ETV Bharat / state

বকলীয়াঘাটত উপস্থিত CRPFৰ চাইক্লিষ্টৰ দল

author img

By

Published : Sep 3, 2021, 11:23 AM IST

চাইকেলেৰে দিল্লীৰ ৰাজঘাট অভিমুখে যাত্ৰা আৰম্ভ কৰা চি আৰ পি এফৰ জোৱানসকল বৃহস্পতিবাৰে উপস্থিত হ'ল কাৰ্বি আংলঙৰ বকলীয়াঘাটত । ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে দেশজুৰি উদযাপন কৰা অমৃত মহোৎসৱৰ অংশ হিচাপে চি আৰ পি এফে এই ৰেলীৰ আয়োজন কৰে ।

CRPF Cycle rally arrives Bakaliaghat
বকলীয়াঘাটত উপস্থিত CRPFৰ চাইক্লিষ্টৰ দল

ডিফু, ৩ ছেপ্তেম্বৰ: ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ আনন্দ উদযাপন কৰিছে সমগ্ৰ দেশে । অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি দেশৰ ভিন্ন প্ৰান্তত বিভিন্ন অনুষ্ঠান আয়োজন কৰা হৈছে । অমৃত মহোৎসৱ উপলক্ষে ভাৰতীয় সেনা, সশস্ত্ৰ সীমা বল, চি আৰ পিফেও বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে । চি আৰ পি এফে যোৰহাটৰ পৰা দিল্লীলৈ চাইকেল ৰেলীৰ আয়োজন কৰিছে ।

CRPF Cycle rally arrives Bakaliaghat
বকলীয়াঘাটত উপস্থিত CRPFৰ চাইক্লিষ্টৰ দল

যোৱা ১ ছেপ্তেম্বৰত যোৰহাটস্থিত চিআৰপিএফৰ কাৰ্যালয়ৰ পৰা এই চাইকেল ৰেলীৰ শুভাৰম্ভণি কৰা হয় । বৃহস্পতিবাৰে চাইক্লিষ্টৰ দলটো কাৰ্বি আংলঙৰ বকলীয়াঘাটত উপস্থিত হয় । জোৱানসকল বকলীয়াঘাটত উপস্থিত হোৱাৰ লগে লগে স্থানীয় লোকসকলৰ মাজতো এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হয় । জোৱানসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে উক্ত স্থানত উপস্থিত হয় চিআৰপিএফৰ ডি আই জি হনুমান সিং ৰাৱট ।

ভাৰতীয়সকলৰ মাজত ঐক্য আৰু সংহতি অক্ষুণ্ণ ৰখাৰ বাবে এই চাইকেল যাত্ৰাক এক সজাগতাৰ অংশ বুলিও ৰাৱটে অভিহিত কৰে ।

চি আৰ পি এফৰ জোৱানসকলে 'বন্দে মাতৰম', 'ভাৰত মাতা কী জয়' আদি শ্ল'গান দি পুনৰ ৰাজধানী দিল্লী অভিমুখে যাত্ৰা আৰম্ভ কৰে । জানিব পৰা মতে, জোৱানসকলে ২,১৪৯ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি ২ অক্টোৱৰ অৰ্থাৎ গান্ধী জয়ন্তীত দিল্লীৰ ৰাজঘাটত উপস্থিত হ'ব । জোৱানসকলৰ এই ৰেলীৰ প্ৰতি সাধাৰণ ৰাইজেও সমৰ্থন আগবঢ়াইছে ।

লগতে পঢ়ক:চাৰি মাহৰ অন্তত পুনৰ আৰম্ভ হ’ল নৈশ বাছ সেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.