ETV Bharat / state

Demanding the formation of autonomous state: স্বায়ত্তশাসিত ৰাজ্য গঠনৰ দাবীত ২৩ মাৰ্চত দিল্লীত ধৰ্ণাত বহিব কেইবাটাও সংগঠন

author img

By

Published : Mar 20, 2023, 10:43 PM IST

Updated : Mar 20, 2023, 10:53 PM IST

অসমৰ তিনি পাহাৰীয়া জিলাক সামৰি স্বায়ত্তশাসিত ৰাজ্য গঠনৰ দাবীত ২৩ মাৰ্চত দিল্লীৰ যন্তৰ মন্তৰত ধৰ্ণাত বহিব কেইবাটাও সংগঠনে (Several organizations will protest at Jantar Mantar on March 23) ৷ স্বায়ত্তৰাজ্য অবিহনে অধিক ক্ষমতাৰ টোপ গ্ৰহণ নকৰে পাৰ্বত্য জিলা তিনিখনৰ দল সংগঠনে ৷

Press conference of KADHASDCOM on autonomous state issue
স্বায়ত্বশাসিত ৰাজ্য গঠনৰ দাবী

স্বায়ত্বশাসিত ৰাজ্য গঠনৰ দাবী

ডিফু, ২০ মাৰ্চ : স্বায়ত্ত ৰাজ্য অবিহনে অধিক ক্ষমতাৰ টোপ গ্ৰহণ নকৰে পাৰ্বত্য জিলা তিনিখনৰ দল সংগঠনে ৷ এই মন্তব্য ‘কাধাচকম’ৰ সভাপতি অজিত তিমুঙৰ ৷ ভাৰতীয় সংবিধানৰ ২৪৪ (ক) ধাৰাৰ অধীনত অসমৰ তিনি পাহাৰীয়া জিলা ক্ৰমে কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাক সামৰি এখন স্বায়ত্তশাসিত ৰাজ্য গঠনৰ দাবীত পুনৰ সৰৱ হৈ পৰিছে জিলাখনৰ কেইবাটাও দল-সংগঠন ।

উল্লেখিত দাবীৰ সমৰ্থনত জিলাখনৰ কেইবাটাও দল-সংগঠনে দেশৰ ৰাজধানী চহৰ নতুন দিল্লীৰ যন্তৰ মন্তৰত ধৰ্ণাত অৱস্থান কৰাৰ কথা ঘোষণা কৰিছে । কাৰ্বি আংলং ডিমা হাচাও স্বায়ত্তশাসিত ৰাজ্য দাবী সমিতি চমুকৈ ‘কাধাচকম’ৰ তৰফৰ পৰা সোমবাৰে ডিফুত এক সংবাদমেলৰ আয়োজন কৰি ‘কাধাচকম’ৰ সভাপতি অজিত তিমুঙে অহা ২৩ জানুৱাৰীত যন্তৰ মন্তৰত কেইবাটাও দল-সংগঠনৰ প্ৰতিনিধিয়ে স্বায়ত্তশাসিত ৰাজ্যৰ দাবীৰ সমৰ্থনত ধৰ্ণা প্ৰদৰ্শন কৰিব বুলি মন্তব্য কৰে (Several organizations will protest at Jantar Mantar on March 23 demanding the formation of autonomous state)।

উক্ত প্ৰতিবাদী কাৰ্যসূচীত সংগঠনসমূহৰ কমেও চাৰি শতাধিক প্ৰতিবাদকাৰীয়ে অংশ ল’ব বুলিও সভাপতিগৰাকীয়ে কয় । ‘কাধাচকম’ৰ সভাপতি-সম্পাদক ক্ৰমে অজিত তিমুং আৰু ছিং তিমুঙৰ নেতৃত্বত প্ৰদৰ্শিত হ’বলগীয়া উক্ত ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলগীয়া দল-সংগঠনসমূহ ক্ৰমে কাধাচকম, কে এছ এ, ডি এছ ইউ, কে আৰ এ, কাৰছা, কুয়া, কাৰ্বি আদৰবাৰ, জে এন এইচ, তিৱা দৰবাৰ, কাৰা, বিজেপি আৰু অন্য ৰাজনৈতিক দলসমূহ (Press conference of KADHASDCOM on autonomous state issue)।

সংবাদ মাধ্যমক সম্বোধন কৰি ‘কাধাচকম’ৰ সভাপতি অজিত তিমুঙে কয় যে তিনিখন পাৰ্বত্য জিলাত সংঘটিত গোষ্ঠীগত আৰু ভাতৃগত সংঘৰ্ষ পাহৰি স্বায়ত্তৰাজ্য হাচিল কৰিবলৈ সংকল্পবদ্ধ হ’ব লাগে ৷ মেঘালয়ৰ নেতাসকলে ৰাজ্য পাবলৈ যিদৰে সৰ্বোচ্চ ত্যাগ কৰাৰ লগতে ক্ষমতাৰ কথা নেভাবি কেৱল ৰাজ্য লাভৰ কথা ভাৱি ৰাজ্য লাভ কৰিছিল, তেনে উদ্দেশ্য আগত ৰাখি তিনি পাৰ্বত্য জিলাৰ নেতাসকলেও ত্যাগ স্বীকাৰ কৰি স্বায়ত্তৰাজ্য পাবলৈ উঠি পৰি লাগিব লাগে ৷

স্বায়ত্তৰাজ্যৰ বাবে চৰকাৰে দিয়া অধিক ক্ষমতাৰ টোপ আৰু কাৰবি আংলঙৰ ৰাইজ আৰু দল-সংগঠনে গ্ৰহণ নকৰে ৷ স্বায়ত্তৰাজ্য হাচিলৰ বাবে তিনি পাৰ্বত্য জিলাই বহুত হেৰুৱাইছে ৷ এতিয়া স্বায়ত্তৰাজ্য পাবই লাগিব বুলি কয় ৷ আনহাতে, সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কেএছএৰ সভাপতি থানছিং তিমুঙে কয় যে বিগত ৪০ বছৰে ভাৰতীয় সংবিধান প্ৰদত্ত দাবী ২৪৪(ক) ৰূপায়ণৰ দাবীত সংগ্ৰাম কৰাৰ পিচত কোনো এখন কেন্দ্ৰীয় চৰকাৰে সেই দাবী পূৰণ কৰা নাই ৷

বৰ্তমান কেন্দ্ৰ আৰু ৰাজ্য আৰু দুয়োখন স্বায়ত্তশাসিত পৰিষদত বিজেপিৰ চৰকাৰ যদিও আজিলৈকে স্বায়ত্তৰাজ্যৰ দাবী পূৰণ নহ'ল ৷ তিনিখন পাৰ্বত্য জিলাৰ নেতাসকলে স্বায়ত্তৰাজ্য পাবলৈ কেন্দ্ৰক হেঁচা প্ৰয়োগ কৰক আৰু কেন্দ্ৰই মান্তি নহ’লে তিনি পাৰ্বত্য জিলাৰ ৰাইজৰ আৱেগৰ প্ৰতি সন্মান জনাই নৈতিক দায়িত্ব স্বীকাৰ কৰি নেতাসকলে পদত্যাগ কৰক ৷ স্বায়ত্তৰাজ্য নাপালে তিনি পাৰ্বত্য জিলাৰ দল সংগঠন অধিক আন্দোলনমুখী হোৱাৰো হুংকাৰ প্ৰদান কৰে ৷

লগতে পঢ়ক : Helicopter crash in Arunachal: ‘বাৰ্মুদা ট্ৰায়েংগল’ হৈ পৰিছে নেকি অৰুণাচলৰ দুৰ্গম পাহাৰীয়া অঞ্চল ?

Last Updated : Mar 20, 2023, 10:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.