ETV Bharat / state

ড৹ কৰবী ডেকা হাজৰিকাক ৰংবং তেৰাং সমন্বয় বঁটা প্ৰদান

author img

By ETV Bharat Assamese Team

Published : Jan 13, 2024, 8:39 PM IST

Rongbong Terang Award 2024: বকলীয়াঘাট ৰূকাছেন মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত শনিবাৰে ৰংবং তেৰাং সমন্বয় বঁটা প্ৰদান কৰা হয় । এই বছৰ বিশিষ্ট সাহিত্যিক ড৹ কৰবী ডেকা হাজৰিকাক প্ৰদান কৰা হয় এই বঁটা ।
Rongbong Terang Award
ড৹ কৰবী ডেকা হাজৰিকাক ৰংবং তেৰাং সমন্বয় বঁটা প্ৰদান

ড৹ কৰবী ডেকা হাজৰিকাক ৰংবং তেৰাং সমন্বয় বঁটা প্ৰদান

ডিফু, ১৩ জানুৱাৰী : বিশিষ্ট সাহিত্যিক তথা শিক্ষাবিদ ড৹ কৰবী ডেকা হাজৰিকাক আজি প্ৰদান কৰা হয় ২০২৪ বৰ্ষৰ পদ্মশ্ৰী ৰংবং তেৰাং সমন্বয় বঁটা । বকলীয়াঘাট চিংথুৰ প্ৰকাশনৰ দ্বাৰা এই বঁটা প্ৰদান কৰা হয় । বকলীয়াঘাটৰ চিংথুৰ প্ৰকাশনৰ উদ্যোগত বিগত ২০১৭ চনৰ পৰা 'ৰংমিলিৰ হাঁহি'ৰ স্ৰষ্টা পদ্মশ্ৰী ৰংবং তেৰাঙৰ পৱিত্ৰ জন্মদিনৰ লগত সংগতি ৰাখি ১৩ জানুৱাৰীত ৰংবং তেৰাং সমন্বয় বঁটা প্রদান কৰি অহা হৈছে ।

তাৰ অংশ হিচাপে ২০২৪ চনৰ ৰংবং তেৰাং সমন্বয় বঁটা বিশিষ্ট সাহিত্যিক, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত বিভাগীয় প্ৰধান ড৹ কৰবী ডেকা হাজৰিকাক এই বঁটাৰ বাবে মনোনীত কৰা হয় ৷

উল্লেখ্য যে, এই বিশেষ বঁটা ক্ৰমান্বয়ে ২০১৭ চনত বিশিষ্ট সাহিত্যিক তথা লোক-সংস্কৃতিৰ গৱেষক পণ্ডিত ডঃ বীৰেন্দ্ৰ নাথ দত্ত, ২০১৮ চনত বিশিষ্ট ঔপন্যাসিক য়েছে দৰজে ঠংছি, ২০১৯ চনত বিশিষ্ট সাহিত্যিক তথা সাংবাদিক হোমেন বৰগোহাঞি, ২০২০ চনত প্ৰখ্যাত সাহিত্যিক তথা সাংবাদিক ডঃ নগেন শইকীয়া, ২০২১ চনত বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰকুমাৰ দেৱ চৌধুৰী, ২০২২ চনত আউনিআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পিতাম্বৰ দেৱ গোস্বামী আৰু ২০২৩ বৰ্ষত বিশিষ্ট চিত্ৰশিল্পী বীৰেণ সিংহক প্ৰদান কৰা হৈছিল ৷

এই বঁটাত নগদ ধনৰ লগতে পৰম্পৰাগত কাৰ্বি সাজ-পোছাক আৰু স্থানীয় লেখকৰ গ্ৰন্থৰ টোপোলা আদি প্রদান কৰা হয় । অনুষ্ঠানত কেইবাখনো গ্রন্থও উন্মোচন কৰা হয় ৷ উক্ত সভাত ৰংবং তেৰাঙৰ উপৰিও বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংছি, সাহিত্য অকাডেমী বঁটাপ্রাপক জয়ন্ত মাধৱ বৰা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য কন্দৰ্প কুমাৰ ডেকা, কাৰ্বি আংলং জিলা সাহিত্য সভাৰ বিষয়ববীয়াসকল উপস্থিত থাকে ৷ এই অনুষ্ঠানতে বিভিন্ন দল-সংগঠনে বঁটাপ্ৰাপক ড৹ কৰবী ডেকা হাজৰিকাক সম্বৰ্ধনা জ্ঞাপন কৰে ৷

লগতে পঢ়ক :৮ দিনীয়া কাৰ্যসূচীৰে কাৰ্বি যুৱ মহোৎসৱৰ শুভাৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.