ETV Bharat / state

কৰিমগঞ্জত গ্ৰেপ্তাৰ ড্ৰাগছসহ তিনি সৰবৰাহকাৰী

author img

By

Published : Apr 28, 2021, 10:08 AM IST

কৰিমগঞ্জৰ কায়স্থগ্ৰামৰ পৰা ড্ৰাগছসহ আটক কৰে তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক ৷ দীৰ্ঘদিন ধৰি যুৱক তিনিজনে ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ অভিযান কালত 60 হেজাৰ ইয়াবা টেবলেট জব্দ কৰে আৰক্ষীয়ে ৷

কৰিমগঞ্জত গ্ৰেপ্তাৰ ড্ৰাগছসহ তিনি সৰবৰাহকাৰী
কৰিমগঞ্জত গ্ৰেপ্তাৰ ড্ৰাগছসহ তিনি সৰবৰাহকাৰী

কৰিমগঞ্জ,28 এপ্ৰিল: কৰিমগঞ্জত সীমান্ত সুৰক্ষা বাহিনীৰ ড্ৰাগছ বিৰোধী অভিযান । অভিযান কালত কায়স্থগ্ৰামৰ পৰা 60 হেজাৰ ইয়াবা টেবলেট জব্দ কৰাৰ লগতে তিনিজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷ প্ৰায় তিনি কোটি টকা মূল্যৰ টেবলেটখিনি এখন হাৰ্ডৱেৰৰ দোকানত লুকুৱাই থোৱা অৱস্থাত জব্দ কৰিবলৈ সক্ষম হয় সীমান্ত সুৰক্ষা বাহিনীৰ এটা দলে ৷

কৰিমগঞ্জত গ্ৰেপ্তাৰ ড্ৰাগছসহ তিনি সৰবৰাহকাৰী
কৰিমগঞ্জত গ্ৰেপ্তাৰ ড্ৰাগছসহ তিনি সৰবৰাহকাৰী

উল্লেখ্য যে, AS-10-D-5915 নম্বৰৰ এখন পালছাৰ বাইকসহ জুবেৰ আহমেদ, আশুক আহমেদ আৰু আলিমুল হক নামৰ তিনিজন সৰবৰীহকাৰীক আটক কৰে ৷ তিনিওজনৰে ঘৰ নিলাম বজাৰত বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: গোলাঘাটত গ্ৰেপ্তাৰ পাচঁ ড্ৰাগছ সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.