PM IST

বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেটৰ লগতে এগৰাকী সৰবৰাহকাৰীক আটক কৰে ৰাতাবাৰী আৰক্ষীয়ে ৷ এক গোপন সূত্ৰৰ পম খেদি নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাইছিল ৰাতাবাৰী আৰক্ষীয়ে ৷

Ratabari police seized narcotics
3 কোটি টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ ৰাতাবাৰী আৰক্ষীৰ

কৰিমগঞ্জ, 17 নৱেম্বৰ : বুধবাৰে বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেটৰ লগতে এগৰাকী সৰবৰাহকাৰীক আটক কৰে ৰাতাবাৰী আৰক্ষীয়ে ৷ এক গোপন সূত্ৰৰ পম খেদি নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাইছিল ৰাতাবাৰী আৰক্ষীয়ে ৷

ৰাতাবাৰী আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, আটকাধীন সৰবৰাহকাৰীটোৰ নাম বুৰহান উদ্দিন ৷ জব্দ কৰা নিচাজাতীয় টেবলেটখিনিৰ মূল্য হৈছে প্ৰায় তিনি কোটি টকা ৷ ৰাতাবাৰীৰ ভেটাৰবন্দ অঞ্চলৰ পৰা নিচাজাতীয় সামগ্ৰী সহ সৰবৰাহকাৰীটোক আটক কৰে আৰক্ষীয়ে ৷

ইফালে, অভিযানত নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ বাবে ব্যৱহাৰ কৰা এখন চাৰিচকীয়া বাহনো জব্দ কৰে আৰক্ষীয়ে ৷ বাহনখনৰ নম্বৰ হৈছে KA-01AF-4359 ৷ টেবলেটখিনি কৰিমগঞ্জৰ নিলামবজাৰত বিক্ৰীৰ বাবে সৰবৰাহ কৰা হৈছিল বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ ধৃত বুৰহানৰ ঘৰ কৰিমগঞ্জৰ ছালেপুৰ গাঁৱত ৷

লগতে পঢ়ক: Assam Accord: অসম চুক্তিৰ দফাসমূহ ৰূপায়ণৰ বাবে চৰকাৰ বদ্ধপৰিকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.