Road accident in Biswanath : বিশ্বনাথৰ মোনাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত দুই

author img

By

Published : Dec 3, 2022, 7:29 AM IST

Two killed in road accident in Biswanath

শুকুৰবাৰে বিয়লি মোনাবাৰীত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা (Road accident in Biswanath)৷ এই দুৰ্ঘটনাত থিতাতে নিহত হয় দুই বাইক আৰোহী ৷

বিশ্বনাথ, 3 ডিচেম্বৰ : শুকুৰবাৰে সন্ধিয়া প্ৰায় 7 বজাত বিশ্বনাথৰ মোনাবাৰীত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা (Road accident in Biswanath)৷ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই ভয়ংকৰ পথ দুৰ্ঘটনাটোত থিতাতে নিহত হয় দুজন মটৰ চাইকেল আৰোহী ।

প্ৰাপ্ত তথ্য অনুসৰি, AS 12P 0474 নম্বৰৰ এখন মটৰ চাইকেলেৰে বাঘমাৰীৰ দিশে গৈ আছিল দুজন আৰোহী ৷ এনে সময়তে তীব্ৰ বেগৰে বিপৰীত দিশৰ পৰা আহি থকা এখন চাৰিচকীয়া বাহনে মহতিয়াই নিয়ে মটৰ চাইকেলখনক ৷ ইফালে দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা উধাও হয় চাৰিচকীয়া বাহনখন ৷

স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি, চাৰিচকীয়া বাহনখনে বিপৰীত দিশৰ পৰা তীব্ৰ বেগৰে আহি খুন্দা মৰাৰ ফলত সংঘটিত হোৱা দুৰ্ঘটনাটোত মটৰ চাইকেলত থকা আৰোহী দুজনে ঘটনাস্থলীতে মৃত্যুক আকোৱালি ল’ব লগা হয় (Two killed in road accident in Biswanath) ৷ ইয়াৰ পাচতেই সেই স্থানত উপস্থিত লোকসকলে আৰক্ষীক খবৰ দিয়ে ৷

দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত জিনজিয়া আৰক্ষীৰ এটা দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ লগতে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা বাহনখনৰ সন্ধানত নিকটৱৰ্তী আৰক্ষী থানাসমূহক অৱগত কৰে ৷ অৱশ্যে দুৰ্ঘটনাটো সংঘটিত কৰি উধাও হোৱা বাহনখন ডাম্বাৰ নে ট্ৰাক আছিল, তাৰ স্পষ্ট তথ্য লাভ কৰা নাই আৰক্ষীয়ে ।

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, শোকাৱহ দুৰ্ঘটনাটোত নিহত ব্যক্তি দুজনৰ এজনক ৰকিবুল ইছলাম বুলি চিনাক্ত কৰা হৈছে যদিও আনজনৰ পৰিচয় চিনাক্ত কৰিব পৰা নাই ৷ ইফালে দুৰ্ঘটনা সংঘটিত কৰি উধাও হোৱা বাহনখনৰ সন্ধানত আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে ৷

উল্লেখ্য যে, সুচল ৰাস্তাঘাটৰ প্ৰসাৰতা বৃদ্ধিৰ লগে লগে বিগত দিনবোৰত উদ্বেগজনকভাৱে বৃদ্ধি পাব ধৰিছে পথ দুৰ্ঘটনাৰ ঘটনা (Increase in road accidents in Assam) । শেহতীয়া এক সমীক্ষা অনুসৰি, ভাৰতবৰ্ষত গড়ে যিমান সংখ্যক লোকে স্বাভাৱিকভাৱে মৃত্যুবৰণ কৰে তাতকৈ অধিক সংখ্যক লোকে পথ দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যুক সাৱটি লয় ৷ এনেধৰণৰ মৃত্যুদূত স্বৰূপ পথ দুৰ্ঘটনাৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায়েই হৈছে সচেতনতা, যি সাধাৰণ জনতা আৰু চৰকাৰৰ সংশ্লিষ্ট বিভাগ উভয় পক্ষকে সামৰি লয় ।

লগতে পঢ়ক : DU Ragging Case : ৰেগিঙৰ কথা সকলোৱে জানক বুলিয়েই জঁপিয়াই দিছিল আনন্দ শৰ্মাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.