Burmese Supari seized: সৰুপথাৰত অবৈধ বাৰ্মিজ চুপাৰীসহ দুজনক আটক

By

Published : Feb 11, 2023, 9:23 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

thumbnail

গোলাঘাট,১১ ফ্ৰেব্ৰুৱাৰী: ৰাজ্যত বিভিন্ন নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত থকাৰ সমান্তৰালকৈ বাৰ্মিজ চুপাৰীৰ সৰবৰাহ আৰু বানিজ্যৰ বিৰুদ্ধেও আৰক্ষীয়ে চলাই গৈছে অভিযান । আৰক্ষীৰ তীব্ৰ অভিযানৰ লগত ফেৰ মাৰি অসাধু চক্ৰই বিভিন্নপন্থাৰে চলাই গৈছে নিষিদ্ধ বাৰ্মিজ চুপাৰীৰ অবৈধ ব্যৱসায় । গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত এইবাৰ গোলাঘাট জিলাৰ সৰুপথাৰত গোলাঘাট আৰক্ষীয়ে চলালে বাৰ্মিজ চুপাৰীৰ বিৰুদ্ধে অভিযান । জিলাখনৰ সৰুপথাৰ আৰক্ষীয়ে চলোৱা এই অভিযানত জব্দ কৰে বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰী(Burmese supari seized in Sarupothar) । লগতে আটক কৰে দুটাকৈ সৰবৰাহকাৰীকো । 

জানিব পৰা মতে, সৰুপথাৰ আৰক্ষীয়ে সৰুপথাৰত তালাচি চলাই থকা সময়তে AS 01MC 6343 নম্বৰৰ এখন সামগ্ৰী কঢ়িওৱা চাৰিচকীয়া বাহনত সৰবৰাহ কৰা অৱস্থাত ১৭ বস্তা বাৰ্মিজ চুপাৰী জব্দ কৰিবলৈ সক্ষম হয়(Burmese Supari seized) । চুপাৰীখিনি অসম নগালেণ্ড সীমান্তৰ চুঙাজান হৈ দুজন লোকে সামগ্ৰী কঢ়িওৱা বাহখনেৰে কেঁচা তামোলৰ বস্তাৰ মাজত অবৈধ চুপাৰীখিনি ভৰাই সৰবৰাহ কৰিবলৈ লওতেই সৰুপথাৰ আৰক্ষীৰ জালত পৰে চুপাৰীসহ সৰবৰাহকাৰী দুটা(Sarupothar Police seized Burmese supari) । 

সৰুপথাৰ আৰক্ষীয়ে চুপাৰীখিনি জব্দ কৰাৰ লগতে আটক কৰা সৰবৰাহকাৰী দুটা মৰিগাঁও জিলাৰ লাহৰিঘাট থানাৰ অন্তৰ্গত নজৰুল ইচলাম আৰু চাদ্দাম হুচেইন বুলি জানিবলৈ দিছে । ইতিমধ্যে অধিক তথ্যৰ বাবে আৰক্ষীয়ে আটক কৰা দুয়োটা সৰবৰাহকাৰীক জেৰা অব্যাহত ৰাখিছে । 

উল্লেখ্য যে, ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষীয়ে অভিযান চলাই বিভিন্ন সময়ত বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ কৰি অহাৰ লগতে গ্ৰেপ্তাৰ কৰিছে বহুকেইটা সৰবৰাহকাৰীক । ইয়াৰ পাছতে আৰক্ষীৰ চকুত ধুলি দি অপৰাধী চক্ৰই ন ন পন্থা অৱলম্বন কৰি চলাই গৈছে বাৰ্মিজ চুপাৰীকে ধৰি বিভিন্ন নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহ । 

লগতে পঢ়ক: Clean Maran Green Maran: পঞ্চায়তৰ হাতলৈ যোৱাৰে পৰাই অধিক কদৰ্যময় হ'ল মৰাণ

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.