ETV Bharat / state

কৰিমগঞ্জত ৰাষ্ট্ৰীয় পোষন মাহৰ কাৰ্যসূচীৰ শুভ উদ্বোধন

author img

By

Published : Sep 12, 2020, 2:30 PM IST

দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসম চৰকাৰেও চৰ তথা গ্ৰামাঞ্চলকে ধৰি ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ শিশুসকলে যাতে পুষ্টিকৰ খাদ্য লাভ কৰি সু-স্বাস্থ্যবান হৈ উঠে তাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি আৰম্ভ কৰিছে ৰাষ্ট্ৰীয় পোষন মাহৰ কাৰ্যসূচী ।

Inauguration of National Nutrition Month Program in Karimganj
কৰিমগঞ্জত ৰাষ্ট্ৰীয় পোষন মাহৰ কাৰ্যসূচীৰ শুভ উদ্বোধন

কৰিমগঞ্জ,12ছেপ্তেম্বৰঃঅসম চৰকাৰৰ নিৰ্দেশনা অনুসৰি কৰিমগঞ্জতো জিলা প্ৰশাসনে হাতত লৈছে ৰাষ্ট্ৰীয় পোষণ মাহৰ মাহযোৰা কাৰ্য্যসূচী । ঘৰৰ প্ৰতি গৰাকী শিশুৱে যাতে পুষ্টিকৰ খাদ্য লাভ কৰে এয়াই হৈছে কাৰ্য্যসূচীৰ মূল উদ্দেশ্য ।

কৰিমগঞ্জত ৰাষ্ট্ৰীয় পোষন মাহৰ কাৰ্যসূচীৰ শুভ উদ্বোধন

জিলাখনত হ’ব লগা ৰাষ্ট্ৰীয় পোষন মাহৰ কাৰ্যসূচীৰ শুভ উদ্বোধন কৰিলে কৰিমগঞ্জৰ জিলা উপায়ুক্ত এমপি আম্বামুথানে ৷ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত মাহযোৰা কাৰ্য্যসূচীখনৰ আনুষ্ঠানিক ভাৱে শুভ উদ্বোধনৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰে অতিৰিক্ত উপায়ুক্ত, জিলা সমাজ কল্যাণ বিষয়া আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়াকে ধৰি বহুকেইগৰাকী বিষয়া৷

লগতে পঢ়কঃ৫ জন ভাৰতীয়ক গতাই দিলে চীনা পি এল এ সৈন্যই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.