ETV Bharat / state

ড্ৰাগছৰ বিৰুদ্ধে পাথাৰকান্দিত কংগ্ৰেছসহ ছাত্ৰ সংগঠনৰ প্ৰতিবাদ

author img

By

Published : Jul 10, 2020, 12:31 PM IST

ড্ৰাগছৰ বিৰুদ্ধে আজি কংগ্ৰেছ আৰু বিভিন্ন ছাত্ৰ সংগঠনৰ প্ৰতিবাদত উত্তাল হ'ল পাথাৰকান্দি চহৰ । চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰতিবাদকাৰীয়ে প্ৰেৰণ কৰিলে স্মাৰকপত্ৰ ।

ড্ৰাগছৰ বিৰুদ্ধে পাথাৰকান্দিত কংগ্ৰেছসহ ছাত্ৰ সংগঠনৰ প্ৰতিবাদ
ড্ৰাগছৰ বিৰুদ্ধে পাথাৰকান্দিত কংগ্ৰেছসহ ছাত্ৰ সংগঠনৰ প্ৰতিবাদ

কৰিমগঞ্জ, 10 জুলাই : বৰ্তমান ৰাজ্যৰ বিভিন্ন স্থানত সামাজিক ব্যাধিৰ ৰূপ ধাৰণ কৰিছে ড্ৰাগছে ৷ এই ড্ৰাগছকে কেন্দ্ৰ কৰি কৰিমগঞ্জৰ পাথাৰকান্দিত আৰম্ভ হৈছে ৰাজনীতি ৷ মঙলবাৰে বিজেপিৰ সমৰ্থিত একাংশই ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাচতে আজি কংগ্ৰেছৰ সৈতে সংখ্যালঘূ ছাত্ৰ সংগঠন আমছাই গ্ৰহণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী ৷

ড্ৰাগছৰ বিৰুদ্ধে পাথাৰকান্দিত কংগ্ৰেছসহ ছাত্ৰ সংগঠনৰ প্ৰতিবাদ

কিন্তু দুটা দিনত দুই পৃথক দৃশ্য বন্দী হ'ল সংবাদ মাধ্যমৰ কেমেৰাত । প্ৰথম দিনৰ প্ৰতিবাদত কোনো বাধা নিষেধ নাছিল যদিও আজি একে বিষয়ৰ প্ৰতিবাদত দেখা গ'ল ইয়াৰ সম্পূৰ্ণ বিপৰীত দৃশ্য । পোৱাৰে পৰা পাথাৰকান্দি চহৰত দেখা গ'ল আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ বিশাল দল । কংগ্ৰেছৰ প্ৰতিবাদ আৰম্ভ হোৱাৰ পিছত প্ৰতিবাদকাৰীক বাধা সৃষ্টি কৰে আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ দলে ।

উল্লেখ্য যে, প্ৰতিবাদকাৰীৰ তুলনাত আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ লোকহে অধিক পৰিলক্ষিত হ'ল প্ৰতিবাদস্থলীত ৷ মাত্ৰ সামান্য সংখ্যক প্ৰতিবাদকাৰীকহে চক্ৰ বিষয়াৰ কাৰ্যালয়ত প্ৰৱেশৰ অনুমতি প্ৰদান কৰা হ'ল । অৱশ্যে মঙলবাৰৰ প্ৰতিবাদত দলে-বলে চক্ৰ বিষয়াৰ কাৰ্যালয়ত প্ৰৱেশ কৰিবলৈ দিয়া হ'ল প্ৰতিবাদকাৰীক ।

ইপিনে,কংগ্ৰেছৰ তৰফৰ পৰা ড্ৰাগছৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে পাথাৰকান্দি চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰদান কৰা হৈছে স্মাৰকপত্ৰ । ড্ৰাগছৰ নামত সাধাৰণ জনতাক হাৰাশাস্তি প্ৰদান কৰাৰো অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে । আনকি ড্ৰাগছৰ অচিলা লৈ বিৰোধী ৰাজনীতি ধংস কৰাৰ পৰিকল্পনা চলিছে বুলিও সমষ্টিৰ বিধায়কৰ বিৰুদ্ধে অভিযোগ উত্থাপিত কৰিলে পাথাৰকান্দি কংগ্ৰেছৰ একাংশই ।

লগতে পঢ়ক : অৰুণাচল প্ৰদেশত ভূমিস্খলনত জীৱন্তে সমাধিস্থ এটা পৰিয়ালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.