ETV Bharat / state

কৰিমগঞ্জত চৰকাৰী সাহায্য বিতৰণত দুৰ্নীতি

author img

By

Published : May 9, 2020, 1:42 PM IST

কৰিমগঞ্জৰ গান্ধাই গাঁও পঞ্চায়তত সাহায্য বিতৰণৰ নামত ব্যাপক দুৰ্নীতি ৷ প্ৰকৃত হিতাধিকাৰীৰ পৰিৱৰ্তে আৰ্থিকভাবে ধনবন্ত লোকে সাহায্য পোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ উচিত তদন্ত বিচাৰিছে অভিযোগকাৰীয়ে ৷

Panchayat corruption in karimganj
কৰিমগঞ্জত চৰকাৰী সাহায্য বিতৰণত দুৰ্নীতি

কৰিমগঞ্জ, 9 মে' : লক্ ডাউনৰ সময়ত দৰিদ্ৰ পৰিয়াল সমূহক চৰকাৰে প্ৰদান কৰিছে বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী ৷ প্ৰতিটো পঞ্চায়তৰ অন্তৰ্গত লোক সকলক চৰকাৰে এই সাহায্য সামগ্ৰী সমূহ পঞ্চায়ত প্ৰতিনিধিক বিতৰণ কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছিল ৷

কিন্তু দৰিদ্ৰ লোকক সহায্য বিতৰণৰ নামত কৰিমগঞ্জ জিলাতো বৃহৎ দুৰ্নীতি সংঘটিত হোৱাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে ৷ উত্তৰ কৰিমগঞ্জ সমষ্টিৰ গান্ধাই গাঁও পঞ্চায়তত দৰিদ্ৰ লোকৰ পৰিৱৰ্তে আৰ্থিকভাবে ধনবন্ত লোকে চৰকাৰী সাহায্য পোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ আনকি ৰেচন কাৰ্ড নথকা পৰিয়ালৰ মাজত বিতৰণ কৰিবলৈ দিয়া বিনামূলীয়া চাউল ৰেচন কাৰ্ড থকা পৰিয়ালৰ লগতে প্ৰতিনিধিৰ আত্মীয়ই পোৱাৰ অভিযোগ উখাপন হৈছে ৷ যাৰবাবে পঞ্চায়তটোৰ দৰিদ্ৰ লোক সকলৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে ৷

কৰিমগঞ্জত চৰকাৰী সাহায্য বিতৰণত দুৰ্নীতি

আনহাতে, ভুক্তভোগী ৰাইজে পঞ্চায়তটোৰ প্ৰতিনিধিৰ বিৰুদ্ধে উচিত তদন্ত কৰি বিহিত ব্যৱস্থা ল'বলৈ বিভাগীয় কতৃপক্ষক অনুৰোধ জনাইছে ৷

কৰিমগঞ্জত চৰকাৰী সাহায্য বিতৰণত দুৰ্নীতি

লগতে পঢ়ক : বটদ্ৰৱাত কৃষক সন্মান নিধিৰ নামত লক্ষাধিক টকা আত্মসাৎ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.