ETV Bharat / state

অৰুণাচল প্ৰদেশত ভূমিস্খলনত জীৱন্তে সমাধিস্থ এটা পৰিয়ালৰ

author img

By

Published : Jul 10, 2020, 11:14 AM IST

ইটানগৰৰ গঙ্গা বজাৰৰ সমীপত ডাকম কলনীত ভয়ানক ভূমিস্খলনৰ ফলত কেইবাটাও বাসগৃহ ধ্বংসপ্ৰাপ্ত হোৱাৰ লগতে ভূপতিত হয় বহু কেইখন বিলাসী গাড়ী ।

4 buried landslide in Arunachal pradesh
অৰুণাচল প্ৰদেশত ভূমিস্খলনত জীৱন্তে সমাধিস্থ এটা পৰিয়ালৰ

তেজপুৰ, ১০ জুলাই : অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ পাপুম পাৰে জিলাৰ দুইমুখৰ সমীপত টিগডু গাঁৱত ভূমিস্খলনৰ ফলত চাৰিজন লোক জীৱন্তে সমাধিস্থ হয় । পুৱতি নিশা শুই থকা অৱস্থাত হোৱা এই ভূমিস্খলনৰ ফলত নিহত হোৱা লোকসকল ক্ৰমে তিন মাৰ্টিন (২২), টানা জন (১৭),টানা য়াচোম (৮ মাহ) আৰু য়াবুং লিংডুম (মাতৃ) ।

অৰুণাচল প্ৰদেশত ভূমিস্খলনত জীৱন্তে সমাধিস্থ এটা পৰিয়ালৰ

উল্লেখযোগ্য যে পুৱতি নিশা প্ৰায় ৩ বজাত এই ভূমিস্খলনত ঘটনা সংঘটিত হয় ৷ ভূমিস্খলনত হতাহত হোৱাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল দুৰ্ভগীয়া পৰিয়ালটোক । আনহাতে বৃহস্পতিবাৰে ৰাজধানী ইটানগৰৰ গঙ্গা বজাৰৰ সমীপত ডাকম কলনীত ভয়ানক ভূমিস্খলনৰ ফলত কেইবাটাও বাসগৃহ ধ্বংসপ্ৰাপ্ত আৰু বহু কেইখন বিলাসী গাড়ী ভূপতিত হয় ।

4 buried landslide in Arunachal pradesh
অৰুণাচল প্ৰদেশত ভূমিস্খলনত জীৱন্তে সমাধিস্থ এটা পৰিয়ালৰ

ইয়াৰ পূৰ্বে ৰাজধানী চহৰ খনৰ সমীপত ২৫ জুনত ভূমিস্খলনৰ ফলত এটি শিশু নিহত হোৱা পিছত পুনৰ ২৬ জুনত অন্য এক ভূমি স্খলনৰ ফলত বন্ধ হৈ পৰে ইউপিয়া ইটানগৰ সংযোগী পথ । তাৰ পিছতে আজি তৃতীয় বাৰপুনৰ এই ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে অৰুণাচল প্ৰদেশত ।

লগতে পঢ়ক : বিশ্বনাথত বন্যহস্তীৰ তাণ্ডৱঃ ভাঙিলে বাসগৃহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.