ETV Bharat / state

অসম-মিজোৰামৰ ভূমি বিবাদ নিষ্পত্তি প্ৰসংগত বৈঠক

author img

By

Published : Oct 31, 2020, 2:22 PM IST

অসম-মিজোৰামৰ সীমান্ত বিবাদক কেন্দ্ৰ কৰি কৰিমগঞ্জৰ ইছাৰবিলত অনুষ্ঠিত হ’ব এক বৈঠক ৷ বৈঠকখনত এক স্থায়ী সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱনা ৷

ASSAM MIJORAM BORDER CONFLICT
অসম মিজোৰামৰ ভূমি বিবাদ নিষ্পত্তিৰ বাবে বৈঠক

কৰিমগঞ্জ,31 অক্টোবৰ: অসম আৰু মিজোৰামৰ সীমান্তত চলি আছে সীমা বিবাদ ৷ অসমৰ কেইবাশ বিঘা মাটি দখল কৰিছে মিজোসকলে ৷ তাৰ মাজতে কৰিমগঞ্জ জিলা প্ৰশাসনে মিজোৱে দখল কৰা এটা ঘৰ উচ্ছেদ কৰাৰ পিছত সেই ঘৰ আকৌ দখলৰ লগতে কেইবাশ বিঘা মাটি নতুনকৈ দখল কৰে মিজোৱে । কাছাৰ জিলাৰ উপৰিও কৰিমগঞ্জৰ মেদলীছৰা, ভূবিৰবন্দ এলেকানাধীন অসমৰ প্ৰায় 3 কিল’মিটাৰ মাটি নতুনকৈ দখল কৰে মিজোৰামে ৷ এই ভূমি বিবাদৰ নিষ্পত্তিৰ বাবে শনিবাৰে দুপৰীয়া কৰিমগঞ্জৰ ইছাৰবিলত মিজোৰামৰ মামণি জিলা প্ৰশাসন আৰু কৰিমগঞ্জ জিলা প্ৰশাসনৰ মাজত অনুষ্ঠিত হ’ব এক বৈঠক ৷ উক্ত বৈঠকত এক স্থায়ী সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে দুয়োপক্ষই ৷

লগতে পঢ়ক: ৰাজাখনা পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী ৰাইজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.