ETV Bharat / bharat

Students write with both hands: দুয়োখন হাতেৰে 5 টা ভাষাত লিখিব পৰা শিক্ষাৰ্থীৰে ভৰি থকা এখন বিদ্যালয়

author img

By

Published : Nov 16, 2022, 2:10 PM IST

মধ্যপ্ৰদেশৰ এখন বিদ্যালয়ৰ শিশুসকলৰ কলাৰ কথা জানি আপুনিও হ’ব আচৰিত । বিদ্যালয়খনৰ শিশুসকলে দুয়োখন হাতেৰে একেসময়তে 5 টা ভিন্ন ভাষাত লিখিব পাৰে । দুয়োখন হাতেৰে একেলগে লিখাটোৱে মনত ৰখাৰ ক্ষমতা বৃদ্ধি কৰে, মন তীক্ষ্ণ কৰে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণভাৱে সময় ৰাহি কৰে ।

Students write with both hand
দুয়োখন হাতেৰে 5 টা ভাষাত লিখা এখন গাঁও

নিউজ ডেস্ক, 16 নৱেম্বৰ: আইৰিছ শিল্পী তথা সুৰকাৰ বিলি মেকলাফলিনে ফোকেল ডিষ্টনিয়াই নামৰ এক ৰোগত আক্ৰান্ত হৈ সোঁহাতৰ সক্ষমতা হেৰুৱাই পেলাইছিল ৷ কিন্তু ইয়াৰ পাছতো তেওঁ ধৈৰ্য নেহেৰুৱাই নিজৰ একান্ত প্ৰচেষ্টাত বাওঁহাতেৰে গীতাৰ পৰিবেশনৰ দক্ষতা অৰ্জন কৰে আৰু পুনৰ প্ৰত্যাৱৰ্তন কৰি সমগ্ৰ বিশ্বক আশ্চৰ্যচকিত কৰি তোলে । মেকলাফলিনৰ কৃতিত্বৰ দৰে, মধ্য প্ৰদেশৰ চিংৰাউলি জিলাৰ এখন বিদ্যালয়ৰ সকলো শিক্ষাৰ্থীয়ে দুয়োখন হাতেৰে লিখাৰ দক্ষতা আহৰণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷

দুয়োখন হাতেৰে 5 টা ভাষাত লিখা এখন গাঁও

চিংৰাউলি জিলাৰ বুধেলা গাঁৱৰ বীণা ভাদিনি পাব্লিক স্কুলৰ কৰ্তৃপক্ষই শিক্ষানুষ্ঠানখনৰ সকলো শিক্ষাৰ্থীক দুয়োখন হাতেৰে একেলগে লিখাৰ দক্ষতা প্ৰদান কৰিছে ৷ বীণা ভাদিনি পাব্লিক স্কুলৰ প্ৰায় 100 গৰাকী শিক্ষাৰ্থীয়ে এইক্ষেত্ৰত ইমানেই দক্ষ হৈ পৰিছে যে তেওঁলোকৰ হাত কলম, কম্পিউটাৰৰ কী-বৰ্ডতকৈ দ্ৰুতগতিত চলে (Students write with both hand)। সাধাৰণ ছাত্ৰ-ছাত্ৰীয়ে আধা ঘণ্টাত সম্পূৰ্ণ কৰিব পৰা কাম এই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে মিনিটত সম্পূৰ্ণ কৰে ।

নিৰন্তৰ অনুশীলনৰ বাবে ছাত্ৰ-ছাত্ৰীসকল ইমানেই দক্ষ হৈ পৰিছে যে তেওঁলোকে দুয়োখন হাতেৰে একেলগে লিখাৰ দক্ষতাই সকলোকে মোহাচ্ছন্ন কৰি তুলিছে । তাতোকৈও আচৰিত কথাটো হৈছে এইসকল ছাত্ৰ-ছাত্ৰীয়ে দুয়োখন হাতেৰে একেসময়তে পাঁচটা ভাষাত (হিন্দী, ইংৰাজী, উৰ্দু, স্পেনিছ, সংস্কৃত) লিখিব পাৰে । শিক্ষাৰ্থীসকলে এই দক্ষতাক 'হেৰী পটাৰ'ৰ যাদু বুলি কয় ।

মধ্য প্ৰদেশৰ চিংৰাউলি জিলাৰ এখন সৰু গাঁও বুধেলাৰ এই ব্যক্তিগত বিদ্যালয়খনৰ আধাৰশিলা ১৯৯৯ চনৰ ৮ জুলাইত গাওঁখনৰ বাসিন্দা বীৰাংগদ শৰ্মাই স্থাপন কৰিছিল । তেওঁ জবলপুৰত সেনাৰ প্ৰশিক্ষণ লৈ থকাৰ সময়ত জবলপুৰ ৰেল ষ্টেচনৰ এখন কিতাপত দেশৰ প্ৰথম ৰাষ্ট্ৰপতি ড৹ ৰাজেন্দ্ৰ প্ৰসাদে দুয়োখন হাতেৰে লিখিব পৰাৰ কথা জানিব পাৰে । এয়া কেনেদৰে সম্ভৱ হ'ব পাৰে তাৰ প্ৰতি তেওঁ কৌতূহল সৃষ্টি হয় আৰু এই বিষয়ত অধিক গৱেষণা কৰাৰ বাবে তেওঁ সেনাৰ প্ৰশিক্ষণ এৰি দিয়ে ।

তেওঁ ধাৰাবাহিকভাৱে এই বিষয়ে অধ্যয়ন কৰি প্ৰাচীন নালন্দা বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ প্ৰতিদিনে গড়ে ৩২ হাজাৰ শব্দ লিখাৰ ক্ষমতা থকাৰ কথা জানিব পাৰে । ইয়াৰ পিছত তেওঁ এই সন্দৰ্ভত অধিক অধ্যয়ন কৰে আৰু এক নতুন চিন্তাৰে এই বিদ্যালয়খনৰ ভেঁটি স্থাপন কৰে ৷ তেওঁ প্ৰথমে নিজে দুয়োখন হাতেৰে লিখিবলৈ চেষ্টা কৰিছিল যদিও বিশেষ সফলতা লাভ কৰা নাছিল ৷ ইয়াৰ পিছত, তেওঁ শিশুসকলৰ দুয়ো হাতেৰে লিখাৰ প্ৰশিক্ষণ দিয়ে ৷

শিশুসকলে প্ৰথমে দুয়ো হাতেৰে লিখিবলৈ আৰম্ভ কৰে আৰু ক্ৰমান্বয়ে তেওঁলোকৰ দক্ষতা বৃদ্ধি পাব ধৰে ৷ এতিয়া বিদ্যালয়খনৰ প্ৰতিটো শিশুৱে 11 ঘণ্টাত প্ৰায় 24 হাজাৰ শব্দ লিখে । এই সময়ছোৱাত বীৰাংগদে নিজৰ এলএলবি পাঠ্যক্ৰমো সম্পূৰ্ণ কৰে ৷

এই সন্দৰ্ভত বীৰাংগদক সোধাত তেওঁ কয় যে, "এয়া সাধনাৰ দৰে । ধ্যান, যোগ, সংকল্পৰ দ্বাৰা লক্ষ্য বিচাৰি পোৱা যায় ৷ সেয়েহে বিদ্যালয়খনত দৈনিক প্ৰায় ডেৰ ঘণ্টা ধ্যান আৰু যোগ শিকোৱা হয় । দুয়োখন হাতেৰে একেলগে লিখাটোৱে মনত ৰখাৰ ক্ষমতা বৃদ্ধি কৰে, মন তীক্ষ্ণ কৰে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণভাৱে সময় ৰাহি কৰে । ফলস্বৰূপে, শিশুৱে 1ৰ পৰা 100 লৈ গণনা উৰ্দুত 45 ছেকেণ্ডত, দেৱনাগৰী আৰু ৰোমান লিপি 1 মিনিটত লিখে । তেওঁলোকে এক মিনিটত দুটা ভাষাৰ পৰা 250 টা শব্দ অনুবাদ কৰে ।

চিংৰাউলি জিলা চিকিৎসালয়ৰ মনোৰোগ বিশেষজ্ঞ ডাঃ আশীষ পাণ্ডেই এই সন্দৰ্ভত কয় , "আমাৰ মগজু দুটা ভাগত বিভক্ত । মগজুৰ বাওঁ অংশই সোঁ অংশ নিয়ন্ত্ৰণ কৰে আৰু সোঁ অংশই বাওঁ অংশ নিয়ন্ত্ৰণ কৰে । এই তত্ত্ব অনুসৰি, মানুহে সোঁ বা বাওঁফালৰ পৰা কাম কৰে, কিন্তু 1 শতাংশ লোক আছে যি দুয়োখন হাতেৰে একেলগে কাম কৰে, তেওঁলোকক ক্ৰছ ৱেৰ বুলি কোৱা হয় । তেওঁলোকৰ দুয়োটা অংশ একেলগে কাম কৰিবলৈ বিকশিত হয় আৰু গোটেই মগজুৰ ওপৰত তেওঁলোকৰ একেলগে নিয়ন্ত্ৰণ থাকে ।"

লগতে পঢ়ক : PM announces ex-gratia: মিজোৰামত দুৰ্ঘটনাগ্ৰস্তলৈ আৰ্থিক সাহাৰ্য ঘোষণা প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.