ETV Bharat / state

কংগ্ৰেছ-এআইইউডিএফে পৰিকল্পিতভাৱে অশান্তি বিয়পাবলৈ চেষ্টা কৰিছে; বিজেপি

author img

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 9:03 PM IST

Press Meet of Karimganj District BJP
কৰিমগঞ্জ জিলা বিজেপিৰ সংবাদমেল

কংগ্ৰেছ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ আৰু এআইইউডিএফৰ বিৰুদ্ধে সৰৱ কৰিমগঞ্জ জিলা বিজেপিৰ সভাপতি ৷ কৰিমগঞ্জৰ সাধাৰণ ৰাইজৰ মাজত কংগ্ৰেছ, এআইইউডিএফে পৰিকল্পিতভাৱে অশান্তি বিয়পাবলৈ চেষ্টা কৰিছে বুলি কয় তেওঁ ৷

কমলাক্ষ দে’ পুৰকায়স্থৰ বিৰুদ্ধে সৰৱ কৰিমগঞ্জ জিলা বিজেপি

কৰিমগঞ্জ, 1 ডিচেম্বৰ : "বদৰুদ্দিন আজমলৰ সৈতে মিলি তৃতীয়বাৰৰ বাবে বিধায়ক হৈছিল কমলাক্ষ দে’ পুৰকায়স্থ ৷ কংগ্ৰেছে এআইইউডিএফৰ সৈতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে ৷" এই মন্তব্য কৰিমগঞ্জ জিলা বিজেপিৰ সভাপতি সুব্ৰত ভট্টাচাৰ্যৰ ৷ শুকুৰবাৰে কৰিমগঞ্জ জিলা বিজেপিৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ, এআইইউডিএফ আৰু বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ বিৰুদ্ধে সৰৱ হৈ পৰে জিলা বিজেপিৰ সভাপতিজন ৷

বিজেপিৰ জিলা সভাপতি সুব্ৰত ভট্টাচাৰ্যই কয় যে, কৰিমগঞ্জৰ সাধাৰণ ৰাইজৰ মাজত কংগ্ৰেছ, এআইইউডিএফে পৰিকল্পিতভাৱে অশান্তি বিয়পাবলৈ চেষ্টা কৰিছে ৷ আচলতে কংগ্ৰেছ-এআইইউডিএফ একেটা মুদ্ৰাৰ দুটা পিঠি বুলি কয় তেওঁ ৷ সংবাদমেলত সুব্ৰত ভট্টাচাৰ্যই বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ, জিলা কংগ্ৰেছৰ সভাপতি ৰজত চক্ৰৱৰ্তী আৰু এআইইউডিএফক প্ৰত্যুত্তৰ দিয়ে ৷

বিগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাৰ বিষয়টো উত্থাপন কৰি সুব্ৰত ভট্টাচাৰ্যই কয় যে, বদৰুদ্দিন আজমলৰ ফটো বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ বেনাৰত ৰখা হৈছিল ৷ হয়তো বিধায়কজনে পাহৰি গৈছে এই কথা ৷ তেওঁ কয় যে বজলুল হক চৌধুৰী এআইইউডিএফ আৰু কংগ্ৰেছৰ পৰিকল্পিত ষড়যন্ত্ৰৰ বলি হৈছে ৷

তেওঁ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থক মৰ্যাদাৰে কথা ক’বলৈ পৰামৰ্শ দিয়ে ৷ উল্লেখ্য যে, বৃহস্পতিবাৰে কৰিমগঞ্জ কংগ্ৰেছে এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰাৰ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ এই প্ৰতিবাদী সভাত বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ মন্তব্যৰ প্ৰতিবাদত বিজেপিয়ে এই সংবাদমেল অনুষ্ঠিত কৰে আৰু জিলা সভাপতিৰ বিষয়ববীয়াসকলে কংগ্ৰেছ, এআইইউডিএফ আৰু বিধায়ক কমলাক্ষক দে’ পুৰকায়স্থক তীব্ৰ সমালোচনা কৰে ৷

লগতে পঢ়ক : কংগ্ৰেছৰ দিনত দুৰ্নীতিৰ মহানায়ক আছিল ড৹ হিমন্ত বিশ্ব শৰ্মা: প্ৰদ্যুৎ বৰদলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.