ETV Bharat / state

Ayushman Bhava campaign:আয়ুষ্মান ভৱ অভিযানকলৈ জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ যুটীয়া সংবাদমেল

author img

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 9:20 PM IST

Updated : Sep 17, 2023, 12:46 PM IST

ডিফুত আয়ুষ্মান ভৱ অভিযানকলৈ জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ যুটীয়া সংবাদমেলৰ আয়োজন কৰা হয় ৷

Joint Press Conference of District Administration and Health Department on Ayushman Bhava campaign
যুটীয়া সংবাদমেল

যুটীয়া সংবাদমেল

ডিফু, ১৬ ছেপ্টেম্বৰ : ভাৰত চৰকাৰে আৰম্ভ কৰা আয়ুষ্মান ভৱ অভিযান কালিৰে পৰা কাৰ্বি আংলং জিলাত আৰম্ভ হ’ব ৷ শনিবাৰে জিলা আয়ুক্ত কাৰ্যালয়ত জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে এক যুটীয়া সংবাদমেল যোগে এই কথা জানিবলৈ দিয়ে ৷

জিলা আয়ুক্ত মধুমিতা ভাগৱতী আৰু জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক বৰচিং ৰংপিয়ে এই সংবাদমেল সম্বোধন কৰে ৷ জিলা আয়ুক্তগৰাকীয়ে কয় যে, ১৭ ছেপ্টেম্বৰৰ পৰা দুই অক্টোবৰলৈ এই অভিযান চলিব ৷ এই অভিযান তিনি ভাগত বিভক্ত কৰা হৈছে ৷ ইয়াৰ ভিতৰত নতুন আয়ুষ্মান ভৱৰ কাৰ্ড প্ৰদানৰ অভিযান চলিব ৷ নতুনকৈ এই কাৰ্ড বনোৱা হ’ব আৰু কাৰ্ডসমূহ ঘৰে ঘৰে বিতৰণ কৰা হ’ব ৷

অভিযানৰ অংশ হিচাপে আয়ুষ্মান মেলা অনুষ্ঠিত কৰা হ’ব আৰু এই মেলা প্ৰতি শনিবাৰে চি এইছ চিত অনুষ্ঠিত হ’ব ৷ বকলীয়া, হাওৰাঘাট, ধেন্টাঘাট আৰু বোকাজান এই চাৰি স্থানত এই মেলা অনুষ্ঠিত হ’ব ৷ এই মেলাত ডিফু চিকিৎসা মহাবিদ্যালয়ৰ বিশেষজ্ঞ চিকিৎসকে গৈ ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰিব ৷ প্ৰয়োজনত ৰোগীক চিকিৎসাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ প্ৰেৰণ কৰা হ’ব ৷

আয়ুষ্মান মেলাৰ লগতে ৰক্তদান অভিযানো অনুষ্ঠিত হ’ব ৷ ইয়াৰোপৰি আয়ুষ্মান সভা অনুষ্ঠিত কৰা হ’ব ৷ সকলো ভিডিচি পৰ্যায়ত এই সভা অনুষ্ঠিত হ’ব ৷ ইয়াৰ লগতে চাফাই অভিযানো চলি থাকিব বুলি তেওঁ ব্যক্ত কৰে ৷ কাৰ্বি আংলং জিলাত ৩১ ডিচেম্বৰ পৰ্যন্ত এই আয়ুষ্মান মেলা বিভিন্ন চিএইছচিত অনুষ্ঠিত হ’ব বুলি সদৰী কৰে ৷ ইতিমধ্যে জিলাখনত এক লাখ পছপন্ন হাজাৰ কাৰ্ড প্ৰদান কৰা হৈছে আৰু এক লাখ কাৰ্ড এই জিলাত প্ৰদান কৰা হ’ব বুলি জিলা আয়ুক্তই প্ৰকাশ কৰে ৷ এই কাৰ্ডৰ বাবে কোনো ধন প্ৰদানৰ প্ৰয়োজন নহয় বুলিও আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে ৷ অৱশ্যে এন এফ এছ এৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলেহে আয়ুষ্মান কাৰ্ড লাভ কৰিবলৈ সক্ষম হ’ব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : Ayushman bhava campaign:ধেমাজিত স্বাস্থ্য বিভাগৰ আয়ুষ্মান ভৱ অভিযান সম্পৰ্কত সংবাদমেল

Last Updated :Sep 17, 2023, 12:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.