ETV Bharat / city

সন্দেহজনক পি এইচ ডি ডিগ্ৰীধাৰী শিক্ষকৰ প্ৰমাণপত্ৰ পুনৰ পৰীক্ষা কৰাৰ নিৰ্দেশ

author img

By

Published : Nov 17, 2021, 6:32 PM IST

Order to re-examine certificate of teacher with suspected PhD degree
সন্দেহজনক পি এইচ ডি ডিগ্ৰীধাৰী শিক্ষকৰ প্ৰমাণপত্ৰ পুনৰ পৰীক্ষা কৰাৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ

কইনাধৰাত অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগ আৰু উচ্চ শিক্ষা বিভাগৰ বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক । ছেবা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদক একত্ৰিত কৰা আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি মহাবিদ্যালয়ৰ পৰা অতি সোনকালে উচ্চতৰ মাধ্যমিক শ্ৰেণীসমূহ আঁতৰ কৰা হ'ব ।

গুৱাহাটী, ১৭ নৱেম্বৰ : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে কইনাধৰাত অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগ আৰু উচ্চ শিক্ষা বিভাগৰ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয় । বৈঠকত মুখ্যমন্ত্ৰীয়ে বিভাগ দুটাৰ কাম-কাজৰ পৰ্যালোচনা কৰে আৰু কেতবোৰ নিৰ্দেশনা প্ৰদান কৰে । সেই অনুসৰি শিক্ষাৰ্থীয়ে বিদ্যালয় এৰি যোৱাৰ প্ৰৱণতা হ্ৰাস কৰাৰ লক্ষ্যৰে প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়সমূহ একত্ৰিত কৰাত গুৰুত্ব আৰোপ কৰে ।

Order to re-examine certificate of teacher with suspected PhD degree
সন্দেহজনক পি এইচ ডি ডিগ্ৰীধাৰী শিক্ষকৰ প্ৰমাণপত্ৰ পুনৰ পৰীক্ষা কৰাৰ নিৰ্দেশ

সেইদৰে মধ্য ইংৰাজী আৰু প্ৰাথমিক বিদ্যালয়সমূহত স্নাতকোত্তৰ শিক্ষক চিনাক্ত কৰাৰ বাবে প'ৰ্টেল খোলাৰ ব্যৱস্থা কৰা হ'ব । আনহাতে আগন্তুক বছৰৰ পৰা ছেবা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদক একত্ৰিত কৰা আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি মহাবিদ্যালয়ৰ পৰা অতি সোনকালে উচ্চতৰ মাধ্যমিক শ্ৰেণীসমূহ আঁতৰ কৰা হ'ব । বৈঠকত সকলো উচ্চ মাধ্যমিক বিদ্যালয় উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীতকৰণ কৰা আৰু প্ৰথম পৰ্যায়ত ১০০০খন বিদ্যালয়ক সাঙুৰি লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হয় ।

Order to re-examine certificate of teacher with suspected PhD degree
সন্দেহজনক পি এইচ ডি ডিগ্ৰীধাৰী শিক্ষকৰ প্ৰমাণপত্ৰ পুনৰ পৰীক্ষা কৰাৰ নিৰ্দেশ

ইফালে ভৱিষ্যতে মাধ্যমিক আৰু উচ্চ শিক্ষা বিভাগত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত নিৰ্ধাৰিত নিম্নতম অৰ্হতা স্নাতকোত্তৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় । আনহাতে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা সঞ্চালকালয়ক একত্ৰিত কৰা হ'ব । বৈঠকত লোকনিৰ্মাণ বিভাগে ১,১৬২টা প্ৰস্তাৱিত ক্লাষ্টাৰ হোষ্টেল নিৰ্মাণৰ বাবে এক নিৰ্ধাৰিত ব্যয় জৰুৰীভাৱে দাখিল কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে । মুখ্যমন্ত্ৰীয়ে সকলো সন্দেহজনক পি এইচ ডি ডিগ্ৰীধাৰী শিক্ষকৰ প্ৰমাণপত্ৰ পুনৰ পৰীক্ষা কৰাৰ নিৰ্দেশ দিয়ে ।

সেইদৰে মডেল স্কুল স্থাপনৰ কাম ত্বৰান্বিত কৰাৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে । বৈঠকত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ উপৰি ভালেসংখ্যক বিষয়া উপস্থিত আছিল ।

লগতে পঢ়ক : GMC ELECTION : 2022ৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব নিৰ্বাচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.