ETV Bharat / state

Sonowal Kachari AC Scam: সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদত বৃহৎ কেলেংকাৰীৰ অভিযোগ

author img

By

Published : Nov 16, 2022, 3:00 PM IST

Updated : Nov 16, 2022, 7:29 PM IST

উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদতকৈ ভয়াৱহ কেলেংকাৰী সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদত (Big scam in Sonowal Kachari Autonomous Council) । এই অভিযোগেৰে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবত সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সংবাদমেল । সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাক্ৰাৰীক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰি সংবাদমেল সম্বোধন । দীপুৰঞ্জন মাক্ৰাৰীক জাতিদ্ৰোহী আখ্যা সংগঠনটোৰ ।

Sonowal Kachari
Sonowal Kachari

মৰাণ, ১৬ নৱেম্বৰ : উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ এহাজাৰ কোটিটকীয়া বৃহৎ কেলেংকাৰীতকৈও অধিক কেলেংকাৰীয়ে কঁপাইছে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ ভিতৰচ'ৰা (Big scam in Sonowal Kachari Autonomous Council) । বৃহৎ বিত্তীয় কেলেংকাৰী কৰি সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ ধনেৰে অবাধ সম্পত্তিৰ পাহাৰ গঢ়িছে পূৰ্বৰ মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাক্ৰাৰীয়ে (Former SKAC CEM Dipuranjan Makrari scam) ।

ডিব্ৰুগড়ত এই অভিযোগ উত্থাপন কৰি সংবাদমেল সম্বোধন কৰে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাই (All Assam Sonowal Kachari Student Union) । উল্লেখ্য যে বহু কোটি টকাৰ বিত্তীয় কেলেংকাৰীত নাম সাঙোৰ খাই পৰা সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী দীপুৰঞ্জন মাক্ৰাৰীক পৰিষদৰ মুখ্য কাৰ্যবাহী পদৰ পৰা অপসাৰিত কৰি তদন্ত অব্যাহত ৰখাৰ কাৰ্য লেহেমীয়া হোৱাৰ অভিযোগ সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ।

Sonowal Kachari AC Scam : সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদত বৃহৎ কেলেংকাৰীৰ অভিযোগ

মাক্ৰাৰীৰ বিৰুদ্ধে CID-ৰ অনুসন্ধানত পোহৰলৈ অহা ৩৬২ কোটি টকাৰ বিত্তীয় কেলংকাৰীয়েই নহয়, এক হাজাৰ কোটিৰো অধিক কেলেংকাৰী সংঘটিত হোৱাৰ তথ্য সদৰী কৰিছে সোণোৱাল কছাৰী ছাত্ৰ সন্থাই । Tender no : SKAC / 77 / NIQ / 2022- 21/88/69 Dated- 02/01/2022 অটল জ্যোতি যোজনাৰ অধীনত ১৯২০ কোটি টকাৰ এক বৃহৎ কেলেংকৰীৰ তথ্য আজি সংবাদমেলত উত্থাপন কৰে সোণোৱাল কছাৰী ছাত্ৰ সন্থাই । কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা আৱণ্টিত পুঁজি বুলি ভুৱা প্ৰচাৰ আৰু প্ৰৰোচনাৰে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ তদানীন্তন মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাক্ৰাৰীয়ে সংঘটিত কৰিছিল এই দুৰ্নীতি ।

আনহাতে, এক বৃহৎ বিত্তীয় কেলেংকাৰীৰ তদন্ত প্রক্রিয়া ইমান লেহেমীয়া হোৱাৰ বাবেও প্ৰশ্ন উত্থাপন কৰিছে সংগঠনটোৱে । বিত্তীয় কেলেংকাৰীৰ তদন্ত কৰিবলৈ একাধিক বিভাগ থকাৰ পিছতো কেৱল CID-ৰ তদন্ততে অভিযান সামৰি শাসকীয় দলৰ ব্যক্তি হোৱাৰ বাবেই অভিযুক্ত দীপুৰঞ্জন মাক্ৰাৰীক সুৰক্ষা দিয়াৰ অভিসন্ধি চৰকাৰখনে কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে সংগঠনটোৱে । এই বৃহৎ কেলেংকাৰীৰ তদন্ত CBI, ED-লৈ হস্তান্তৰ কৰিবলৈও দাবী উত্থাপন কৰিছে সংগঠনটোৱে ।

দীপুৰঞ্জন মাক্ৰাৰীৰ প্ৰত্যক্ষ তত্ত্বাৱধানত সংঘটিত এই কেলেংকাৰী সন্দৰ্ভত ডিব্ৰুগড় সদৰ থানাত পৰিষদৰ প্ৰধান সচিবগৰাকীৰ এজাহাৰৰ ভিত্তিত পঞ্জীয়নভুক্ত গোচৰ নং ১২৩/২০২২-ৰ অগ্ৰগতি নোহোৱাৰো অভিযোগ সংগঠনটোৰ । উল্লেখ্য যে ভুৱা নিবিদা আহ্বান আৰু কামৰ আৱণ্টন পত্ৰসমূহত তদানীন্তন উপ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল আৰু প্ৰধান সচিব ৰীণা মেচৰ স্বাক্ষৰ জাল কৰি যোগানকাৰীসকলক ভুৱা যোগান নিৰ্দেশনা-পত্ৰ প্ৰদান কৰা বুলি তথ্য সহকাৰে এগৰাকী ACS বিষয়া তথা অতিৰিক্ত উপায়ুক্ত ৰীণা মেচে (পৰিষদৰ প্ৰধান সচিব হিচাপে) তৰা এই গোচৰটোৱে পাবলগীয়া গুৰুত্ব পোৱা নাই বুলি মন্তব্য সংগঠনটোৰ ।

কেলেংকাৰীটোৰ সৈতে জড়িত থকা সন্দেহজনক ব্যক্তিসকলৰ লগতে দীপুৰঞ্জন মাক্ৰাৰীৰ OSD cum Nodal Officer-ৰ প্ৰকৃত পৰিচয় সন্দৰ্ভতো প্ৰশ্ন সংগঠনটোৰ । দীপুৰঞ্জন মাক্ৰাৰীয়ে কি যুক্তি আৰু প্ৰক্ৰিয়াৰে তেওঁলোকক নিযুক্তি দিছিল বুলিও প্ৰশ্ন কৰে সোণোৱাল কছাৰী ছাত্ৰ সন্থাই । এই বিষয়টোও অসম চৰকাৰৰ WPT/BC বিভাগক ৰাজহুৱাকৈ পৰিষ্কাৰ কৰিবলৈ আহ্বান জনাইছে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে ।

লগতে পঢ়ক :Sexual harassment case : ৬০ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি কন্যা শিশু

Last Updated : Nov 16, 2022, 7:29 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.