ETV Bharat / state

Assam Governor in Diphu : ডিফুত এদিনীয়া কাৰ্যসূচীৰে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া

author img

By

Published : Aug 17, 2023, 6:56 PM IST

এদিনীয়া ভ্ৰমণ সূচীৰে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুত উপস্থিত হয় অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া ৷ ডিফুত জিলা প্ৰশাসন আৰু আৰক্ষীৰ সৈতে আইন -শৃংখলাৰ এক সভাত অংশগ্ৰহণ কৰাৰ পিছত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, সাংসদ, বিধায়ক আৰু পৰিষদৰ অধীনস্থ বিভাগীয় বিষয়া-কৰ্মচাৰীৰ সৈতে চৰকাৰ বিভিন্ন উন্নয়নমূলক আঁচনি সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় তেওঁ ৷

Assam Governor Gulab Chand Kataria visit Diphu
ডিফুত উপস্থিত হয় অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া

এদিনীয়া ভ্ৰমণ সূচীৰে ডিফুত উপস্থিত হয় অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া

ডিফু, 17 আগষ্ট : বৃহস্পতিবাৰে পুৱাৰ ভাগত এদিনীয়া ভ্ৰমণ সূচীৰে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুত উপস্থিত হয় অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া ৷ গুৱাহাটীৰ পৰা জেড প্লাছ নিৰাপত্তাৱেষ্টনীৰ মাজত উজনিমুৱা জনশতাব্দী ৰে’লৰ জৰিয়তে পুৱা ১০ বজাত ডিফু ৰে’ল ষ্টেছনত উপস্থিত হয় ৰাজ্যপাল গৰাকী ৷ ডিফু ৰে’ল ষ্টেছনত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, সাংসদ হৰেণছিং বে' বিধায়কদ্বয় বিদ্যাছিং ইংলেং আৰু দৰছিং ৰংহাঙৰ নেতৃত্বত এটা দলে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াক উষ্ম আদৰণি জনায় ৷

ইয়াৰ পাছত ডিফু ৰে’লৱে চৌহদত আৰক্ষীৰ জৰিয়তে প্ৰদৰ্শন কৰা গাৰ্ড অৱ অনাৰ গ্ৰহণ কৰে ৰাজ্যপাল গৰাকীয়ে ৷ ইয়াৰ পিছৰ কাৰ্যসূচী অনুসৰি ক্ৰমে ৰাজ্যপাল গৰাকীয়ে ডিফুত জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ সৈতে আইন -শৃংখলাৰ এক সভাত অংশগ্ৰহণ কৰাৰ পিছত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, সাংসদ, বিধায়ক আৰু পৰিষদৰ অধীনস্থ বিভাগীয় বিষয়া কৰ্মচাৰীৰ সৈতে চৰকাৰ বিভিন্ন উন্নয়নমূলক আঁচনি সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় ৷

ৰাজ্যপালৰ দায়িত্ব লোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ডিফুত উপস্থিত হোৱা ৰাজ্যপাল কাটাৰিয়াই কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ নেতৃত্ব আৰু বিষয়া সকলৰ লগত জিলাখনৰ প্ৰগতিৰ খতিয়ান লয় ৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনি সমূহ সঠিকভাবে ৰূপায়িত হৈছে নে নাই তাৰো তেওঁ বিষয়া সকলৰ পৰা আৰু হিতাধিকাৰীৰ পৰা বুজ লয় ৷ লগতে বিভিন্ন দল-সংগঠনৰ নেতৃত্বৰ লগত তেওঁ কিছু সময় আলোচনা কৰে ৷

সংবাদ মাধ্যমৰ আগত ৰাজ্যপাল গৰাকীয়ে উন্নয়ন সঠিক দিশত হোৱা বুলি কয় ৷ আনহাতে ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্ধাৰণ নিৰ্বাচন আয়োগৰ কৰ্তৃত্বৰ বিষয় বুলি মন্তব্য কৰে ৰাজ্যপাল গৰাকীয়ে ৷ সীমান্তৰ সমস্যা আলোচনাৰ মাধ্যমেৰে সমাধানৰ পোষকতা কৰাৰ লগতে স্বায়ত্ত্বশাসিত ৰাজ্যৰ দাবীটো পুৰণি আৰু আলোচনা চলি থকা বুলি মন্তব্য কৰে তেওঁ ৷ ইয়াৰ পিছত ৰাজ্যপাল গৰাকীয়ে পৰিষদৰ গেষ্ট হাউছত জিৰণি লোৱাৰ পিছত ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল পৰিদৰ্শন কৰি চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ সৈতে এক আলোচনাত মিলিত হৈ পুনৰ নামনিমুৱা জনশতাব্দী ৰে’লযোগে গুৱাহাটীলৈ যায় বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : Cabinet approves Railways Projects : কেন্দ্ৰীয় কেবিনেটে ৭টা কি কি ৰে'ল প্ৰকল্প অনুমোদন জনাইছে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.