ETV Bharat / state

কাৰ্বি আংলঙৰ ডিলাইত সন্দেহযুক্ত হেৰ'ইনসহ এজনক আটক

author img

By

Published : Mar 17, 2022, 5:31 PM IST

ড্ৰাগছ বিৰোধী অভিযানৰ মাজতে কাৰ্বি আংলঙত পুনৰ জব্দ সন্দেহযুক্ত হেৰ'ইন (Suspected heroin seized in Karbi Anglong)। বাছত যাত্ৰা কৰি থকা এজন লোকে সৰবৰাহৰ চেষ্টা কৰিছিল হেৰ'ইনখিনি । সৰবৰাহকাৰীজনক আটক কৰে ডিলাই আৰক্ষীয়ে ।

Heroin seized in Karbi Anglong
কাৰ্বি আংলঙৰ ডিলাইত সন্দেহযুক্ত হেৰ'ইনসহ এজনক আটক

ডিফু, ১৭ মাৰ্চ : অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিয়ান অব্যাহত আছে (Assam Police raid against drugs)। কিন্তু শেহতীয়াকৈ কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তত ড্ৰাগছ মাফিয়াসকলে অব্যাহত ৰাখিছে এই নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহ ৷ বৃহস্পতিবাৰে পুৱাই এক গোপন সূত্ৰৰ ভিত্তিত ডিলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লুৎফুৰ ৰহমানৰ নেতৃত্বত উপ-পৰিদৰ্শক প্ৰফুল্ল পেগু আৰু আৰক্ষীৰ এটা দলে অভিযান চলায় । ডিলাই তিনি আলিত তালাচী চলায় আৰক্ষীৰ দলটোৱে ৷

Heroin seized in Karbi Anglong
কাৰ্বি আংলঙৰ ডিলাইত সন্দেহযুক্ত হেৰ'ইনসহ এজনক আটক

সেই সময়তে ডিমাপুৰৰ পৰা বোকাজান হৈ আহি থকা AS-01-NC-1849 নম্বৰৰ এখন বাছত আৰক্ষীয়ে তালাচী চলায় । তালাচীৰ সময়ত অভিযানকাৰী দলটোৰ বাছখনৰ এজন যাত্ৰীৰ ওপৰত সন্দেহ হয় । তাৰ পাছতে যাত্ৰীজনক তন্ন-তন্নকৈ পৰীক্ষা কৰাত তেওঁৰ পৰা ১২.০২ গ্ৰাম ওজনৰ সন্দেহযুক্ত হেৰ'ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Suspected heroin seized in Karbi Anglong) ৷

এই সন্দৰ্ভত ড্ৰাগছ সৰবৰাহকাৰী নগাওঁ জিলাৰ ধিং থানাৰ অন্তৰ্গত নুৰ হাইৰ পুত্ৰ ছফিকুল ইছলাম বছৰক আৰক্ষীয়ে আটক কৰে (Drugs smuggler arrested in Dilai )। আৰক্ষীয়ে অধিক তথ্যৰ বাবে সৰবৰাহকাৰীজনক জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷ উদ্ধাৰ হোৱা সন্দেহযুক্ত হেৰ'ইনখিনি বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ উপস্থিতিত জব্দ কৰা হয় ৷

লগতে পঢ়ক :Operation against drugs: ডবকাত ড্ৰাগছসহ দম্পতীক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.