Woman missing in Uriamghat: উৰিয়ামঘাটত ৰহস্যজনকভাৱে নিৰুদ্দেশ মহিলা

By

Published : Aug 10, 2023, 9:31 PM IST

thumbnail

সৰুপথাৰ,১০ আগষ্ট: গোলাঘাট জিলাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী ধনশিৰি মহকুমাৰ উৰিয়ামঘাট বৰবিলত সংঘটিত হৈছে এক অপহৰণৰ ঘটনা ৷ উক্ত ঘটনাই সমগ্ৰ অঞ্চলটোতে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ । জানিব পৰামতে বৰ্তমানলৈকে নিৰুদ্দেশ হৈ থকা সংগীতা চাও নামৰ এগৰাকী মহিলাৰ পৰা একেটা অঞ্চলৰ বাসিন্দা মুনিন্দ্ৰ শইকীয়াই তামোল বিক্ৰী কৰাৰ নামত বহু পৰিমানৰ ধন লৈছিল ।  

সেই সংক্ৰান্ততেই সংগীতা চাওক যোৱা দেওবাৰে মুনিন্দ্ৰই নিজ গৃহলৈ মাতি পঠাইছিল । কিন্ত দেওবাৰে পুৱাই মহিলাগৰাকী মুনিন্দ্ৰৰ ঘৰলৈ যোৱাৰ পিছত বৰ্তমানলৈকে ওভতি অহা নাই বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে । যাৰ বাবে সমগ্ৰ ঘটনা এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে ৷  

ইতিমধ্যেই ঘটনা সংক্ৰান্তত উৰিয়ামঘাট থানাত এজাহাৰ দাখিল কৰাৰ চাৰিদিন উকলি যোৱাৰ পিছতো কোনোধৰণৰ শুংসুত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই উৰিয়ামঘাট আৰক্ষীয়ে ৷ বুধবাৰে মুনিন্দ্ৰ শইকীয়াৰ পৰিত্যক্ত বাসগৃহৰ পৰা মহিলাগৰাকীয়ে পৰিধান কৰা কিছু অলংকাৰ উদ্ধাৰ কৰাৰ লগতে দা আৰু হাতুৰীও উদ্ধাৰ কৰে আৰক্ষীয়ে ৷  

জানিবপৰামতে অভিযুক্ত মুনিন্দ্ৰ শইকীয়া আনলাৰ পৰা ফাটি গৈ গঠন হোৱা আদিবাসী পিপুল লিবাৰেচন আৰ্মী চমুকৈ APLA ৰ সদস্য বুলি জানিব পৰা গৈছে ৷ এতিয়া প্ৰশ্ন উঠিছে ধনৰ লেনদেনৰ বিষয়ে ফোনযোগে মাতি নিয়া সংগীতা ক'ত হেৰাল ? ঘটনাৰ প্ৰকৃত ৰহস্য উদঘাটন কৰিবলৈ সক্ষম হ'বনে উৰিয়ামঘাট আৰক্ষী ? বৰ্তমানলৈকে এই ৰহস্যৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে । 

লগতে পঢ়ক: Independence day 2023: মোৰ দেশ মোৰ মাটি শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.