ETV Bharat / state

কংগ্ৰেছৰ দিনত দুৰ্নীতিৰ মহানায়ক আছিল ড৹ হিমন্ত বিশ্ব শৰ্মা: প্ৰদ্যুৎ বৰদলৈ

author img

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 8:09 PM IST

MP Pradyut Bordoloi Slams CM Himanta Biswa
সাংসদ প্ৰদ্যুৎ বৰদলৈৰ সংবাদমেল

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ সাংসদ প্ৰদ্যুৎ বৰদলৈ ৷ কংগ্ৰেছত দুই নম্বৰী কৰা নেতাf বিজেপিত যোগদান কৰাৰ লগে লগেই ধোৱা তুলসীৰ পাত কেনেকৈ হয় বুলিও বিজেপিক কটাক্ষ সাংসদগৰাকীৰ ৷

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ সাংসদ প্ৰদ্যুৎ বৰদলৈ

নগাঁও, 1 ডিচেম্বৰ : "কংগ্ৰেছৰ কাৰ্যকালত সংঘটিত দুৰ্নীতিৰ মহানায়ক আছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷" এই বিস্ফোৰক মন্তব্য নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ৷ শুকুৰবাৰে নগাঁৱত এক সংবাদমেলৰ আয়োজন কৰি শাসকীয় চৰকাৰৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰে সাংসদ প্ৰদ্যুৎ বৰদলৈ ৷

মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এটা দিন পূৰ্বে নগাঁৱত উপস্থিত হৈ কংগ্ৰেছৰ বিৰুদ্ধে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দি কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈৰ মন্তব্য- কংগ্ৰেছৰ দিনত যিসমূহ বিয়াগোম কেলেংকাৰী সংঘটিত হৈছিল আটাইকেইটা কেলেংকাৰীৰে মহানায়ক আছিল ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উদ্ধৃতি দি সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয় যে, কংগ্ৰেছৰ দিনত সংঘটিত তিনিটাকৈ বৃহৎ কেলেংকাৰীৰ মূল হিমন্ত বিশ্ব শৰ্মাই আছিল ৷

কংগ্ৰেছত দুই নম্বৰী কৰা নেতা বিজেপিত যোগদান কৰাৰ লগে লগেই ধোৱা তুলসীৰ পাত কেনেকৈ হয় বুলিও বিজেপিক কটাক্ষ কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷ লগতে সাংসদগৰাকীয়ে বিজেপি এতিয়া ৱাছিং মেচিনলৈ পৰিণত হৈছে নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে ৷

আনহাতে নিজকে হাড়ে-হিমজুৱে নগঞা বুলি দাবী কৰি আগন্তক লোকসভা নিৰ্বাচনত নগাঁও লোকসভা সমষ্টিৰ পৰাই প্ৰাৰ্থিত্ব বিচৰাৰ কথাও সংবাদমেলত উল্লেখ কৰিলে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷ লগতে এ আই ইউ ডি এফৰ সৈতে কংগ্ৰেছৰ কোনো সংশ্ৰৱ নাই, দলটোৰে কংগ্ৰেছে কেতিয়াও মিত্ৰতা নকৰে বুলিও উল্লেখ কৰে সাংসদগৰাকীয়ে ৷ ইফালে সুৰেশ বৰাৰ কংগ্ৰেছ ত্যাগ দুৰ্ভাগ্যজনক বুলিও মন্তব্য কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷

ইফালে আগন্তুক লোকসভা নিৰ্বাচনত নগাঁও লোকসভা সমষ্টিৰ পৰা টিকত নাপালে বেলেগ চিন্তা কৰিব নেকি বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত সাংসদগৰাকীয়ে কয় যে, কোনো ধৰণৰ বেলেগ চিন্তাৰ প্ৰশ্নই নুঠে ৷ যদি দলে দিয়ে তেতিয়া নগাঁৱৰ খেলিব বুলি মন্তব্য কৰে তেওঁ ৷ আনহাতে, জীৱনত কেতিয়াও লবী কৰা নাই বুলিও মন্তব্য কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷

লগতে পঢ়ক : হৈ যোৱা পাঁচ ৰাজ্যৰ নিৰ্বাচনত শেষ হাঁহি বিজেপিয়েই মাৰিব : ভৱেশ কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.