ETV Bharat / state

Tense situation at Karimganj Civil Hospital : চিকিৎসকৰ গাফিলতিৰ বাবে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ৰোগীৰ মৃত্যু; অভিযোগ পৰিয়ালৰ

author img

By

Published : Aug 12, 2023, 7:06 AM IST

Man dies at Karimganj Civil Hospital due to doctor negligence
কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত উত্তেজনা

কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত উত্তেজনা ৷ এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি হাস্পতাল চৌহদত সৃষ্টি হয় এই উত্তেজনাময় পৰিৱেশৰ ৷ চিকিৎসকৰ গাফিলতিৰ বাবেই এগৰাকী ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ৷

কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত উত্তেজনা

কৰিমগঞ্জ, 12 আগষ্ট : হঠাৎ উত্তপ্ত হৈ পৰিল কৰিমগঞ্জ অসামৰিক চিকিৎসালয় ৷ এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি শুকুৰবাৰে নিশা কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত সৃষ্টি হয় এই হুলস্থূলীয়া পৰিৱেশৰ ৷ ৰোগীৰ আত্মীয় তথা পুত্ৰৰ অভিযোগ চিকিৎসক তথা চিকিৎসালয়খনত নিশা দায়িত্বত থকা কৰ্তৃপক্ষৰ গাফিলতিৰ ফলতে মৃত্যু হয় ৰোগীজনৰ ৷ মৃত ৰোগীজন লক্ষ্মীবজাৰৰ ছেৰুলবাগৰ নিবাসী আশাব আলী ।

মৃতকৰ পুত্ৰই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা অনুসৰি, শুকুৰবাৰে বিয়লি ভাগত হঠাৎ অসুস্থ হৈ পৰে আশাব আলী ৷ সেয়ে পৰিয়ালৰ লোকে তেওঁক কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ লৈ আনে ৷ কিন্তু চিকিৎসালয়ত উপস্থিত হোৱাৰ পাচতে চিকিৎসকে এটা মহলাৰ পৰা আন এটা মহলালৈহে স্থানান্তৰ কৰে ৰোগীজনক ৷ ৰোগীক স্থানান্তৰ কৰাৰ বহু পৰলৈকে কোনোধৰণৰ চিকিৎসা সেৱা আগনবঢ়োৱাৰ অভিযোগ তুলিছে ৰোগীৰ অত্মীয়ই ৷

আনকি এটা সময়ত শ্বাস-প্ৰশ্বাস লোৱাটো অসুবিধাৰ সন্মুখীন হৈছিল আশাব আলীয়ে । তেওঁৰ পৰিয়ালৰ লোকে বহুবাৰ এই কথা চিকিৎসালৰ চিকিৎসকক অৱগত কৰিছিল ৷ কিন্তু ৰোগীৰ পৰিয়ালৰ লোকৰ কথাত চিকিৎসকে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ৷ যাৰ ফলত শুকুৰবাৰে নিশা মৃত্যু হয় আশাব আলীৰ ।

আশাব আলীৰ মৃত্যুৰ পাচতে তেওঁৰ পৰিয়ালৰ লোকে চিকিৎসালয়ত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে ৷ আনকি এই উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ লগতে অৰ্ধসামৰিক বাহিনীৰ জোৱানকো মোতায়েন কৰা হয় ৷ অৱশ্যে পৰৱৰ্তী সময়ত উক্ত স্থানত কৰিমগঞ্জ সদৰ থানাত উপস্থিত হয় দ্বিতীয় ভাৰপ্ৰাপ্ত বিষয়া সুৰজ দত্ত (Second OC) ৷

আৰক্ষী বিষয়া সুৰজ দত্তৰ উপস্থিতিত নিয়ন্ত্ৰণলৈ আহে পৰিস্থিতি, তথাপিও বাতৰি যুগুত কৰা পৰলৈকে অসামৰিক চিকিৎসালয়ৰ চৌহদত এক চেপা উত্তেজনাই বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে ৷

লগতে পঢ়ক : Uriamghat woman kidnaped issue : আৰক্ষীৰ জালত উৰিয়ামঘাট ঘটনাৰ মাষ্টাৰমাইণ্ড মুনিন্দ্ৰ শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.