ETV Bharat / state

Drugs Seized in Karbi Anglong: ডিফুত সন্দেহযুক্ত হেৰ’ইনসহ আটক এটা সৰবৰাহকাৰী

author img

By

Published : Dec 3, 2022, 12:37 PM IST

suspected heroin and money seized at diphu
ডিফুৰ চৰছৰিত সন্দেহযুক্ত হেৰইন জব্দ

ৰাজ্যজুৰি অব্যাহত ড্ৰাগছ বিৰোধী অভিযান(Assam police anti drug campaign) । সমান্তৰালকৈ পাহাৰীয়া জিলা কাৰ্বি আংলঙতো অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান । শুকুৰবাৰেও আৰক্ষীয়ে অভিযান চলাই জিলাখনৰ ডিফুস্থিত চৰছৰিত জব্দ কৰে সন্দেহযুক্ত হেৰ'ইনসহ অৰ্ধ লক্ষাধিক টকাৰ নগদ ধন । লগতে আটক কৰে এটা ড্ৰাগছ সৰবৰাহকাৰীক ।

ডিফু,২ ডিচেম্বৰ: ড্ৰাগছৰ কৰাল গ্ৰাসে আৱৰি ধৰিছে সমগ্ৰ ৰাজ্য (Drugs again seedlings in Assam) । চৰকাৰ প্ৰশাসনৰ কঠোৰ স্থিতিৰ পাছতো দিনক দিনে ড্ৰাগছৰ কৱলত পৰিছে যুৱপ্ৰজন্ম । ইফালে পাহাৰীয়া জিলা কাৰ্বি আংলঙতো বৃদ্ধি পাইছে ড্ৰাগছৰ ব্যৱসায় (Drugs seedlings in Karbi Anglong) । অত্যাধিক ড্ৰাগছ সেৱনৰ ফলতেই পাহাৰীয়া জিলাখনত প্ৰায়ে সংঘটিত হৈছে কেবাটাও অঘটন । তথাপিও যেন আৰক্ষীয়ে নাকী লগাব পৰা নাই বৰবিহ স্বৰূপ ড্ৰাগছৰ সাম্ৰাজ্য চলাই থকা ড্ৰাগছ ব্যৱসায়ীক ৷

ইয়াৰ মাজতে ড্ৰাগছৰ বিৰুদ্ধে কাৰ্বি আংলং আৰক্ষীয়ে চলাই এক অভিযান । পাহাৰীয়া জিলাখনৰ সদৰ চহৰ ডিফুত ড্ৰাগছৰ ৰমৰমীয়া বেহা চলি থকাৰ এক খবৰ লাভ কৰে আৰক্ষীয়ে । প্ৰাপ্ত খবৰ অনুসৰি শুকুৰবাৰে বিয়লিৰ ভাগত ডিফুৰ পানবাৰীত এক গোপন খবৰৰ ভিত্তিত চলোৱা অভিযানত জব্দ কৰে সন্দেহযুক্ত হেৰ’ইনখিনি । জিলা উপ আৰক্ষী অধীক্ষক নিলোৎপল শইকীয়াৰ নেতৃত্বত ডিফু নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জুনটি মজুমদাৰৰ সহযোগত এক অভিযান চলাই চৰছৰি বস্তিৰ আব্দুল খালেক নামৰ এজন লোকৰ পৰা তিনিটা চাধা টেমাত ভৰাই ৰখা অৱস্থাত ৩.২৩ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়(Drug Peddler arrested in Diphu) ।

ডিফুৰ চৰছৰিত সন্দেহযুক্ত হেৰইন জব্দ

ইয়াৰ পিছত ধৃত আব্দুল খালেকৰ স্বীকাৰোক্তিৰ ভিত্তিত খালেকৰ বাসগৃহত তালাচি চলাই হেৰ’ইন ৰখা আৰু খালি চাধা টেমাৰ লগতে নগদ ৫০,৬৫০ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ইফালে ড্ৰাগছ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা লোকজনৰ সৈতে আৰু অধিক লোক থাকিব বুলি উপ-আৰক্ষী অধীক্ষক নিলোৎপল শইকীয়াই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে । ইতিমধ্যে অধিক তথ্য আহৰণৰ বাবে আৰক্ষীয়ে ধৃত আব্দুল খালেকক জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: Road accident in Biswanath : বিশ্বনাথৰ মোনাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত দুই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.