ETV Bharat / state

৮ দিনীয়া কাৰ্যসূচীৰে কাৰ্বি যুৱ মহোৎসৱৰ শুভাৰম্ভ

author img

By ETV Bharat Assamese Team

Published : Jan 13, 2024, 6:02 PM IST

Karbi Youth Festival
৮ দিনীয়া কাৰ্যসূচীৰে কাৰ্বি যুৱ মহোৎসৱৰ শুভাৰম্ভ

কাৰ্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে তাৰালাংচ'ত উখল মাখল পৰিৱেশ (Karbi Youth Festival)। শনিবাৰে সাংস্কৃতিক শোভাযাত্ৰাত হাজাৰ হাজাৰ লোকৰ অংশগ্ৰহণ । দেশ-বিদেশৰ অতিথিও আহিল যুৱ মহোৎসৱলৈ ।

৮ দিনীয়া কাৰ্যসূচীৰে কাৰ্বি যুৱ মহোৎসৱৰ শুভাৰম্ভ

ডিফু, ১৩ জানুৱাৰী : কাৰ্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে ৷ ৮ দিনীয়া কাৰ্যসূচীৰে ৰংমিলিৰ হাঁহিৰ দেশত উৰিল কাৰ্বি লোক কৃষ্টি সংস্কৃতিৰ বিজয় ধ্বজা ৷ উখল-মাখল তাৰলাংচ'ৰ বাকৰি ৷ কাৰ্বি পৰাম্পৰাগত লোক-কৃষ্টিৰ অমিয় সুবাসেৰে মুখৰিত হৈছে কাৰ্বি সাংস্কৃতিক প্ৰকল্প ৷ জিলাখনত বসবাস কৰা প্ৰতিটো জনগোষ্ঠীৰ পৰাম্পৰাগত কৃষ্টি-সংস্কৃতিক অগ্ৰাধিকাৰ দি উদ্যোক্তাই আয়োজন কৰিছে এই কাৰ্যসূচীৰ ।

৮২৭ বিঘা ভূমিৰ তাৰলাংচ'ৰ বাকৰিত শিল্পীগ্ৰাম, বিভাগীয় প্ৰদৰ্শনীস্থলী, বজাৰ গৃহ, ক্ৰীড়াংগন, জনগোষ্ঠীয় আৱাস গৃহ, জনগোষ্ঠীয় নৃত্য আৰু কলা প্ৰদৰ্শনীৰ বাবে (আচেথাই) মঞ্চসমূহ বিভিন্ন আলোক সজ্জাৰে সজাই পৰাই তোলা হৈছে ৷ ইফালে ১৯৭৪ চনৰ পৰাই ধাৰাবাহিকভাৱে অনুষ্ঠিত হৈ অহা যুৱ মহোৎসৱ উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম শ্ৰেষ্ঠ আৰু পুৰণি যুৱ মহোৎসৱ হিচাপে পৰিগণিত হৈ আহিছে ৷

সোণালী জয়ন্তী বৰ্ষ গৰকা কাৰ্বি যুৱ মহোৎসৱ এইবাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব প্ৰায় ৭০ ফুট উচ্চতাৰ কাৰ্বি নথেংপি (প্ৰাসাদ) ৷ যুৱ মহোৎসৱৰ অংশ হিচাপে শনিবাৰে এক বিশাল শোভাযাত্ৰা উলিওৱা হয় । য'ত বিভিন্ন প্ৰান্তৰ ৩৪ খন মাণ্ডলিক কমিটি আৰু বিভিন্ন জিলাৰ পৰা আমন্ত্ৰিত ১৬ খন মাণ্ডলিক কমিটিৰ ৫ সহস্ৰাধিক শিল্পীয়ে নিজ নিজ কলা-সংস্কৃতি প্ৰদৰ্শন কৰে ।

সাংস্কৃতিক শোভাযাত্ৰাৰ নেতৃত্ব দিয়ে কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ'ই ৷ পিচত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙৰ দ্বাৰা হেম্ফু মুক্ৰাংত থলীত সোণালী জয়ন্তী বৰ্ষৰ উদ্ধোধন কৰা হয় । ইয়াৰ পিচতে কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ'ই ৫০ সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ পতাকা উত্তোলন কৰে ৷ কাৰ্যসূচীত লাওচ, কম্বোডিয়া, ম্যানমাৰ,ভিয়েটনাম, ঘানা, ইথ'পিয়া আদিৰ প্ৰতিনিধি উপস্থিত থাকে ৷ ইফালে চৰকাৰৰ কেইবাগৰাকী নেতা তথা উচ্চ পদস্থ বিষয়াইও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :বৰ্ণিল শোভাযাত্ৰাৰে আৰম্ভ 50 সংখ্যক কাৰ্বি যুৱ মহোৎসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.