ETV Bharat / state

খটখটিত গৰজিল আৰক্ষীৰ বন্দুক ; আহত ড্ৰাগছ সৰবৰাহকাৰী

author img

By

Published : Apr 19, 2022, 12:27 PM IST

খটখটিত (Police encounter at Khotkhoti) আৰক্ষীৰ গুলীচালনা ৷ আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত ড্ৰাগছ সৰবৰাহকাৰী নুৰ উদ্দিন ৷ বৰ্তমান ডিফু মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে আহত নুৰ উদ্দিন(Drugs paddler injured in police encounter) ৷

Police firing at Khotkhoti
অসম আৰক্ষীৰ বন্দুক গৰজিল খটখটীত

ডিফু, 19 এপ্ৰিল : সাত বিহুৰ মাজতে অসম আৰক্ষীয়ে ফুটালে গুলী ৷ এইবাৰ অসম আৰক্ষী বন্দুক গৰজিল অসম-নাগালেণ্ড সীমান্তৰ অঞ্চল খটখটিত ৷ আৰক্ষীৰ বেহু ফালি পলায়নৰ চেষ্টা কৰোতেই খটখটি আৰক্ষীয়ে গুলীয়াবলৈ বাধ্য হয় এটা ড্ৰাগছ সৰবৰাহকাৰীক (Police encounter at Khotkhoti) ৷ আৰক্ষীৰ গুলীত আহত হয় ড্ৰাগছ সৰবৰাহকাৰী নুৰ উদ্দিন ৷

ঘটনাৰ বিৱৰণী অনুসৰি, বোকাজান মহকুমাৰ খটখটি থানাৰ সমীপৱৰ্তী এলেকাত সংঘটিত হৈছে এই ঘটনা (Firing incident at Khotkhoti) ৷ খটখটি আৰক্ষীয়ে সোমবাৰে নিশা 100 গ্ৰাম ড্ৰাগছসহ আটক কৰে দুটা সৰবৰাহকাৰীক ৷ অভিযুক্ত নুৰ উদ্দিনৰ স্বীকাৰোক্তিৰ ভিত্তিত মঙলবাৰে আৰক্ষীয়ে তদন্তৰ খাতিৰত ডিমাপুৰত থকা নুৰ উদ্দিনৰ আন সহযোগীক ধৰিবলৈ গৈ আছিল ৷

Police firing at Khotkhoti
আৰক্ষীৰ গুলীত আহত ড্ৰাগছ সৰবৰাহকাৰী নুৰ উদ্দিন

আৰক্ষীৰ এক বিশেষ সূত্ৰই সদৰি কৰা অনুসৰি, ডিমাপুৰলৈ গৈ থকা অৱস্থাতে নুৰ উদ্দিনে 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে আৰক্ষীৰ বেহু ফালি হাবিৰ ফালে পলায়নৰ চেষ্টা কৰে ৷ তাৰ পাচত আৰক্ষীয়ে বাৰম্বাৰ ড্ৰাগছ সৰবৰাহকাৰীটোক ৰখাৰ নিৰ্দেশ দিয়ে ৷ কিন্তু আৰক্ষীৰ কথা অমান্য কৰি হাবিৰ মাজলৈহে পলায়নৰ চেষ্টা কৰে সৰবৰাহকাৰীটোৱে ৷

উপায়ন্তৰ হৈ তেনে সময়তে আৰক্ষীয়ে নুৰ উদ্দিনৰ ভৰিলৈ লক্ষ্য কৰি গুলী কৰিবলৈ বাধ্য হয় ৷ ফলত আৰক্ষীৰ গুলীত আহত হয় ড্ৰাগছ সৰবৰাহকাৰীটো ৷ বৰ্তমান ডিফু মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে আহত নুৰ উদ্দিন(Drugs paddler injured in police encounter) ৷

লগতে পঢ়ক : ৰাক্ষসিনীত আৰক্ষীৰ গুলীত আহত দুৰ্ধৰ্ষ অপৰাধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.