ETV Bharat / state

Burmese Supari seized : বোকাজানত ২,৫০০ বস্তা বাৰ্মিজ চুপাৰিসহ আটক চাৰি সৰবৰাহকাৰী

author img

By

Published : Feb 11, 2023, 10:15 PM IST

Burmese Supari seized
ডিলাই আৰক্ষীৰ তালাচীত ২৫০০ বস্তা বাৰ্মিজ চুপাৰিসহ আটক চাৰি সৰবৰাহকাৰী

কাৰ্বি আংলঙৰ বোকাজানত শনিবাৰে জব্দ কৰা হ’ল বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি ৷ চুপাৰিখিনি জব্দ কৰাৰ লগতে আটক কৰা হয় চাৰিটা সৰবৰাহকাৰীক ৷ ডিলাই আৰক্ষীৰ তালাচীত জব্দ কৰা হয় চুপাৰিখিনি (Burmese supari seized at Bokajan)৷

ডিফু, ১১ ফেব্ৰুৱাৰী : ৰাজ্যত বৰ্তমানেও অব্যাহত আছে বাৰ্মিজ চুপাৰিৰ অবৈধ সৰবৰাহ ৷ কাৰ্বি আংলঙৰ বোকাজান মহকুমাৰ অধীনৰ ডিলাই আৰক্ষীৰ তালাচীত জব্দ হোৱা বৃহৎ পৰিমানৰ বাৰ্মিজ চুপাৰিভৰ্তি ট্ৰাকখনে তাৰেই সত্যতা প্ৰমান কৰিছে ৷

শনিবাৰে মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এএছ-২৫- এফচি ৮৯৯৯ নম্বৰৰ ১৬ চকীয়া ট্ৰাকখনত আৰক্ষীয়ে তালাচী চলাই ট্ৰাকখনৰ পৰা ২,৫০০ বস্তা বাৰ্মিজ চুপাৰি জব্দ কৰাৰ লগতে চাৰিটাকৈ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় (Burmese supari seized at Bokajan)৷ আজি আৰক্ষীয়ে জব্দ কৰা বাৰ্মিজ চুপাৰিখিনি কোনে ক'ৰ পৰা কেনেকৈ অসমৰ মাজেৰে অবৈধভাবে সৰবৰাহৰ চেষ্টা চলাইছিল সেই কথা জানিব পৰা হোৱা নাই যদিও আৰক্ষীৰ তদন্ততহে প্ৰকৃত তথ্য পোহৰলৈ আহিব ৷

ইতিমধ্যে আৰক্ষীয়ে অধিক তদন্তৰ বাবে ধৃত সৰবৰাহকাৰীকেইটাৰ নাম-ঠিকনাও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা নাই ৷ উল্লেখ্য যে, পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ মাজেৰে যোৱা ৩৯ নং আৰু ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ দুটাক ক'ৰিডৰ হিচাবে ব্যৱহাৰ কৰি একাংশ অসাধু ব্যৱসায়ীয়ে নিতৌ বাৰ্মিজ চুপাৰি, বাৰ্মিজ জালুক, বাৰ্মিজ ডালচেনি, বাৰ্মিজ নহৰু আদি বহিঃৰাজ্যৰ লগতে বহিঃজিলালৈ সৰবৰাহ কৰি কোটি টকাৰ মুনাফা লুটি আহিছে (Burmese Supari seized in Karbi Anglong)৷

আনহাতে শনিবাৰে গোলাঘাট জিলাৰ সৰুপথাৰতো আৰক্ষীয়ে বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে অভিযান চলায় ৷ জিলাখনৰ সৰুপথাৰ আৰক্ষীয়ে চলোৱা এই অভিযানত বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ কৰে (Burmese supari seized at Sarupathar) ৷ চুপাৰিখিনি জব্দ কৰাৰ লগতে আটক কৰে দুটাকৈ সৰবৰাহকাৰীকো । সৰুপথাৰ আৰক্ষীয়ে তালাচী চলাই থকা সময়তে AS 01MC 6343 নম্বৰৰ এখন সামগ্ৰী কঢ়িওৱা বাহনত সৰবৰাহ কৰা অৱস্থাত ১৭ বস্তা বাৰ্মিজ চুপাৰি জব্দ কৰিবলৈ সক্ষম হয় (Burmese Supari seized) ৷

লগতে পঢ়ক: Burmese Supari seized: সৰুপথাৰত অবৈধ বাৰ্মিজ চুপাৰীসহ দুজনক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.