ETV Bharat / state

ডিফুত সাহিত্য-সংস্কৃতি আৰু সম্প্ৰীতি সমাৰোহৰ সফল সামৰণি

author img

By

Published : Apr 10, 2022, 10:04 PM IST

সাহিত্য-সংস্কৃতি আৰু সমপ্ৰীতি সমাৰোহ ২০২২ৰ দেওবাৰে সফল সামৰণি পৰে (Literary culture and harmony ceremony in Diphu)৷ নবীন-প্ৰবীন অৰ্ধশতাধিক কবিৰ স্বৰচিত কবিতাৰে জীপাল বহুভাষিক কবি সন্মিলন ৷

conclusion-of-literary-culture-and-harmony-ceremony-in-diphu
ডিফুত সাহিত্য-সংস্কৃতি আৰু সম্প্ৰীতি সমাৰোহৰ সফল সামৰণি

ডিফু, ১০ এপ্ৰিল : অসম সাহিত্য সভাৰ উদ্যোগত তথা কাৰ্বি সাংস্কৃতিক সমাজ আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সহযোগত ডিফুৰ জয়ছিং দলৈ প্ৰেক্ষাগৃহত শনিবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা সাহিত্য-সংস্কৃতি আৰু সম্প্ৰীতি সমাৰোহ ২০২২ৰ আজি সফল সামৰণি পৰে (Literary culture and harmony ceremony in Diphu) ৷

শনিবাৰে বিয়লি অসমৰ ভালে কেইগৰাকী খ্যাতিমান শিল্পীয়ে সংগীতানুষ্ঠান পৰিৱেশন কৰি দৰ্শকক আপ্লুত কৰাৰ পিছত দেওবাৰে পুৱা ১০ বজাৰ পৰা আৰম্ভ কৰা হয় বহুভাষিক কবি সন্মিলন ৷

ডিফুত সাহিত্য-সংস্কৃতি আৰু সম্প্ৰীতি সমাৰোহৰ সফল সামৰণি

ইফালে, বালিমাহী কবি হিচাপে খ্যাত পদ্মশ্ৰী ধনেশ্বৰ ইংতিয়ে উদ্বোধন কৰা বহু ভাষিক কবি সন্মিলনখনিত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই কবিতা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে (President of Assam Sahitya Sabha present at Diphu) ৷ লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সাংবাদিক প্ৰশান্ত ৰাজগুৰু ৷

কবি ছাৰএৎ হাঞ্চেৰ সঞ্চালনাত এই বহুভাষিক কবি সন্মিলনত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হোৱা অৰ্ধ শতাধিক নবীন-প্ৰবীন কবিয়ে বিভিন্ন ভাষাত স্বৰচিত নিজ নিজ কবিতা সমূহ পাঠ কৰে ৷ অসমীয়া, কাৰ্বি, বড়ো, ডিমাচা আদি বিভিন্ন ভাষাত পাঠ হোৱা কাব্য পাঠে সন্মিলনখনিক জীপাল কৰি তোলে ৷ বিয়লি সম্প্ৰীতিৰ সমাৰোহেৰে উক্ত কাৰ্যসূচীৰ সফল সামৰণি পৰে ৷

লগতে পঢ়ক : বাঁহৰ ওলমি বাদুলী ওলমা ছেও অনুশীলন অশীতিপৰ ওজা জয়ৰাম খঙীয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.