ETV Bharat / state

বোকাজান আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমানৰ অবৈধ অৰুণাচলী সুৰা

author img

By

Published : Mar 22, 2022, 9:48 PM IST

illigal wine seized at khotkhoti
বোকাজান আৰক্ষীৰ অভিযানত জব্দ শ শ কাৰ্টন অবৈধ অৰুণাচলী সুৰা

অবৈধ অৰুণাচলী সুৰাৰ বিৰুদ্ধে অভিযান অব্যাহত বোকাজান আৰক্ষীৰ । পুনৰ আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমানৰ অবৈধ অৰুণাচলী সুৰা (Illegal wine seized at Khotkhoti)। আৰক্ষীৰ জালত পৰিল ট্ৰাক চালক ।

ডিফু, ২২ মাৰ্চ: কাৰ্বি আংলং জিলাৰ খটখটীত আৰক্ষীৰ অভিযানত উদ্ধাৰ বৃহৎ পৰিমানৰ বিলাতী সুৰা ৷ এক গোপন খবৰৰ ভিত্তিত অসম আৰক্ষী আৰু আবকাৰী বিভাগৰ যৌথ অভিযানত আলুভৰ্তি ট্ৰাকৰ পৰা উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী বিলাতী সুৰা (Illegal wine seized at Khotkhoti) ।

সোমবাৰে সন্ধিয়া বোকাজান মহকুমাৰ আৰক্ষী বিষয়া জন দাস নেতৃত্বত খটখটি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজু দুৱৰা আৰু বোকাজান আৱকাৰী বিভাগৰ যুটীয়া অভিযানত এটা পাৰ্কিঙৰ পৰা NL-01N -9178 নম্বৰৰ এখন আলুভৰ্তি ট্ৰাকত ১৭৩ বেগ আলুৰ তলত ৮৩৪ কাৰ্টন অৰুণাচলী বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয় । বোকাজান আৰক্ষীয়ে অভিযান চলাই সুৰাভৰ্তি ট্ৰাকখন জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে ট্ৰাকখনৰ চালকক ।

অবৈধ অৰুণাচলী সুৰাৰ বিৰুদ্ধে অভিযান অব্যাহত বোকাজান আৰক্ষীৰ

জব্দকৃত সুৰাখিনিৰ বজাৰ মূল্য বহু লক্ষাধিক টকাৰ হ’ব বুলি জানিবলৈ দিয়ে বোকাজান আৱকাৰী বিভাগে । উক্ত অবৈধ সুৰা সমূহ ক'ৰ পৰা কলৈ নিয়াৰ পৰিকল্পনা চলাইছিল সেই সন্দৰ্ভত বৰ্তমানেও একো জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে চালক জনক জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: তামুলপুৰত তামোল চোৰৰ তাণ্ডৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.