Uriamghat woman kidnaped issue : আৰক্ষীৰ জালত উৰিয়ামঘাট ঘটনাৰ মাষ্টাৰমাইণ্ড মুনিন্দ্ৰ শইকীয়া

By

Published : Aug 11, 2023, 10:57 PM IST

thumbnail

সৰুপথাৰ, ১১ আগষ্ট: অৱশেষত আৰক্ষীৰ জালত উৰিয়ামঘাট মহিলা নিৰুদ্দেশ ঘটনাৰ মূল অভিযুক্ত মুনিন্দ্ৰ শইকীয়া ৷ ASP ত্ৰিনয়ন ভূঞাই অসম নাগালেণ্ড সীমাৰ পৰা গ্ৰেপ্তাৰ কৰে মূল অভিযুক্ত মুনিন্দ্ৰ শইকীয়াৰ লগতে সহযোগী দীনেশ ওৰাঙক। দীনেশ ওৰাঙক সৰুপথাৰ অঞ্চলৰ নলনীৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ 

গোলাঘাট জিলাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী ধনশিৰি মহকুমাৰ উৰিয়ামঘাট বৰবিলত বিগত 5 দিন ধৰি  নিৰুদ্দেশ হৈ থকা সংগীতা চাও নামৰ এগৰাকী মহিলাৰ সৈতে একেটা অঞ্চলৰ বাসিন্দা মুনিন্দ্ৰ শইকীয়াৰ তামোল বিক্ৰী কৰাৰ নামত ২.৫০ লাখ টকাৰ লেন দেন হৈছিল । সেই সংক্ৰান্ততেই সংগীতা চাওক যোৱা দেওবাৰে মুনিন্দ্ৰই নিজ গৃহলৈ মাতি পঠাইছিল । 

কিন্তু দেওবাৰে পুৱাই মহিলাগৰাকী মুনিন্দ্ৰৰ ঘৰলৈ যোৱাৰ পিচত বৰ্তমানলৈকে ওভতি অহা নাই বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছিল ৷

লগতে পঢ়ক: Woman missing in Uriamghat: উৰিয়ামঘাটত ৰহস্যজনকভাৱে নিৰুদ্দেশ মহিলা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.