ETV Bharat / state

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Nov 16, 2022, 5:00 PM IST

top-10-at-5-pm
5 বজাৰ শীৰ্ষ 10 টা বাতৰি

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

Devendra Fadnavis blast: মহাৰাষ্ট্ৰত নতুন চৰকাৰ গঠনত আছিল অমিত শ্বাহৰ ভূমিকা: ফাড়নাভিছ

মহাৰাষ্ট্ৰত নাটকীয় ঘটনাৰে শিৱসেনাৰ উদ্ধৱ থাকৰে চৰকাৰৰ পতন ঘটাৰ আঁৰত গৃহমন্ত্ৰী অমিত শ্বাহৰ গুৰুত্বপূৰ্ণ ভুমিকা আছিল বুলি বিস্ফোৰণ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছৰ (Deputy CM Devendra Fadnavis blasted on Amit Shah)। বিগত সময়ত ইয়াৰ আঁৰত বিজেপি জড়িত থকা বুলি সৰৱ চৰ্চা হৈছিল যদিও বিজেপিয়ে পোনছাটেই এই অভিযোগ অস্বীকাৰ কৰি অহাৰ সময়তেই এইদৰে বিস্ফোৰণ ঘটালে ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী ফাড়নাভিছে ।

PM announces ex-gratia: মিজোৰামত দুৰ্ঘটনাগ্ৰস্তলৈ আৰ্থিক সাহাৰ্য ঘোষণা প্ৰধানমন্ত্ৰীৰ

মিজোৰামৰ হানথিয়ালত শিলৰ কুঁৱেৰী খহি 12জনকৈ শ্ৰমিক জীৱন্তে পোত যোৱা ঘটনাত শোক প্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ(PM Modi announces ex-gratia) ৷ এই ঘটনাত নিহত আৰু আহত লোকৰ পৰিয়াললৈ আৰ্থিক সাহাৰ্য ঘোষণা প্ৰধানমন্ত্ৰীৰ ৷

Minor Girl Found Dead: ঢেকীয়াজুলিৰ ভকুৱামাৰীত কিশোৰীৰ ৰহস্যজনক মৃত্যু

ঢেকীয়াজুলিৰ ভকুৱামাৰীত শোৱাপাটীত উদ্ধাৰ কিশোৰীৰ মৃতদেহ(Minor Girl Found Dead) ৷ গুৱাহাটীৰ পৰা চিআইডি আৰু ফৰেনচিক দলৰ লগতে ড’গ স্কোৱাড উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷

Millet mission in Assam: এইবাৰ চৰকাৰক ধান বেচি কৃষকে পাব প্ৰতি কুইন্টলত 2040 টকা

এইবাৰ কৃষকৰ পৰা ধন ক্ৰয়ৰ বাবে চৰকাৰে প্ৰতি কুইন্টলত ২০৪০ টকা দৰ নিৰ্ধাৰণ কৰিব (Paddy prices in Assam)। অৰ্থাৎ কৃষকে প্ৰতি কুইন্টল ধান ২০৪০ টকাত বিক্ৰী কৰিব পাৰিব চৰকাৰক । যোৱা বছৰ চৰকাৰে কৃষকৰ পৰা প্ৰতি কুইন্টল ধান ১৯৬০ টকাত ক্ৰয় কৰিছিল । কৃষি বিভাগৰ ধান ক্ৰয় কেন্দ্ৰৰ জৰিয়তে ৬ লাখ ৬০ হাজাৰ মেট্ৰিকটন ধান ক্ৰয় কৰা হৈছিল । এইবাৰ ধান ক্ৰয় কেন্দ্ৰ বৃদ্ধি কৰা হ'ব (Paddy Procurement Centers in Assam)।

Attack on Pacific Zircon : ওমানত তেল পৰিবাহী জাহাজত আক্ৰমণ

আক্ৰমণ কৰা জাহাজখন লাইবেৰিয়ান পতাকাযুক্ত তেল টেংকাৰ পেচিফিক জিৰকন বুলি চিনাক্ত কৰিছে (Attack on Liberian flagged oil tanker)। সেই টেংকাৰখন ছিংগাপুৰস্থিত ইষ্টাৰ্ণ পেচিফিক শ্বিপিঙে পৰিচালিত কৰি আছিল বুলিও জানিব পৰা গৈছে । যিটো ইজৰাইলী কোটিপতি ইদান অফাৰৰ কোম্পানী বুলি জানিব পৰা গৈছে ।

Sonowal Kachari AC Scam : সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদত বৃহৎ কেলেংকাৰীৰ অভিযোগ

উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদতকৈ ভয়াৱহ কেলেংকাৰী সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদত (Big scam in Sonowal Kachari Autonomous Council) । এই অভিযোগেৰে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবত সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সংবাদমেল । সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাক্ৰাৰীক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰি সংবাদমেল সম্বোধন । দীপুৰঞ্জন মাক্ৰাৰীক জাতিদ্ৰোহী আখ্যা সংগঠনটোৰ ।

Kaliabor youth dies in Andhra pradesh: বহিঃৰাজ্যত চলন্ত ৰে’লৰ পৰা পৰি অসমৰ যুৱকৰ মৃত্যু

ৰাজ্যত সঘনাই বহিঃৰাজ্যত অসমৰ যুৱকৰ মৃত্যু হোৱাৰ ঘটনা সংঘটিত হৈ থকাৰ সময়তে এইবাৰ বহিঃৰাজ্যত কলিয়াবৰৰ এজন যুৱকৰ মৃত্যু হোৱাৰ খবৰ পোহৰলৈ আহিছে ( Kaliabor youth dies in Andhra pradesh) ৷ কলিয়াবৰৰ জাৱনী গাঁৱৰ চন্দ্ৰ ছেত্ৰী নামৰ লোকজনে কৰ্মসূত্ৰে বাংগালুৰুলৈ যাত্ৰা কৰিছিল (youth dies after falling from moving train abroad)৷ যোৱা শনিবাৰে চন্দ্ৰই ৰে'লেৰে গৈ থকাৰ পথতে অন্ধ্ৰপ্ৰদেশৰ নেলৰী জিলাৰ কাৱালি ৰে’ল ষ্টেচনৰ সমীপত চলন্ত ৰে’লৰ পৰা পৰি মৃত্যু ঘটে যুৱকজনৰ ৷

Sexual harassment case : ৬০ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি কন্যা শিশু

বৰপেটাত জঘন্য ঘটনা । এগৰাকী বৃদ্ধৰ কামনাৰ বলি হ'ল এটি কন্যা শিশু (60 year old sexually assaults girl child)। মাজদিয়া আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ লম্পট বৃদ্ধ । অভিযুক্ত বৃদ্ধগৰাকী সৰ্থেবাৰী থানাৰ অন্তৰ্গত চেংদি গাঁৱৰ ৬০ বছৰীয়া হুছেইন আলী বুলি জানিব পৰা গৈছে (Old man arrested for sexual assault)।

Thieves loot in school: বিদ্যালয়ত খিচিৰি ৰান্ধি খালে চোৰে, লুটি নিলে বিভিন্ন সামগ্ৰী

নগাঁও চহৰৰ সমীপৰ বৰাগাওঁ ডেকাপাম প্ৰাথমিক বিদ্যালয়ত চোৰৰ লুটপাত চলিল (Nagaon school robbery incident) । ফেন, পানীৰ মটৰ আদি লুটি নিলে চোৰে । মধ্যাহ্ন ভোজনৰ চাউলেৰে খিচিৰি ৰান্ধি খালে চোৰে ।

Students write with both hands: দুয়োখন হাতেৰে 5 টা ভাষাত লিখিব পৰা শিক্ষাৰ্থীৰে ভৰি থকা এখন বিদ্যালয়

মধ্যপ্ৰদেশৰ এখন বিদ্যালয়ৰ শিশুসকলৰ কলাৰ কথা জানি আপুনিও হ’ব আচৰিত । বিদ্যালয়খনৰ শিশুসকলে দুয়োখন হাতেৰে একেসময়তে 5 টা ভিন্ন ভাষাত লিখিব পাৰে । দুয়োখন হাতেৰে একেলগে লিখাটোৱে মনত ৰখাৰ ক্ষমতা বৃদ্ধি কৰে, মন তীক্ষ্ণ কৰে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণভাৱে সময় ৰাহি কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.