ETV Bharat / state

ৰাক্ষসিনীত আৰক্ষীৰ গুলীত আহত দুৰ্ধৰ্ষ অপৰাধী

author img

By

Published : Mar 30, 2022, 7:48 AM IST

Updated : Mar 30, 2022, 8:52 AM IST

গোৱালপাৰা আৰক্ষীৰ গুলীচালনা(Police firing at Goalpara) ৷ এই গুলীচালনাত আহত হৈছে আব্দুৰ ৰহমান ওৰফে ৰিংকু নামৰ এটা দুৰ্ধৰ্ষ অপৰাধী ৷

criminal-injured-in-police-firing-at-goalpara
ৰাক্ষসিনীত আৰক্ষীৰ গুলীত আহত দুৰ্ধৰ্ষ অপৰাধী

গোৱালপাৰা, 30 মাৰ্চ : গোৱালপাৰাত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা (Police firing at Goalpara) ৷ দুৰ্ধৰ্ষ অপৰাধীলৈ লক্ষ্য কৰি আলক্ষীৰ গুলীচালনা ৷ দুষ্টক দমন, শান্তক পালন এই আপ্ত বাক্যশাৰীকে যেন এতিয়া প্ৰতীয়মান কৰিছে অসম আৰক্ষীয়ে ৷ আৰক্ষীৰ এই গুলীচালনাৰ ঘটনাত আহত হৈছে আব্দুৰ ৰহমান ওৰফে ৰিংকু নামৰ এটা দুৰ্ধৰ্ষ অপৰাধী ৷

ঘটনাৰ বিৱৰণী অনুসৰি, একপ্ৰকাৰ আতংকৰ সৃষ্টি কৰা ৰিংকু নামৰ অপৰাধীটো সমগ্ৰ জিলাখনতে সংঘটিত অপৰাধমূলক কাৰ্যকলাপৰ সৈতে জড়িত আছিল ৷ বিগত কিছুদিন পূৰ্বে গোৱালপাৰাত সংঘটিত হোৱা শিশু অপহৰণৰ কাণ্ডত এইজন ব্যক্তি জড়িত হৈ আছিল ৷ শিশুটিৰ মুক্তিপণ হিচাপে পৰিয়ালক দাবী কৰিছিল 5 লক্ষাধিক টকা ৷ শিশুটিৰ পৰিয়ালে অপহৰণকাৰীক ইতিমধ্যে 3 লক্ষাধিক টকা আদায় দিয়া বুলি জানিব পৰা গৈছে ৷

পৰৱৰ্তী সময়ত মেঘালয়ৰ বাঘমাৰা আৰক্ষীৰ সহযোগত গোৱালপাৰা আৰক্ষীয়ে অভিযান চলাই অপহৃত শিশুটিক উদ্ধাৰ কৰাৰ লগতে দুৰ্ধৰ্ষ অপৰাধী আব্দুৰ ৰহমান ওৰফে ৰিংকুক কৰায়ত্ব কৰে ।

ৰাক্ষসিনীত আৰক্ষীৰ গুলীত আহত দুৰ্ধৰ্ষ অপৰাধী

ইয়াৰ পিছতে জেৰাৰ অন্তত গোৱালপাৰা আৰক্ষীয়ে অস্ত্ৰ-শস্ত্ৰ মজুত থকা এটি গৃহৰ সন্ধানত নি থকা অৱস্থাত ৰাক্ষসিনীত পলায়নৰ চেষ্টা চলায় ৷ যাৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয় (Goalpara police firing) ৷ অপৰাধীজনক কৰায়ত্ত কৰাৰ পিছত সাময়িকভাৱে হ’লেও সকাহ লাভ কৰে গোৱালপাৰা আৰক্ষীয়ে ৷ অপৰাধীটোৰ দুয়োখন ভৰিত গুলী লগাৰ কথা আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে ৷ সম্প্ৰতি ৰিংকুক 200 খন বিচনাযুক্ত গোৱালপাৰা অসামৰিক চিকিৎসালয়ত (200 beded Goalpara Civil Hospital) ভৰ্তি কৰাই চিকিৎসা প্ৰদান কৰি থকা হৈছে ৷

লগতে চাওক: Rajya Sabha Election: কংগ্ৰেছক ভোটদানৰ নিশ্চিতি দিলে অখিল গগৈয়ে

Last Updated :Mar 30, 2022, 8:52 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.