ETV Bharat / state

Thieves loot in school: বিদ্যালয়ত খিচিৰি ৰান্ধি খালে চোৰে, লুটি নিলে বিভিন্ন সামগ্ৰী

author img

By

Published : Nov 16, 2022, 1:21 PM IST

Updated : Nov 16, 2022, 4:00 PM IST

Dekapam
বিদ্যালয়ত খিচিৰি বনাই খালে চোৰে

নগাঁও চহৰৰ সমীপৰ বৰাগাওঁ ডেকাপাম প্ৰাথমিক বিদ্যালয়ত চোৰৰ লুটপাত চলিল (Nagaon school robbery incident) । ফেন, পানীৰ মটৰ আদি লুটি নিলে চোৰে । মধ্যাহ্ন ভোজনৰ চাউলেৰে খিচিৰি ৰান্ধি খালে চোৰে ।

নগাঁও,১৬ নৱেম্বৰ : উজনি-নামনি সকলোতে ৰাসক লৈ বিশেষ ব্যস্ততা অব্যাহত আছে (Raas festival in Assam)। বিভিন্নজনে পৰিয়ালৰ সৈতে ৰাসলীলাৰ ভাওনা অথবা ৰাস মহোৎসৱ চাবলৈ ওলাই গৈছে । কিন্তু তাৰ মাজতে গৃহস্থ নোহোৱা ঘৰত সুবিধা বুজি চোৰে চলাইছে অভিযান (Theft in Assam)।

যাৰ বাবে ৰাসৰ আনন্দ উল্লাহৰ মাজতে ৰাজ্যৰ ভিন্ন প্ৰান্তত চোৰৰ উপদ্ৰৱ বৃদ্ধি হোৱা দেখা গৈছে । বাকী অঞ্চলৰ লগতে নগাঁও জিলাত শেহতীয়াকৈ চোৰৰ উপদ্ৰৱ বৃদ্ধি পাইছে । মানুহৰ ঘৰ, মন্দিৰ বা ধৰ্মীয় স্থান, বিদ্যালয় আদি সকলোতে চোৰে লুটপাত চলোৱা দেখা গৈছে (Robbery in School)।

নগাঁও আৰক্ষীৰ চকুৰ সন্মুখতে নিতৌ জিলাখনত সংঘটিত হৈছে চুৰিকাণ্ড । নগাঁও আৰক্ষীৰ ব্যৰ্থতা উদঙাই এইবাৰ নগাঁৱত পুনৰ লুটপাত চলালে চোৰে । পিছে এইবাৰ চোৰৰ টাৰ্গেট বিদ্যালয় ।

নগাঁও চহৰৰ সমীপৰ বৰাগাওঁ ডেকাপাম প্ৰাথমিক বিদ্যালয়ত মঙলবাৰে নিশা চোৰে লুটপাত চলায় । বিদ্যালয়ৰ বিভিন্ন সামগ্ৰী লুটি নিলে চোৰে । কেৱল এয়াই নহয় শিক্ষাৰ্থীৰ বাবে বিদ্যালয়ত থকা মধ্যাহ্ন ভোজনৰ ওপৰতো চকু দিবলৈ নেৰিলে চোৰে । মধ্যহ্ন ভোজনৰ চাউল, দাইলেৰে খিচিৰি ৰান্ধি খায় গ'ল চোৰে (Thieves eat khichdi in school)।

বিদ্যালয়ত খিচিৰি বনাই খালে চোৰে

জানিব পৰা মতে নিশা তলা ভাঙি বিদ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰে চোৰে । বিদ্যালয়তে নিজে খিচিৰি ৰান্ধিও খালে চোৰে । খোৱাৰ পাছতেই বৈদ্যুতিক মটৰ, ফেন আদি লুটি লৈ গ'ল চোৰৰ দলটোৱে । ১৪ নৱেম্বৰত বিদ্যালয়খনত উদযাপন কৰা শিশু দিৱসৰ বাবে অনা জনজাতীয় সাজ-পোছাকো লুটি নিলে চোৰে ।

আনকি বিদ্যালয়খনৰ বহু গুৰুত্বপূৰ্ণ নথি পত্ৰও তহিলং কৰি থৈ যায় চোৰৰ দলটোৱে । বুধবাৰে পুৱা বিদ্যালয়ত উপস্থিত হোৱাৰ পাছতে বিদ্যালয় কৰ্তৃপক্ষ আচৰিত হৈ পৰে । লগে লগে বিদ্যালয় কৰ্তৃপক্ষই আৰক্ষীক খবৰ দিয়ে ।

আৰক্ষীয়ে বিদ্যালয়ত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে । কিন্তু আৰক্ষী থকাৰ পাছতো জিলাখনত চুৰি, ডকাইতিকে ধৰি বিভিন্ন ধৰণৰ অপৰাধমূলক কাৰ্যকলাপ বৃদ্ধি হোৱাৰ লগে লগে এতিয়া আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰিছে ৰাইজে ।

লগতে পঢ়ক :Excise Officials trapped : ধনদাবী কৰি মহিলাৰ ৰোষত আবকাৰী বিভাগৰ কৰ্মচাৰী

Last Updated :Nov 16, 2022, 4:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.