ETV Bharat / state

Independence day 2023: ডিফুত স্বাধীনতা দিৱস উদযাপন

author img

By

Published : Aug 16, 2023, 7:48 PM IST

Independence Day celebrations in Diphu
ডিফুত স্বাধীনতা দিৱস উদযাপন

মঙলবাৰে সমগ্ৰ দেশে উদযাপন কৰে ৭৭ সংখ্যক স্বাধীনতা দিৱস । দেশ তথা সমগ্ৰ ৰাজ্যৰ সমান্তৰালভাৱে কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুতো কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় স্বাধীনতা দিৱসটি ।

ডিফুত স্বাধীনতা দিৱস উদযাপন

ডিফু,১৬ আগষ্ট: ৭৫ সংখ্যক স্বাধীনতাৰ গৌৰৱোজ্জল অমৃত মহোৎসৱৰ সফল সামৰণি পৰাৰ পিছত মঙলবাৰে দেশজুৰি উদযাপন কৰা হয় ৭৭ সংখ্যক স্বাধীনতা দিৱস ৷ সমগ্ৰ দেশৰ লগত সংগতি ৰাখি মঙলবাৰে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত কেন্দ্ৰীয় ভাবে ত্ৰিৰংগা পতাকা উত্তোলন কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডাঃ তুলিৰাম ৰংহাঙে ৷

ডিফুৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত কাৰ্বি আংলং জিলা প্ৰশাসনৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় ৭৭ সংখ্যক স্বাধীনতা দিৱস ৷ পতাকা উত্তোলনৰ পূৰ্বে মুখ্য কাৰ্যবাহী সদস্য ডাঃ তুলিৰাম ৰংহাঙে পেৰেডত অংশ গ্ৰহণ কৰা আৰক্ষী, অৰ্ধ সামৰিক বাহিনী, এনচিচি আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ গাৰ্ড অৱ অনাৰ গ্ৰহণ কৰে ৷

কাৰ্বি আংলঙ কাৰাটে এছোচিয়েচনৰ শিক্ষাৰ্থী আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ প্ৰদৰ্শনে উপস্থিত দৰ্শকক আপ্লুত কৰে ৷ স্বাধীনতাৰ দিৱসৰ নিজৰ ভাষণ প্ৰসংগত মুখ্য কাৰ্যবাহী সদস্য ডাঃ তুলিৰাম ৰংহাঙে স্বাধীনতাৰ বাবে প্ৰাণাহুতি দিয়া বীৰ-বীৰাঙ্গনাসকলৰ ত্যাগক সোঁৱৰণ কৰে ৷

ইয়াৰোপৰি স্বাধীনতা দিৱসৰ তাৎপৰ্য বাখ্যা কৰাৰ লগতে বিজেপি চৰকাৰৰ জন কল্যাণমুখী আঁচনি সন্দৰ্ভত বিস্তৃত ভাবে আলোকপাত কৰে ৷ স্বাধীনতা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচীৰ অংশ স্বৰূপে আৰক্ষী, অৰ্দ্ধ সামৰিক বাহিনী, এনচিচি আৰু বিভিন্ন স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলে পেৰেড প্ৰদৰ্শন কৰে ৷

আনহাতে বিভিন্ন সাংস্কৃতিক দল-সংগঠনেও নৃত্য প্ৰদৰ্শন কৰি দৰ্শক সকলক আপ্লুত কৰে ৷ উক্ত কাৰ্যসূচীত বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱা ব্যক্তি আৰু পেৰেডত অংশ গ্ৰহণ কৰা ব্যক্তি সকলক পুৰস্কৃত কৰা হয় ৷ ইয়াৰ ভিতৰত সামাজিক ক্ষেত্ৰত বৰঙনি আগবঢ়োৱা কণ্ঠশিলী শশীকলা হাঞ্চেপী, স্বপ্ন লোকৰ স্বত্বাধিকাৰী নিবেদিতা ঘোষ, ,প্ৰতাপ টেৰণ আৰু মুকুতা হোজাইক, গামোছা আৰু প্ৰশস্তি পত্ৰৰে সম্বৰ্ধনা জনোৱা হয় ৷

স্বাধীনতা দিৱসৰ কাৰ্যসূচীত জিলা আয়ুক্ত মধুমিতা নাথ আৰু জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াৰ লগতে চিআৰপি এফৰ শীৰ্ষ বিষয়া আৰু গণ্য মান্য ব্যক্তিসকল উপস্থিত থাকে ৷ ইয়াৰ পূৰ্বে পুৱাৰ ভাগত গান্ধী পাৰ্কত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বত টীম কাৰ্বি আংলঙে গান্ধীজীৰ প্ৰতিমুৰ্তি আৰু শ্বহীদ বেদীত পুষ্পাঞ্জলি আৰু মাল্যাৰ্পণেৰে গভীৰ শ্ৰদ্ধা নিবেদন কৰে ৷

লগতে পঢ়ক: Independence Day boycott: স্বাধীনতা দিৱস বৰ্জন শিৱসাগৰৰ মুক্তি যুঁজাৰু সন্মিলনীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.