Assam Accord: অসম চুক্তিৰ দফাসমূহ ৰূপায়ণৰ বাবে চৰকাৰ বদ্ধপৰিকৰ

author img

By

Published : Nov 17, 2021, 8:39 PM IST

Assam Accord

জনতা ভৱনত মন্ত্ৰী অতুল বৰাৰ অধ্যক্ষতাত গঠিত উপ-সমিতিৰ দ্বিতীয়খন বৈঠক । বৈঠকত বিদেশী সমস্যা সমাধান তথা বিদেশীৰ সৈতে জড়িত প্ৰশাসনিক ব্যৱস্থাটো শক্তিশালী আৰু আসোঁৱাহমুক্ত কৰা, এন আৰ চিক বিদেশী নামমুক্ত কৰা, বিদেশী ন্যায়াধীকৰণসমূহ শক্তিশালী কৰা, বিদেশীৰ ক্ষেত্ৰত চৰকাৰ কঠোৰ হোৱা আদি বহুতো গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা ।

গুৱাহাটী, ১৭ নৱেম্বৰ: ঐতিহাসিক অসম চুক্তিৰ দফাসমূহ সম্পূৰ্ণ ঐকান্তিকতা আৰু সদিচ্ছাৰে ৰূপায়ণ কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন আমাৰ মিত্ৰজোঁটৰ চৰকাৰ বদ্ধপৰিকৰ । এই বক্তব্য অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰাৰ । অসম চুক্তিৰ দফাসমূহৰ ফলপ্ৰসূ ৰূপায়ণৰ লক্ষ্যৰে ৭ ছেপ্তেম্বৰত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অসম চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গৰ মাজত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল ।

সেই বৈঠকতে চুক্তিৰ দফাসমূহ ৰূপায়ণৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণৰ উদ্দেশ্যে মন্ত্ৰী অতুল বৰাৰ অধ্যক্ষতাত এখন উপ-সমিতি গঠন কৰা হৈছিল । সেই অনুসৰি, প্ৰতি ১৫ দিনৰ অন্তৰে অন্তৰে উপ-সমিতিৰ একোখনকৈ বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল । সেই মৰ্মে বুধবাৰে গুৱাহাটীৰ জনতা ভৱনত উপ-সমিতিৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত কৰা হয় ।

Assam Accord
অসম চুক্তি ৰূপায়ণৰ বাবে চৰকাৰ বদ্ধপৰিকৰ

বুধবাৰে সভাত মূলতঃ ঐতিহাসিক অসম চুক্তিৰ ৫ নং দফাৰ লগতে বহুকেইটা বিষয় সন্দৰ্ভত পুংখানুপুংখভাৱে আলোচনা কৰা হয় । সভাত সীমান্তৰ দ্বিতীয় শাৰীৰ প্ৰতিৰক্ষা অধিক কটকটীয়া কৰা, বিদেশী সমস্যা সমাধান তথা বিদেশীৰ সৈতে জড়িত প্ৰশাসনিক ব্যৱস্থাটো শক্তিশালী আৰু আসোঁৱাহমুক্ত কৰা, এন আৰ চিক বিদেশী নামমুক্ত কৰা, বিদেশী ন্যায়াধীকৰণসমূহ শক্তিশালী কৰা, বিদেশীৰ ক্ষেত্ৰত চৰকাৰ কঠোৰ হোৱা আদি বহুতো গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰা হয় ।

Assam Accord
সম চুক্তিৰ দফাসমূহ ৰূপায়ণৰ বাবে চৰকাৰে দায়ৱদ্ধতাৰে কাম কৰিব

লগতে পঢ়ক : সন্দেহজনক পি এইচ ডি ডিগ্ৰীধাৰী শিক্ষকৰ প্ৰমাণপত্ৰ পুনৰ পৰীক্ষা কৰাৰ নিৰ্দেশ

তদুপৰি এন আৰ চিৰ পুনৰীক্ষণৰ বাবে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰি উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল কৰিবলৈ সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দই দিয়া পৰামৰ্শ সন্দৰ্ভতো আলোচনা কৰা হয় । অসমীয়া জাতিৰ স্বাভিমান জড়িত অসম চুক্তিৰ দফাসমূহ ৰূপায়ণৰ বাবে চৰকাৰে একাগ্ৰতা আৰু সম্পূৰ্ণ দায়ৱদ্ধতাৰে কাম কৰি যাব বুলি মন্ত্ৰী অতুল বৰাই সদৰি কৰে । সভাত উপ-সমিতিখনৰ সদস্যসকল ক্ৰমে মন্ত্ৰী অজন্তা নেওগ, মন্ত্ৰী পীযুষ হাজৰিকা, আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক শ্ৰী শংকৰজ্যোতি বৰুৱা, উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাস আৰু উদ্দীপজ্যোতি গগৈ উপস্থিত আছিল ।

তদুপৰি বৈঠকত উপস্থিত থাকে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান মুকেশ আগৰৱালা, অসম চুক্তি ৰূপায়ণ বিভাগৰ আয়ুক্ত-সচিব জ্ঞানেন্দ্ৰ ত্ৰিপাঠী, গৃহ-ৰাজনৈতিক বিভাগৰ সচিব দিগন্ত বৰা, অসম চুক্তি ৰূপায়ণ বিভাগৰ অতিৰিক্ত সচিব জি এছ পানেচাৰ, বিশেষ কৰ্তব্যৰত বিষয়া জয়ন্ত কুমাৰ গোস্বামী, উপ-সচিব কে চি বেজবৰুৱা, উপ সচিব সুজাতা সুচিব্ৰতা, অৱৰ সচিব বি পি দেউৰী প্ৰমুখ্যে অন্যান্য বিষয়াসকল ।

লগতে পঢ়ক : NIPUN Axom : 2022ৰ পৰা মহাবিদ্যালয়ত নাথাকিব উচ্চতৰ মাধ্যমিক শ্ৰেণী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.