ETV Bharat / state

GMC ELECTION : 2022ৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব নিৰ্বাচন

author img

By

Published : Nov 17, 2021, 4:00 PM IST

বছৰৰ আৰম্ভণিতেই হ’বলগীয়া গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পিছতে এতিয়া শাসকীয় দল আৰু বিৰোধী দলসমূহৰ মাজত পৌৰ নিগমৰ আগন্তুক নিৰ্বাচনক কেন্দ্ৰ কৰি কুচকাৱাজ আৰম্ভ হোৱা দেখা গৈছে ৷

prepartion of Guwahati Municipal election
বছৰৰ আৰম্ভণিতেই হ’ব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন

গুৱাহাটী, 17 নৱেম্বৰ : আগন্তুক পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিভাগে প্ৰাৰম্ভিক প্ৰস্তুতি আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ৷ এই সম্পৰ্কত কামৰূপ মহানগৰ জিলা নিৰ্বাচনী বিভাগৰ ভাৰপ্ৰাপ্ত জিলা নিৰ্বাচনী বিষয়া ভাস্কৰ কলিতাই কয় যে পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে নিৰ্দিষ্ট তাৰিখ নিৰ্ধাৰণ কৰা হোৱা নাই যদিও নিৰ্বাচনৰ বাবে প্ৰাৰম্ভিক প্ৰস্তুতিৰ কাম আৰম্ভ কৰা হৈছে ৷

নিৰ্বাচনৰ বাবে ৰিটাৰ্নিং বিষয়াসকলক নিযুক্তি দিয়াৰ কাম আৰম্ভ কৰা হৈছে ৷ লগতে মহানগৰ জিলাৰ ভোটাৰ তালিকা সংশোধনৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে ৷ মন কৰিবলগীয়া যে, পৌৰ নিগমৰ নিৰ্বাচন 31 টা নে 60 টা ৱাৰ্ডৰ মাজত অনুষ্ঠিত হ'ব সেয়া এতিয়াও স্থিৰ কৰা হোৱা নাই ৷

municipal-elections
ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন ৷

ইপিনে পৌৰ নিগমৰ পূৰ্বৰ 91 টা অঞ্চলৰ সভাৰ সদস্য নিৰ্বাচন অনুষ্ঠিত কৰাৰ সন্দৰ্ভতো আলোচনা চলি আছে ৷ পৌৰ নিগমৰ বিজেপিৰ(BJP) প্ৰাক্তন মেয়ৰ তথা বিজেপিৰ ৰাজ্যিক নেতা মৃগেন শৰণীয়াই কয় যে, অহা 24 নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক কেবিনেটত পৌৰ নিগমৰ নিৰ্বাচনৰ দিন নিৰ্দ্ধাৰণ কৰা হ'ব ৷

তেওঁ জনায় যে, অহা বছৰৰ ফেব্ৰুৱাৰীত পৌৰ সভাৰ নিৰ্বাচন(Municipal Elections) সম্পন্ন কৰি মাৰ্চত গুৱাহাটী পৌৰ নিগমৰ (municipal corporation) নিৰ্বাচন অনুষ্ঠিত কৰাৰ সম্ভাৱনা বেছি ৷ তেওঁ লগতে জনায় যে, পৌৰ নিগমৰ 60 টা ৱাৰ্ডত নিৰ্বাচন অনুষ্ঠিত হ'লে পৌৰ নিগমৰ 91 টা অঞ্চলৰ সভাৰ সদস্যৰ নিৰ্বাচন অনুষ্ঠিত নহয় ৷ পৌৰ নিগমৰ 31 টা ৱাৰ্ডত নিৰ্বাচন অনুষ্ঠিত হ'লেহে পৌৰ নিগম অঞ্চল সভাৰ সদস্যৰ নিৰ্বাচন অনুষ্ঠিত হ'ব ৷

municipal-elections
বছৰৰ আৰম্ভণিতেই হ’ব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন

উল্লেখ্য যে কংগ্ৰেছৰ শাসন কালত 2013 চনতে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল ৷ এই নিৰ্বাচনত কংগ্ৰেছ দলে সংখ্যাগৰিষ্ঠতা লাভ কৰি পৌৰ নিগমৰ পৰিষদখন গঠন কৰিছিল ৷ পৌৰ নিগমৰ 31 টা ৱাৰ্ডত অনুষ্ঠিত হোৱা নিৰ্বাচনত কংগ্ৰেছৰ 18 গৰাকী, বিজেপিৰ 12 গৰাকী আৰু অগপৰ(AGP) এগৰাকী কাউন্সিলৰ নিৰ্বাচিত হৈছিল ৷

2016 চনত ৰাজ্যত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰ গঠন হোৱাৰ পিছত পৌৰ নিগমৰ কংগ্ৰেছৰ 3 গৰাকী কাউন্সিলৰ বিজেপিত যোগদান কৰে ৷ তাৰ পিছত কংগ্ৰেছৰ নেতৃত্বত থকা পৌৰ নিগমৰ পৰিষদখন ভংগ হয় আৰু বিজেপিৰ 15 গৰাকী কাউন্সিলৰে অগপৰ (AGP) এগৰাকী কাউন্সিলৰৰ সমৰ্থনত সংখ্যাগৰিষ্ঠতা লাভ কৰি বিজেপিৰ নেতৃত্বত নতুনকৈ পৌৰ নিগমৰ পৰিষদ গঠন কৰে ৷ 2018 চনৰ 31 জুলাইত পৌৰ নিগমৰ পৰিষদৰ কাৰ্যকালৰ অন্ত পৰে ৷ তাৰ পিছৰে পৰা পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হোৱা নাই ৷ উল্লেখ্য যে, গুৱাহাটী পৌৰ নিগম এলেকাত প্ৰায় 11 লাখ ভোটাৰ আছে ৷

লগতে চাওক : ৰাজ্যত চলি থকা পোচাক সলোৱা ৰাজনীতিৰ শেষ ক’ত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.