ETV Bharat / state

Excise Officials trapped : ধনদাবী কৰি মহিলাৰ ৰোষত আবকাৰী বিভাগৰ কৰ্মচাৰী

author img

By

Published : Nov 15, 2022, 7:55 PM IST

Excise Officials Detained in Guwahati
ধনদাবী কৰি মহিলাৰ ৰোষত আবকাৰী বিভাগৰ কৰ্মচাৰী

সুৰাৰ অবৈধ ব্যৱসায়ীৰ পৰা ধন দাবী কৰি গুৱাহাটীত ৰোষত পৰিল আবকাৰী বিভাগৰ কৰ্মচাৰী (Excise Officials trapped in Guwahati)৷ চুলাইৰ ব্যৱসায়ীৰ পৰা 20 হাজাৰ টকা বিচাৰি মহিলাৰ দ্বাৰা আৱদ্ধ হ’ল তিনি কৰ্মচাৰী ৷

গুৱাহাটী, 15 নৱেম্বৰ : অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষী-প্ৰশাসনে অব্যাহত ৰাখিছে তীব্ৰ অভিযান ৷ বিভিন্ন সময়ত অবৈধ সুৰা জব্দ আৰু নষ্ট কৰাৰ লগতে আৰক্ষীয়ে আটক কৰিছে ব্যৱসায়ীক ৷ কিন্তু এইবাৰ এক ব্যতিক্ৰমী দৃশ্য দেখা গ’ল গুৱাহাটীৰ বোন্দাত ৷

আৱকাৰী বিভাগৰ লোকে চুলাইৰ ব্যৱসায়ীক নহয়, এইবাৰ চুলাই ব্যৱসায়ীয়ে আবদ্ধ কৰিলে আৱকাৰী বিভাগৰ লোকক(Public trapped excise department officials in Guwahati)৷ চুলাইৰ ঘাটি উচ্চেদ কৰাৰ ভাবুকিৰে ধন দাবী কৰি ৰাইজৰ ৰোষত পৰিল আবকাৰী বিভাগৰ একাংশ বিষয়া কৰ্মচাৰী ৷ ঘটনাটো সংঘটিত হৈছে মঙলবাৰে ৷ বোন্দাৰ চপাইদাঙত ধন দাবী কৰা আৱকাৰী বিভাগৰ বিষয়া-কৰ্মচাৰী ৰাইজৰ ৰোষত পৰিল ।

ধনদাবী কৰি মহিলাৰ ৰোষত আবকাৰী বিভাগৰ কৰ্মচাৰী

চুলাই মদৰ ব্যৱসায়ীৰ পৰা ২০ হাজাৰ টকাকৈ ধন দাবী কৰাৰ অভিযোগ উত্থাপিত হৈছে আৱকাৰী বিভাগৰ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে । জনজাতীয় লোকৰ বসতি প্ৰধান বোন্দা চপাইদাঙৰ একাংশ লোকে ঘৰতে চুলাই প্ৰস্তুত কৰি আহিছিল (Illegal liquor at Bonda in Guwahati)। কিন্তু উত্থাপিত অভিযোগ অনুসৰি এইসকল চুলাই প্ৰস্তুতকাৰী তথা ব্যৱসায়ীৰ পৰা আবকাৰী বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীয়ে বিভিন্ন সময়ত ধন দাবী কৰি আহিছে ।

আবকাৰী বিভাগৰ তিনি-চাৰিজনীয়া এটা দল মঙলবাৰে বোন্দাৰ চপাইদাঙত পূৰ্বে দাবী কৰা ধন নিবলৈ বুলি উপস্থিত হয় (Bribe demand by govt official in Guwahati)। এই কথা জানিব পাৰি স্থানীয় মহিলাসকল একগোট হৈ বিষয়া-কৰ্মচাৰী কেইজনক আৱদ্ধ কৰি ৰাখে । পিছত পানীখাইতি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ৰাইজে আৱদ্ধ কৰি ৰখা আবকাৰী বিভাগৰ কনিষ্টবল মুকলেশ্বশূৰ ৰহমান, কুমুদ কলিতা আৰু গৌতম বৰুৱাক উদ্ধাৰ কৰি আৰক্ষী চকীলৈ লৈ যায় ।

ইপিনে জনজাতীয় মহিলাসকলৰ পৰা ধন দাবী কৰা আবকাৰী বিভাগৰ লোককেইজনক উপযুক্ত শাস্তিৰ দাবী তুলি পানীখাইতি আৰক্ষী চকীত(Panikhaiti Police Station) অৰ্ধ শতাধিক জনজাতীয় মহিলা উপস্থিত হৈ পৰিস্থিতি উত্তাল কৰি তোলে ।

লগতে পঢ়ক : Cattle Thief in Lakhimpur: গৰুৰ পঘাৰে গৰু চোৰক গছত বান্ধি থ’লে গঞাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.