ETV Bharat / state

Covid vaccination ৰ বুজ লবলৈ ডিফুত মুখ্য সচিব জিঞ্চু বৰুৱা

author img

By

Published : Nov 19, 2021, 10:37 PM IST

chief secretary of  assam jishnu baruah visits  karbi anglong for Covid vaccination update
Covid vaccination ৰ বুজ লবলৈ ডিফুত মুখ্য সচিব জিঞ্চু বৰুৱা

কৰ’ণা প্ৰতিষেধক প্ৰদানৰ বুজ লবলৈ ডিফুত ৰাজ্যৰ মুখ্য সচিব জিঞ্চু বৰুৱা ৷ ৰাজ্যত এশ শতাংশ টীকাকৰণৰ বাবে আৰম্ভ কৰা হব মেগা অভিযান ৷

ডিফু, ১৯ নৱেম্বৰ : বিগত দুটা বছৰ ধৰি সমগ্র দেশজুৰি কৰ’ণাৰ সংক্রমণে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পিছত যুদ্ধকালীন তৎপৰতাৰে স্বাস্থ্য বিভাগে কৰ’ণাৰ প্রতিষেধক প্রদানৰ প্রক্রিয়া অব্যাহত ৰখাৰ মাজতে পাহাৰীয়া জিলা কার্বি আংলঙত কৰ’ণাৰ প্রতিষেধক প্রদান প্রক্রিয়াৰ অগ্রগতিৰ বুজ লবলৈ শুকুৰবাৰে পাহাৰীয়া জিলা কার্বি আংলঙত উপস্থিত হয় অসম চৰকাৰৰ মুখ্য সচিব জিঞ্চু বৰুৱা ।

শুকুৰাবাৰৰ দিনটোত কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ সচিবালয়ত এক গুৰুত্বপূর্ণ বৈঠকত অংশগ্রহণ কৰি অসম চৰকাৰৰ মুখ্য সচিবগৰাকীয়ে জিলাখনৰ ক‘ভিড প্রতিষেধক প্রদান প্রক্রিয়াৰ অগ্রগতিৰ বুজ লয় । কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ কার্যবাহী সদস্য খনছিং ৰংপিৰ সভাপতিত্বত অনুষ্ঠিত হােৱা এই গুৰুত্বপূর্ণ বৈঠকখনত দুয়ােখন পাহাৰীয়া জিলাৰ উপায়ুক্ত, পৰিষদ আৰু ৰাষ্ট্রীয় স্বাস্থ্য অভিযানৰ বিষয়াসকলে অংশগ্রহণ কৰে ৷

বৈঠকৰ অন্তত সাংবাদিকৰে হােৱা বার্তালাপত অসম চৰকাৰৰ মুখ্য সচিবগৰাকীয়ে কয় যে, এতিয়াৰে পৰা কার্বি আংলং জিলাত নির্বাচনৰ ভােট কেন্দ্র ভিত্তিক ক’ভিডৰ টীকাকৰণ কৰাৰ ব্যৱস্থা কৰা হব।

Covid vaccination ৰ বুজ লবলৈ ডিফুত মুখ্য সচিব জিঞ্চু বৰুৱা

ৰাজ্যত এতিয়াও ৯ লাখ লােকে ক’ভিডৰ প্রথম পালি গ্রহণ কৰা নাই বুলি মুখ্য সচিবগবাকীয়ে ব্যক্ত কৰে । সেয়েহে, ডিচেম্বৰত মুখ্যমন্ত্ৰীকে ধৰি সকলোৱে ৰাজ্যত এশ শতাংশ টীকাকৰণৰ এক বৃহৎ সজাগতা অভিযান আৰম্ভ কৰিব । আনহাতে, কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ কার্যবাহী সদস্য খনছিং ৰংপিয়ে পৰবর্তী সময়ত টীকাকৰণ অভিযান সম্পর্কে মন্তব্য প্রকাশ কৰি অহা তিনিদিনৰ ভিতৰত জিলাখনত টীকাকৰণ অভিযানে এক ইতিবাচক দিশ লাভ কৰিব বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ।


লগতে পঢ়ক : ANTI CAA PROTEST: বাতিল হ’ল কৃষি বিধেয়ক, সমসাময়িক CAA আন্দোলন সন্দৰ্ভত কি কয় শংকৰজ্যোতিয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.