Independence day 2023: মোৰ দেশ মোৰ মাটি শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ

By

Published : Aug 10, 2023, 7:44 PM IST

thumbnail

জোনাই, 10 আগষ্ট : সমাগত স্বাধীনতা দিৱস ৷ 10 আগষ্টৰ পৰা আৰম্ভ হৈছে অসম চৰকাৰৰ "মোৰ মাটি মোৰ দেশ" শীৰ্ষক কাৰ্যসূচী। 'আজাদী কা অমৃত মহোৎসৱ'ৰ লগত সংগতি ৰাখি অন্য প্ৰান্তৰ লগতে চিলাপথাৰতো এই কাৰ্যসূচী আয়োজন কৰা হয়। চিলাপথাৰ নগৰত থকা সীতাৰাম টায়ে হাইস্কুলৰ খেলপথাৰত চিলাপথাৰ পৌৰসভাৰ উদ্যোগত অনুষ্ঠিত হোৱা কাৰ্যসূচীত উপস্থিত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে এটি প্ৰাৰ্থনাৰে এই কাৰ্যসূচী আৰম্ভ কৰে।

স্থানীয় বিধায়ক ভুৱন পেগুয়ে পতাকা উত্তোলন কৰাৰ পাচত, দেশৰ স্বাধীনতা আন্দোলনত শ্বহীদ হোৱা বীৰ শ্বহীদৰ নামত শিলান্যাস উন্মোচন কৰে জিলা আয়ুক্ত অংকুৰ ভৰাঁলী আৰু বিধায়ক পেগুয়ে। উপস্থিত ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰী, চৰকাৰী বিষয়া কৰ্মচাৰীসকলে হাতত এমুঠি ভূমি লৈ পঞ্চপণ সংকল্প পাঠ কৰোৱা হয়।এই অনুষ্ঠানত 75 জোপা বৃক্ষপুলি ৰোপণো কৰা হয়। 

কাৰ্যসূচীত জিলা প্ৰশাসনৰ, চিলাপথাৰ পৌৰসভাৰ বিষয়া কৰ্মচাৰী লগতে বহু ছাত্ৰ-ছাত্ৰী আৰু গণ্য মান্য বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

লগতে পঢ়ক: Price hike in Assam: দামবৃদ্ধিৰ প্ৰসংগত মুখ্যমন্ত্রীৰ সুৰতে সুৰ মিলালে যোগান মন্ত্রীয়ে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.